বৈদিক বা হিন্দু ৰীতি-নীতিৰে সম্পন্ন হোৱা বিবাহ বৈধ, তাত স্থানৰ কোনো গুৰুত্ব নাইঃ ন্যায়ালয়

হিন্দু ৰীতি-নীতিৰে সম্পন্ন হোৱা বিবাহ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে। এক গোচৰৰ শুনানিৰ সময়ত ন্যায়ালয়ে কয় যে, স্থানৰ গুৰুত্বপূৰ্ণ নহয়, হিন্দু ৰীতি-নীতি অনুসৰি সম্পন্ন হোৱা বিবাহ বৈধ।

বৈদিক বা হিন্দু ৰীতি-নীতিৰে সম্পন্ন হোৱা বিবাহ বৈধ, তাত স্থানৰ কোনো গুৰুত্ব নাইঃ ন্যায়ালয়

হিন্দু বিবাহ

Published: 

18 Apr 2025 10:31 AM

এটা গোচৰৰ শুনানিৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ে বিবাহৰ স্বীকৃতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ন্যায়ালয়ে কয় যে, হিন্দু ৰীতি-নীতি অনুসৰি সম্পন্ন হোৱা বিবাহ বৈধ। এই ক্ষেত্ৰত বিবাহ মন্দিৰ, ঘৰ বা মুকলি যিকোনো ঠাইত হ’ব পাৰে। বিবাহৰ বৈধতাৰ ক্ষেত্ৰত স্থানৰ গুৰুত্ব নাই। উল্লেখ কৰা প্ৰয়োজন যে, ন্যায়ালয়ৰ কাষৰ আৰ্য সমাজৰ এটা মন্দিৰক হিন্দু দম্পতীৰ বিবাহ সম্পন্ন হৈছিল। এই বিবাহৰ বৈধতাক লৈ বিভিন্নজনে  প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেই সম্পৰ্কীয় গোচৰতেই আদালতে এই মন্তব্য প্ৰদান কৰে।

ন্যায়ালয়ে কয় যে, যদি বিয়া বৈদিক বা অন্য প্ৰাসংগিক হিন্দু ৰীতি-নীতি আৰু অনুষ্ঠান অনুসৰি কৰা হয়, তেন্তে আৰ্য সমাজৰ মন্দিৰত হিন্দু পুৰুষ-মহিলাৰ বিবাহ ‘হিন্দু বিবাহ আইন ১৯৫৫’ৰ ধাৰা ৭ ৰ অধীনত বৈধ।

ন্যায়াধীশে কি কয়

ন্যায়াধীশ অৰুণ কুমাৰ সিং দেশৱালৰ বিচাৰপীঠে কয় যে, যদিহে আৰ্য সমাজৰ মন্দিৰত বিবাহ বৈদিক পৰম্পৰা অনুসৰি সম্পন্ন হয়, য’ত হিন্দু ৰীতি-নীতি আৰু কন্যাদান, পানীগ্ৰহণ, সপ্তপদী, সেন্দূৰ দিয়াৰ সময়ত মন্ত্ৰ আদি অন্তৰ্ভুক্ত থাকে তেন্তে এই অনুষ্ঠানে ১৯৯৫ আইনৰ ৭ নং ধাৰাৰ প্ৰয়োজনীয়তা সম্পূৰ্ণ কৰে।

ন্যায়ালয়ে এয়াও স্পষ্ট কৰি দিয়ে যে, আৰ্য সমাজে প্ৰদান কৰা প্ৰমাণ পত্ৰত বিবাহৰ বৈধতাত আইনী প্ৰমাণ নাথাকিব পাৰে কিন্তু সেই প্ৰমাণ পত্ৰক ‘আৱৰ্জনা’ বুলি ক’ব নোৱাৰি। কিয়নো এই ক্ষেত্ৰত সাক্ষ্য পুৰোহিত আৰু ভাৰতীয় সাক্ষ্য আইন ২০২৩ ৰ অধীনত পুৰোহিতে সাক্ষী দিব পাৰে।

আবেদন খাৰিজ

আবেদনকাৰীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৯৮-এ ধাৰাত এচিজেএম বাৰেলীৰ আদালতত তেওঁৰ বিৰুদ্ধে চলি থকা অপৰাধমূলক কাৰ্য বাতিল কৰিবলৈ আহ্বান জনাইছিল। আবেদনত (স্বামী পক্ষই) যুক্তি দি কৈছিল যে,  তেওঁৰ বিবাহ বিপক্ষ সংখ্যা ২ ৰ সৈতে আৰ্য মন্দিৰত হৈছিল। যাৰ বাবে এই বিবাহ বৈধ নহয়। গতিকে তেওঁৰ বিৰুদ্ধে ৪৯৮-এ আই পি চি ধাৰাত গোচৰ ৰুজু কৰিব নোৱাৰে।  কিন্তু মহাৰাজ সিঙৰ এই আবেদন খাৰিজ কৰে ন্যায়ালয়ে।

আবেদনকাৰীয়ে লগতে এয়াও কৈছে যে, প্ৰকৃততে আৰ্য মন্দিৰত কোনো বিয়া হোৱা নাছিল। তেওঁৰ পত্নীয়ে প্ৰদান কৰা বিবাহৰ প্ৰমাণ পত্ৰ আৰ্য সমাজে ভুলকৈ প্ৰস্তুত কৰিছে।

অধিবক্তাই কি কয়

চৰকাৰী অধিবক্তাৰ মতে, বিপক্ষৰ মন্তব্য আৰু পুৰোহিতৰ সাক্ষ্যৰ পৰা এয়া স্পষ্ট হৈ পৰে যে হিন্দু ৰীতি-নীতি অনুসৰি এই বিবাহ সম্পন্ন হৈছিল। আৰ্য সমাজৰ মন্দিৰত সম্পন্ন হোৱা বাবে এই বিবাহক অবৈধ বুলি ক’ব নোৱাৰি।

ন্যায়ালয়ে কি ক’লে

আদালতে হিন্দু বিবাহৰ ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটৰ বিষয়ে উল্লেখ কৰি কয় যে “হিন্দু ধৰ্ম, যাক সনাতন ধৰ্ম (অৰ্থাৎ ‘চিৰন্তন ধৰ্ম’) বুলিও কোৱা হয়, পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম। ইয়াৰ উপৰিও হিন্দু ধৰ্ম হৈছে এক গতিশীল আৰু বিকশিত পৰম্পৰা, যিটো সদায় সংস্কাৰৰ বাবে মুকলি হৈ আহিছে।

ন্যায়ালয়ে কয় যে, হিন্দু ৰীতি-নীতি অনুসৰি আৰ্য সমাজৰ ৰাধা ৰাণী মন্দিৰত এই বিবাহ সম্পন্ন কৰা হৈছে। গতিকে  ১৯৭৩ বা বিবাহ পঞ্জীয়ন আইন বা  ২০১৭ৰ অধীনত পঞ্জীয়ন নোহোৱাৰ পিছতো বিবাহ বৈধ আছিল। কাৰণ পঞ্জীয়ন নকৰাৰ ফলত বৈধ বিবাহক অবৈধ বুলি ক’ব নোৱাৰি।

 

কাইলৈ চেৰা বিহু, সাত বিহুৰ শেষৰ দিনটোৰ পৰম্পৰাৰ বিষয়ে জানো আহক
এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়