শোকাৱহ! ১৫০০ ফুট দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, শিশুসহ ৪জন নিহত, গুৰুতৰভাৱে আহত ২৪জন

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ১৫০০ ফুট গভীৰ খাৱৈত পৰিল যাত্ৰীভৰ্তি বাছ। ঘটনাস্থলীতে মৃত্যু হয় এটি শিশুসহ চাৰিজন লোকৰ। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পাছত আৰক্ষী আৰু সাহায্য দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

শোকাৱহ! ১৫০০ ফুট দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, শিশুসহ ৪জন নিহত,  গুৰুতৰভাৱে আহত ২৪জন

উত্তৰাখণ্ডৰ শোকাৱহ দুৰ্ঘটনা

Updated On: 

25 Dec 2024 19:29 PM

নৱবৰ্ষ উদযাপনৰ প্ৰাকক্ষণত বুধবাৰে ৰাতিপুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলীতে দুজন মহিলা আৰু এটা শিশুসহ চাৰিজন লোকৰ মৃত্যু হয়। একে সময়তে, বাছখনত থকা ২৪ জন লোক গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছখনত থকা ২৮জন লোক বিভিন্ন স্থানত ছিটিকি পৰিছিল। ঘটনাটোৰ খবৰ পোৱাৰ পিছত, সাহায্য আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু সকলো আহতক খাৱৈৰ পৰা বাহিৰলৈ লৈ উলিয়াই চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এই ভয়ংকৰ দুৰ্ঘটনাটো উত্তৰাখণ্ডৰ কুমাও মণ্ডলৰ ভীমতাল-ৰাণীবাগ পথৰ আমদালিৰ ওচৰত সংঘটিত হৈছে। আলমোৰাৰ পৰা হলদ্বানিলৈ যোৱাৰ পথত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ১,৫০০ ফুট গভীৰ খাৱৈত পৰি যায়। ঘটনাটো এনে এটা ঠাইত সংঘটিত হৈছিল য’ত এখন থিয় পাহাৰ আছে। সেয়েহে, আঘাতপ্ৰাপ্তসকলক তলৰ পৰা ওপৰলৈ অনাটো অতি কঠিন হৈ পৰিছিল। এনে পৰিস্থিতিত, সাহায্য কৰ্মীসকলে ৰছীৰ সহায়ত আহতসকলক কান্ধত লৈ আহে। আৰক্ষীয়ে জনোৱা অনুসৰি, আহতসকলক চিএইচচিলৈ লৈ যোৱা হৈছিল, য’ৰ পৰা গুৰুতৰভাৱে আহতসকলক সংকটজনক অৱস্থাত ডাঙৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে। প্ৰশাসনৰ মতে, দুৰ্ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, সুশীল তিৱাৰী চিকিৎসালয়ক সতৰ্ক কৰি ৰখা হৈছে। হলদ্বানিৰ পৰা ঘটনাস্থলীলৈ ১৫খন এম্বুলেন্স প্ৰেৰণ কৰা হৈছে।

মুখ্যমন্ত্ৰী ধামীৰ শোক প্ৰকাশ

এছপি চিটি নয়নিতাল ড০ জগদীশ চন্দ্ৰৰ মতে, গুৰুতৰ ভাৱে আহতসকলক উচ্চ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। এতিয়ালৈকে ২৪জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে। আনহাতে, বনফুলপুৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীৰজ ভাকুনীয়ে চাৰিজন লোকৰ মৃত্যু নিশ্চিত কৰিছে। ইফালে দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে । ছ’চিয়েল মিডিয়াযোগে শোক প্ৰকাশ কৰি তেওঁ কয় যে, প্ৰশাসনক তাৎক্ষণিক সাহায্য আৰু উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁ লিখিছে , “সকলো যাত্ৰীৰ সুৰক্ষাৰ বাবে বাবা কেদাৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ”।

মুখ্যমন্ত্ৰী ধামীয়ে তেওঁৰ পোষ্টত কয় যে, “এই দুৰ্ঘটনাত ৪জন লোকৰ মৃত্যুৰ বাতৰি অত্যন্ত হৃদয়বিদাৰক”। তেওঁ বিদেহী আত্মাসকলৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰি কয়, যে গুৰুতৰভাৱে আহতসকলক সুশীলা তিৱাৰী চৰকাৰী চিকিৎসালয় হলদ্বানিত ভৰ্তি কৰোৱা হৈছে। AIIMS ঋষিকেশৰ এটা চিকিৎসকৰ দল উক্ত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

তথ্য অনুসৰি, দুৰ্ঘটনাত পতিত হোৱা বাছখন হলদ্বানি ডিপোৰ। বাছখনে প্ৰতিপুৱা ৭.৩০ বজাত হলদ্বানি এৰে আৰু ৰাতিটো থকাৰ পিছত পিছদিনা পুৱা ৬ বজাত হলদ্বানিতলৈ উভতি আহে। চালক ৰমেশ চন্দ্ৰ পাণ্ডে আৰু কণ্ডাক্টৰ গিৰীশ দানিও দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পাছত, ঘটনাস্থলীত উপস্থিত হৈছে এআৰএম সঞ্জয় পাণ্ডে আৰু অন্যান্য বিষয়া।

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...