দেৱালীৰ আনন্দৰ মাজতেই মৰ্মান্তিক ঘটনা! ফটকা ফুটি ১৫০ৰো অধিক আহত

kerala: এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত ১৫০ জনতকৈ অধিকলোক আহত হয়। আহতসকলক লগে লগে হাস্পাতাললৈ লৈ যোৱা হয় যদিও ইয়াৰে ৮ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

দেৱালীৰ আনন্দৰ মাজতেই মৰ্মান্তিক ঘটনা! ফটকা ফুটি ১৫০ৰো অধিক আহত

আতচবাজি

Updated On: 

29 Oct 2024 09:31 AM

এতিয়া চাৰিওফালে দীপাৱলীৰ উছাহ। পোহৰৰ উৎসৱ দীপাৱলীক লৈ ইতিমধ্যে সকলোৰে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। উৎসৱমুখৰ এই পৰিৱেশৰ মাজতে পোহৰলৈ আহিছে এক শোকাবহ ঘটনা। মন্দিৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ সময়ত হোৱা আতচবাজীয়ে বিভিন্নজনৰ জীৱনলৈ মাতি আনিলে বিপদ। আতচবাজিৰ ভঁৰালত ভয়ংকৰ বিস্ফোৰণ হোৱাৰ ফলত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত ১৫০ জনতকৈ অধিকলোক আহত হয় আৰু ইয়াৰে ৮ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হৈছে কেৰালাৰ কাছাৰাগোৰত।

এই দুৰ্ঘটনা সোমবাৰে নিশা নীলেশ্বৰমৰ ওচৰৰ এটা মন্দিৰত সংঘটিত হয়। ঘটনাৰ পাছতেই আহতসকলক কাছাৰাগোৰ, কন্নুৰ আৰু মংগলুৰৰ হাস্পাতালত ভৰ্তি কৰোৱা হয়। উদ্বেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি ঘটনাস্থলীত জিলা আৰক্ষী অধীক্ষকে ধৰি জিলা প্ৰশাসনৰ কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হয়। তেওঁলোকে ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে বিভাগীয় কৰ্তৃপক্ষত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আৰক্ষীয়ে সন্দেহ কৰিছে যে বীৰাকাভু মন্দিৰৰ সমীপৰ এটা ষ্ট’ৰত ফটকা ৰখা হৈছিল। এই ঠাইখিনিত জুই লগাৰ ফলতেই ভয়ংকৰ ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে- অঞ্জুতাম্বালম বীৰৰকাভু মন্দিৰত বাৰ্ষিক কলিয়াট্টম উৎসৱ পালন কৰা হৈছিল। এই অনুষ্ঠানৰ বাবে প্ৰশাসনে আতচবাজীৰ অনুমতিও দিছিল। উৎসৱৰ বাবে প্ৰয়োজনীয় ফটকাসমূহ এটা ঠাইত সংৰক্ষিত কৰি ৰখা হৈছিল। কিন্তু নিশা প্ৰায় ১২.৩০ বজাত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। তাৰ পাছতেই এটাৰ পাছত আন এটা বিস্ফোৰণ হ’বলৈ ধৰে। একাধিক ফটকা একেলগে ফুটাৰ ফলত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়।

ঘটনাৰ সময়ত উক্তস্থানত বহুলোকৰ ভিৰ আছিল। এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত ১৫০ জনতকৈ অধিকলোক আহত হয়। আহতসকলক লগে লগে হাস্পাতাললৈ লৈ যোৱা হয় যদিও ইয়াৰে ৮ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এইসকলৰ চিকিৎসা বৰ্তমান চলি আছে। আহতসকলক ভিতৰত মহিলা আৰু শিশুও আছে।

অগ্নিকাণ্ডৰ পাছত স্থানীয়লোকে লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত এতিয়াও উক্ত অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰি আছে। এই সমগ্ৰ অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্ততহে জানিব পৰা যাব কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হয় বা ফটকা থকা সুৰক্ষিত ঠাইত কেনেকৈ জুই লাগে।

খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...
দিল্লীত কিয় উপলব্ধ নহয় কেৰাচিন?
৮২৩ বছৰ পাছত বিৰল সংযোগ! কিয় মুছলিম সকলৰ বাবে বিশেষ জানুৱাৰী মাহটো...