5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে ৬জনে, আহত ৭জন…

এখন তীব্ৰ বেগী ট্ৰাকে আন এখন ট্ৰাকক অভাৰটেক কৰিবলৈ চেষ্টা কৰিছিল। তেনে সময়তে তীব্ৰবেগী ট্ৰাকখনে পথেৰে গৈ থকা আনখন বাহনত প্ৰচণ্ড যোৰে খুন্দা মাৰে। যাৰ ফলত এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু থিতাতে ৬ জনলোকৰ মৃত্যু হয়

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে ৬জনে, আহত ৭জন…
বাহনখন
barasha-sarma
Barasha Sarma | Published: 16 Dec 2024 17:25 PM

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কেইবাজনে। তীব্ৰ বেগী ট্ৰাক আৰু অন্য এখন বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত থিতাতে ৬ জনলোক নিহত হোৱাৰ লগতে আহত হয় প্ৰায় ৭ জন। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ বালোদত। জানিব পৰা মতে দেওবাৰে নিশা প্ৰায় ১২ মান বজাত এই পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাৰ সময়ত গাড়ীখনত ১৩ জনলোক আছিল।

এই মৰ্মান্তিক ঘটনাৰ ফলত গাড়ীখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়, আনহাতে পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকৰ চালকে । দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত ৪ গৰাকী মহিলা, এজন পুৰুষ আৰু এটি শিশু আছে। দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে গাড়ীৰ ভিতৰত আটাইকেইজন আৱদ্ধ হৈ পৰিছিল। ঘন্টাৰ পাছত ঘন্টা ধৰি চেষ্টা কৰাৰ অন্তত আৰক্ষীয়ে মৃতদেহৰ লগতে আহতসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগে লগে আৰক্ষীয়ে আহতসকলক হাস্পাতাললৈ প্ৰেৰণ কৰে। এই আটাইকেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আহতসকলক দৌন্দিলৈ লৈ যোৱা হয়। আহতসকলৰ অৱস্থা অতি বেয়া আছিল যাৰ বাবে প্ৰাথমিক চিকিৎসাৰ অন্তত গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক ৰাজনান্দগাঁও জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। লাভ কৰা তথ্য অনুসৰি গাড়ীখনত থকা লোকসকলে নামকৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি দৌন্দীৰ পৰা নিজৰ গাওঁ গুৰেডালৈ উভতি আহি আছিল। তাৰ পিছত ভানুপ্ৰত্প্পুৰ-দল্লী ৰাজহৰা মূল পথত এই দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, ট্ৰাক চালকৰ ভুলৰ বাবে বাহনখনত থকা ৬ জনলোকে প্ৰাণ হেৰুৱায়। ঘটনাৰ বিৱৰণী অনুসৰি দল্লীৰাঝাৰ পৰা ভানুপ্ৰত্পপুৰ অভিমুখে গৈ থকা এখন তীব্ৰ বেগী ট্ৰাকে আন এখন ট্ৰাকক অভাৰটেক কৰিবলৈ চেষ্টা কৰিছিল। তেনে সময়তে তীব্ৰবেগী ট্ৰাকখনে পথেৰে গৈ থকা আনখন বাহনত প্ৰচণ্ড যোৰে খুন্দা মাৰে। যাৰ ফলত এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু থিতাতে ৬ জনলোকৰ মৃত্যু হয়। এই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকৰ চালকে। বৰ্তমান ট্ৰাকৰ চালকক বিচাৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Latest News