শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱা পহলগামৰ পৰা অমৰনাথ গুহাৰ দূৰত্ব কিমান? কিদৰে, কেইটা পথেৰে পাবগৈ পাৰি অমৰনাথ গুহা?

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অমৰনাথ যাত্ৰাৰ ক্ষেত্ৰতো শংকাৰ সৃষ্টি হৈছে । এইবাৰ ৩ জুলাইৰ পৰা আৰম্ভ হ'ব এই যাত্ৰা । পহলগামৰ মাজেৰেই পাৰ হৈ যায় হাজাৰ হাজাৰ তীৰ্থযাত্ৰী ।

সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱা পহলগামৰ পৰা অমৰনাথ গুহাৰ দূৰত্ব কিমান? কিদৰে, কেইটা পথেৰে পাবগৈ পাৰি অমৰনাথ গুহা?
অমৰনাথ গুহাImage Credit source: Yawar Nazir/Getty Images
raj-saikia
Raj Saikia | Published: 24 Apr 2025 00:13 AM

বৰ্তমান জম্মু-কাশ্মীৰৰ পহলগামক লৈ বিশ্বজুৰি চৰ্চা চলি আছে । যোৱা মঙলবাৰে এই পহলগামতে সন্ত্ৰাসবাদীয়ে নিৰীহ আৰু নিৰস্ত্ৰ লোকক গুলীয়াই হত্যা কৰিছিল । সন্ত্ৰাসবাদীৰ এই কাপুৰুষালি কাৰ্যত ২৬ জন লোকে প্ৰাণ হেৰুৱালে । চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে একাংশ আহত । সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে আৰু সকলোৱে মাত্ৰ এটা কথা কৈছে যে এই সন্ত্ৰাসবাদীক নিৰ্মূল কৰিব লাগে । কিন্তু এই ঘটনাৰ মাজতে বাতৰিৰ শিৰোনামলৈ আহিছে পহলগামৰ আন এক কাহিনী । এই একেই পহলগামৰ পৰাই আৰম্ভ হয় বৰফনী বাবা নামেৰে বিখ্যাত বাবা অমৰনাথৰ যাত্ৰা । পহলগামৰ মাজেৰেই পাৰ হৈ যায় হাজাৰ হাজাৰ তীৰ্থযাত্ৰী । পহলগামৰ পৰা অমৰনাথ গুহালৈ কিমান দূৰত্ব, কেইটা পথ আছে যাৰ মাজেৰে তীৰ্থযাত্ৰীসকলে যাত্ৰা কৰে?

দৰাচলতে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অমৰনাথ যাত্ৰাৰ ক্ষেত্ৰতো শংকাৰ সৃষ্টি হৈছে । এইবাৰ ৩ জুলাইৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা । প্ৰতি বছৰে শাওণ মাহত আৰম্ভ হোৱা এই যাত্ৰাৰ সামৰণি পৰে শাওণৰ পূৰ্ণিমাৰ দিনটোত । ভগৱান শিৱৰ পবিত্ৰ বৰফৰ লিংগ ৰূপৰ দৰ্শনৰ বাবে পঞ্জীয়নো আৰম্ভ হৈছে । ভক্তসকলে অনলাইন আৰু অফলাইন দুয়োটা প্ৰক্ৰিয়াৰ জৰিয়তে যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিছে ।

৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰাৰ সামৰণি পৰিব ৯ আগষ্টত । এই ভ্ৰমণৰ বাবে পঞ্জীয়ন ১৪ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে । প্ৰতিজন ব্যক্তিৰ বাবে ২২০ টকা পঞ্জীয়ন মাচুল । শ্ৰী অমৰনাথজী শ্ৰাইন বৰ্ডে সমগ্ৰ ভাৰতত ৫৩৩ টাতকৈও অধিক বেংক শাখা নিৰ্ধাৰণ কৰিছে । ভক্তসকলে এই বেংকৰ শাখাবোৰলৈ গৈ নিজৰ পঞ্জীয়ন কৰি আছে । সমগ্ৰ দেশতে পঞ্জাৱ নেচনেল বেংকৰ ৩০৯টা শাখা, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ৯৯টা শাখা, জম্মু আৰু কাশ্মীৰ বেংকৰ ৯১টা শাখা আৰু য়েছ বেংকৰ ৩৪টা শাখা আছে । পঞ্জীয়নৰ সময়ত ভক্তসকলে কেৱাইচি আৰু স্বাস্থ্যৰ প্ৰমাণ পত্ৰও জমা দিব লাগিব ।

অমৰনাথ যাত্ৰাৰ বাবে কেইটা পথ আছে ?
বাবা বৰফনীৰ পবিত্ৰ অমৰনাথ গুহা সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৩ হাজাৰ ফুট উচ্চতাত অৱস্থিত । বাবা অমৰনাথৰ গুহালৈ যাবলৈ দুটা পথ । প্ৰথম পথটো দক্ষিণ কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ বাল্টালৰ পৰা আৰম্ভ হয় । আনটো পথ অনন্তনাগ জিলাৰ পহলগামৰ পৰা আৰম্ভ হয়, য’ত এই সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে ।

পথ ১- পহলগাম
এই সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা পহলগামৰ পৰাই অমৰনাথ যাত্ৰা আৰম্ভ হয় । অধিকাংশ ভক্তই কেৱল পহলগামৰ পৰা অমৰনাথলৈ যাত্ৰা কৰাটো পছন্দ কৰে । ইয়াৰ পৰা পবিত্ৰ গুহালৈ দূৰত্ব ৪৮ কিলোমিটাৰ । ভক্তই এই দূৰত্ব খোজকাঢ়ি অতিক্ৰম কৰে । এই পথেৰে গুহাটো পাবলৈ প্ৰথমে পহলগাম, চন্দনবাড়ী, পিছু টপ, জোজী বাল, নাগ কোটি, শেষনাগ, ৱাৰবাল, মহাগুনাছ টপ, পবিবল, পঞ্চতৰ্ণী আৰু শেষত সংগম পায় ।

সংগমৰ পৰা অমৰনাথ গুহাৰ দূৰত্ব মাত্ৰ তিনি কিলোমিটাৰ । যাত্ৰা কৰা তীৰ্থযাত্ৰীসকলে, বিভিন্ন স্থানত জিৰণি লৈ বাবা বৰফানীৰ গুহাত উপস্থিত হয় । এই ৪৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কমেও ৫ দিন লাগে ।

২ নং পথ- বাল্টাল
বাবা বৰফনীৰ গুহাত তীৰ্থযাত্ৰীসকল উপস্থিত হ’বলৈ আন এটা পথো আছে । এই পথটো গণ্ডাৰবল জিলাৰ বাল্টালৰ পৰা আৰম্ভ হয় । এই পথত বাল্টালৰ পাছত ডোমালি, বাৰাৰী আৰু তাৰ পিছত সংগম আহে । এই পথটো মাত্ৰ ১৪ কিলোমিটাৰ দীঘল, যাৰ তিনিটা ষ্টপ আছে । অৱশ্যে ঠেক পথৰ বাবে তীৰ্থযাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় । মাজতে দ খাৱৈও আছে । এই পথেৰে যাত্ৰা কৰি মাত্ৰ এদিন বা দুদিনতে বাবা বৰফনীৰ গুহাত উপস্থিত হ’ব পাৰে যাত্ৰীসকলে ।

হেলিকপ্টাৰেৰেও পোনপটীয়াকৈ যাব পাৰি
যদি আপুনি খোজকাঢ়ি যাত্ৰা কৰিব নিবিচাৰে, তেন্তে ভ্ৰমণৰ বাবে হেলিকপ্টাৰ সুবিধাও উপলব্ধ । যাত্ৰাৰ দুয়োটা পথতে হেলিকপ্টাৰ সুবিধা পাব । অৱশ্যে অমৰনাথ গুহাৰ ছয় কিলোমিটাৰ আগৰ পঞ্চাৰ্ণীতহে হেলিকপ্টাৰ সেৱা উপলব্ধ হ’ব । তাত উপনীত হ’বলৈ খোজ কাঢ়িব লাগিব । আপুনি jksasb.nic.in চাইটত হেলিকপ্টাৰ বুকিং কৰিব পাৰে ।