5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

উত্তৰ-পূবৰ বাবে সুকীয়া বিত্তীয় নিৰ্দেশনা প্ৰস্তুত কৰাটো প্ৰয়োজন : অমিত শ্বাহ

গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, অঞ্চলটোৱে সৰ্বাংগীন উন্নয়ন সম্ভৱ কৰি তুলিবলৈ বেংকসমূহে সুকীয়া বিত্তীয় নিৰ্দেশনা প্ৰস্তুত কৰাটো অতি প্ৰয়োজন । আগৰতলাত আয়োজিত বেংকাৰ কনক্লেভত ভাষণ দি বেংকাৰসকলক উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক নিজৰ দায়িত্ব হিচাপে বিবেচনা কৰিবলৈ আহ্বান জনাই গৃহমন্ত্ৰী গৰাকীয়ে ।

উত্তৰ-পূবৰ বাবে সুকীয়া বিত্তীয় নিৰ্দেশনা প্ৰস্তুত কৰাটো প্ৰয়োজন : অমিত শ্বাহ
গৃহমন্ত্ৰী অমিত শ্বাহ
manas-borah
Manas Borah | Updated On: 21 Dec 2024 21:59 PM

উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণ আৰু অঞ্চলটোৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বেংকসমূহক সুকীয়া বিত্তীয় নিৰ্দেশনা প্ৰস্তত কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁ কয় যে, অঞ্চলটোৱে সৰ্বাংগীন উন্নয়ন সম্ভৱ কৰি তুলিবলৈ বেংকসমূহে সুকীয়া বিত্তীয় নিৰ্দেশনা প্ৰস্তুত কৰাটো অতি প্ৰয়োজন । আগৰতলাত আয়োজিত উত্তৰ-পূবৰ বেংকাৰ কনক্লেভত ভাষণ দি বেংকাৰসকলক উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক নিজৰ দায়িত্ব হিচাপে বিবেচনা কৰিবলৈ আহ্বান জনাই গৃহমন্ত্ৰী গৰাকীয়ে ।

“দেশৰ বাবে এম এছ এম ই, ব্যৱসায়, ঋণ, ব্যক্তিগত ঋণৰ সন্দৰ্ভত আৰ বি আই, নাবাৰ্ড আৰু অন্যান্য বেংকে প্ৰস্তুত কৰা গাইডলাইন উত্তৰ-পূবৰ বাবে একেই হ’ব নোৱাৰে। নতুন পৰিমাপেৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুকীয়া বিত্তীয় নিৰ্দেশনা প্ৰস্তুত কৰাটো প্ৰয়োজনীয়। বেংকিং সচিব, নাবাৰ্ডৰ অধ্যক্ষ আৰু এছবিআইয়ে জনসাধাৰণ আৰু ইয়াৰ সম্ভাৱনীয়তাক লক্ষ্য কৰি উত্তৰ-পূবৰ বাবে বিশেষ বিত্তীয় নিৰ্দেশনা প্ৰস্তুত কৰিব লাগে।” এইদৰে কয় গৃহমন্ত্ৰী গৰাকীয়ে ।

তেওঁ কয় যে, উত্তৰ-পূব এতিয়া বিনিয়োগ আৰু উৎপাদনৰ ক্ষেত্ৰত আটাইতকৈ লাভজনক স্থান। তেওঁ কয় যে, ভৱিষ্যতৰ ব্যৱসায়ৰ বাবে বেংকসমূহে ক’ৰবাত বিনিয়োগ কৰিব লাগিব আৰু উত্তৰ-পূবৰ বাহিৰে আন কোনো স্থান ভৱিষ্যতৰ ব্যৱসায়ৰ বাবে উত্তম স্থান নহয়। অহা ১০ বছৰত উত্তৰ-পূর্বাঞ্চলৰ উন্নয়নৰ গড় হাৰ ২০ শতাংশ হ’ব বুলি উল্লেখ কৰে অমিন শ্বাহে৷

‘আপুনি এই কথা মনত ৰাখিব লাগিব আৰু কিছু ৰিস্ক ল’ব লাগিব। উত্তৰ-পূবৰ জনসাধাৰণ আৰু ইয়াৰ সম্ভাৱনীয়তাক মনত ৰাখি আপোনাৰ বিত্তীয় নীতি অলপ শিথিল কৰক। উত্তৰ-পূৰ্বাঞ্চলৰ সকলো গাঁৱক বেংক আৰু ডাকঘৰৰ শাখাৰ সৈতে সংযোগ কৰি সকলো ডিবিটি (ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ) হিতাধিকাৰীৰ ওচৰলৈ যাব লাগে।’ এইদৰে কয় অমিত শ্বাহে ।

উত্তৰ-পূবত সৰ্বাধিক সম্ভাৱনা আছে বুলি উল্লেখ কৰি অমিত শ্বাহে কয় যে, ‘উত্তৰ-পূবক পৰিসংখ্যাৰ জৰিয়তে নহয়, সংবেদনশীলতাৰে চোৱাৰ প্ৰয়োজন। সকলো বেংক আৰু ভেঞ্চাৰ কেপিটেলিষ্টে উত্তৰ-পূবৰ উন্নয়নৰ বাবে সহায়ৰ হাত আগবঢ়াব লাগে। উত্তৰ-পূবৰ উন্নয়নক আপোনাৰ দায়িত্ব বুলি গণ্য কৰক।’

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ,বেংকিং খণ্ডক শক্তিশালী কৰি উত্তৰ-পূৰ্বাঞ্চলত বাণিজ্য আৰু উদ্যোগৰ বাবে এক শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা হৈছে। উত্তৰ-পূব ভাৰত অৰ্থনৈতিক উন্নয়নৰ দুৱাৰমুখ হৈ পৰিব আৰু নতুন অভিলেখ গঢ়ি তুলিব। এই অঞ্চল কেৱল ভাৰতৰ উন্নয়নৰ দুৱাৰমুখ হোৱাই নহয়, সমগ্ৰ দেশৰ বাবে আস্থাৰ সেতু হৈ পৰিব। উত্তৰ-পূর্বাঞ্চলক ৰপ্তানিৰ প্রধান দুৱাৰমুখ হিচাপে গঢ়ি তোলাৰ বাবেও কাম কৰা হৈছে কয় গৃহমন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰ সমান্তৰালভাৱে অমিত শ্বাহে কয় যে, ভাৰতৰ জলপথ বাংলাদেশৰ চট্টগ্ৰাম বন্দৰৰ সৈতে সংযুক্ত হৈ আছে আৰু চট্টগ্ৰাম বন্দৰৰ জৰিয়তে উত্তৰ-পূবৰ সকলো উৎপাদিত সামগ্ৰী বিশ্বৰ বজাৰলৈ ৰপ্তানি কৰিব পৰা যায়। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ১৪০ কোটি জনসংখ্যা থকা এখন দেশৰ প্ৰতিটো কোণত উন্নয়ন হ’ব লাগে । এই সন্মিলনত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ত্ৰিপুৰাৰ মাণিক সাহা আৰু বেংকিং খণ্ডৰ শীৰ্ষ বিষয়াৰ লগতে অন্যান্যসকলো উপস্থিত থাকে।

Latest News