শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১৯ মাৰ্চত উকলিব NSA ৰ ম্যাদ, ডিব্ৰুগড়ত পৰা পঞ্জাৱলৈ ৭ খালিস্তানপন্থী…

অমৃতপাল সিঙৰ ৭ জন সহযোগীক স্থানান্তৰ কৰা হ'ব পঞ্জাৱলৈ । NSA অধীনত বন্দী হৈ এই নেতাসকলৰ ম্যাদ অহা ১৯ মাৰ্চত শেষ হ'ব বুলি জানিব পৰা গৈছে । ডিব্ৰুগড়ত বাহৰ পাতি আছে পঞ্জাৱ আৰক্ষীৰ এটা দল ।

১৯ মাৰ্চত উকলিব NSA ৰ ম্যাদ, ডিব্ৰুগড়ত পৰা পঞ্জাৱলৈ ৭ খালিস্তানপন্থী…
manas-borah
Manas Borah | Updated On: 17 Mar 2025 17:54 PM

অৱশেষত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিব অমৃতপাল সিঙৰ ৭ জন খালিস্তানপন্থী সহযোগী অভিযুক্তয় । ইতিমধ্যে সাময়িক সকাহ লাভ কৰিছে ডিব্ৰুগড়ত বন্দী ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ ৭ জন সহযোগীয়ে । NSA গোচৰত প্ৰায় দুবছৰ ধৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে অমৃতপাল সিং সহ খালিস্তানপন্থী নেতাসকল । NSA অধীনত বন্দী হৈ এই নেতাসকলৰ ম্যাদ অহা ১৯ মাৰ্চত শেষ হ’ব বুলি জানিব পৰা গৈছে ।

সূত্ৰৰ খবৰ অনুসৰি, NSS ৰ ম্যাদ অন্ত পৰাৰ লগে লগে আটাইকেইজন অভিযুক্তক স্থানান্তৰ কৰা হ’ব পঞ্জাৱলৈ । উল্লেখ্য যে, অমৃতপাল সিঙৰ সহযোগী অভিযুক্ত দলজিত সিং কালচী, ভগৱন্ত সিং, পাপলপ্ৰীত সিং, কুলৱন্ত সিং, গুৰমীত সিং, বসন্ত সিং আৰু হৰজিত সিং কালচীক আজি পঞ্জাৱলৈ লৈ যোৱাৰ সম্ভাৱনা আছে । ইতিমধ্যে ডিব্ৰুগড়ত উপস্থিত হৈছে ২৫ জনীয়া পঞ্জাৱ আৰক্ষীৰ এটা দল । ডিব্ৰুগড়ত বাহৰ পাতি থকা আৰক্ষীৰ দলটোৱে আটাইকেইজন অভিযুক্তকে বিমানযোগে পঞ্জাৱলৈ নিব বুলি খবৰ প্ৰকাশ পাইছে ।

ইফালে, NSA ৰ অধীনত কাৰাবন্দী হৈ থকা অমিতপাল সিং আৰু জীত সিং এতিয়াও থাকিব লাগিব ডিব্ৰুগড় কাৰাগাৰতে । দুয়োৰে NSA ৰ অধীনত দুয়োগৰাকীৰ বন্দিত্বৰ ম্যাদ অহা জুন মাহত উকলিব বুলি জানিব পৰা গৈছে ।

ইফালে, আন সূত্ৰৰ পৰা জানিব পৰা মতে, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পঞ্জাৱলৈ অমৃতপাল সিঙৰ সাতজন সহযোগী অভিযুক্ত নিয়াৰ বাবে দুদিন ধৰি পঞ্জাৱ আৰক্ষীৰ দলটো ডিব্ৰুগড়ত বাহৰ পাতি আছে । অতিৰিক্ত আৰক্ষী অধীক্ষক (এ এছ পি) আৰু উপ আৰক্ষী অধীক্ষক (ডি এছ পি)কে ধৰি জ্যেষ্ঠ বিষয়াসকলে গঠিত এই দলটোৰ নেতৃত্বত আছে আৰক্ষী অধীক্ষক হৰিন্দৰ সিং গিল। ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত কাৰাবন্দী হৈ থকা এইসকল অভিযুক্তৰ ম্য়াদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পঞ্জাৱ চৰকাৰে।

একে সময়তে পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে জনোৱা মতে, এন এছ এৰ পৰা মুক্তি পোৱাৰ পিছত ২০২৩ চনৰ আজনলা আৰক্ষী থানা আক্ৰমণৰ কাণ্ডৰ সৈতে জড়িত গোচৰত এই সাতজন ব্যক্তিক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হ’ব। পঞ্জাৱ আৰক্ষীৰ দলটোৱে বৰ্তমান ডিব্ৰুগড়ৰ আদালতৰ পৰা ট্ৰেনজিট ৰিমাণ্ড লাভ কৰাকে ধৰি আইনী পদ্ধতি সম্পূৰ্ণ কৰাত নিয়োজিত হৈ আছে।

অমৃতপাল সিঙে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি খদূৰ চাহাব সমষ্টিৰ পৰা জয়লাভ কৰিছিল। কিন্তু ২০২৩ চনৰ আজনালা আৰক্ষী থানাৰ আক্ৰমণত তেওঁৰ জড়িত থকা অভিযোগে তেওঁক আইনী তদন্তৰ আওতাত ৰাখিছে।