Delhi Election Results : মদে ধ্বংস কৰিলে কেজৰিক ! আপৰ নিৰ্বাচনী ফলাফলক লৈ প্ৰতিক্ৰিয়া আন্না হাজাৰেৰ, কি ক’লে ?
বহুতে আপৰ এই বেয়া ফলাফলৰ বাবে কেজৰিৱালৰ আবকাৰী নীতিৰ দুৰ্নীতিক দোষাৰোপ কৰিছে । ইফালে আপৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেজৰিৱালৰ ৰাজনৈতিক গুৰু আন্না হাজাৰেয়ে ।
![Delhi Election Results : মদে ধ্বংস কৰিলে কেজৰিক ! আপৰ নিৰ্বাচনী ফলাফলক লৈ প্ৰতিক্ৰিয়া আন্না হাজাৰেৰ, কি ক’লে ? Delhi Election Results : মদে ধ্বংস কৰিলে কেজৰিক ! আপৰ নিৰ্বাচনী ফলাফলক লৈ প্ৰতিক্ৰিয়া আন্না হাজাৰেৰ, কি ক’লে ?](https://images.assamtv9.com/uploads/2025/02/Anna-Hazare-Reacts-.jpg?w=1280)
প্ৰতিটো সময়তে সলনি হৈছে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল । সামগ্ৰিকভাৱে দিল্লীৰ বিধানসভা নিৰ্বাচনত আম আদিমী পাৰ্টিৰ ফলাফল বেয়া । বহুতে আপৰ এই বেয়া ফলাফলৰ বাবে কেজৰিৱালৰ আবকাৰী নীতিৰ দুৰ্নীতিক দোষাৰোপ কৰিছে । ইফালে আপৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেজৰিৱালৰ ৰাজনৈতিক গুৰু আন্না হাজাৰেয়ে ।
উল্লেখ্য যে, আন্না হাজাৰেই আৰম্ভ কৰিছিল দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ। আন্না হাজাৰেৰ এই যুঁজখনে সাংঘাতিকধৰণে জন সমৰ্থনও লাভ কৰিছে । ইফালে দুৰ্নীতিৰ বিৰুদ্ধে কৰা সংগ্ৰামখনে অৰবিন্দ কেজৰিৱালক এগৰাকী নেতা পৰিচিত কৰাইছিল বুলি প্ৰায়ে চৰ্চা হয় । কিন্তু এইবাৰ দিল্লীৰ নিৰ্বাচনত আপৰ এই বেয়া ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আন্না হাজাৰেই কয়,”মই ইতিমধ্যে কৈছো যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত এজন প্ৰাৰ্থীৰ চৰিত্ৰ, সুচিন্তা আৰু ভাল ভাবমূৰ্তি থাকিব লাগে।”
#WATCH | On #DelhiElectionResults, social activist Anna Hazare says, “I have been saying it for a long that while contesting the election – the candidate must have a character, good ideas and have no dent on image. But, they (AAP) didn’t get that. They got tangled in liquor and… pic.twitter.com/n9StHlOlK9
— ANI (@ANI) February 8, 2025
“কিন্তু তেওঁলোকে তেনে কৰিব নোৱাৰিলে। আবকাৰী দুৰ্নীতিৰ পৰা আৰ্থিক দুৰ্নীতিক লৈ অৰবিন্দ কেজৰিৱালৰ ভাবমূৰ্তি কলংকিত হৈছে। সেইবাবেই তেওঁলোকে কম ভোট পাইছে।” এইদৰে কয় আন্না হাজাৰেয়ে ।
লগতে তেওঁ কয়, ” ৰাজনীতিত অভিযোগ-প্ৰতি অভিযোগ থাকে । কিন্তু সত্য কি সেইটো প্ৰমাণ কৰাটো অতি প্ৰয়োজন । নিজকে প্ৰমাণ কৰিব লাগিব যে মই নিৰ্দোষী। সত্য সদায় সত্য হৈ থাকে। যদি কিছুমান অভিযোগ ভুল হয়, তেন্তে সেই অভিযোগ ভুল বুলি প্ৰমাণ কৰাটো অতি প্ৰয়োজন । কিয়নো তেতিয়াহে মানুহে বিশ্বাস কৰে যে, তেওঁলোকে আমাৰ বাবে কি কৰিব । মদৰ বিষয়টো কেনেকৈ আহিল? কাৰণ টকা-পইচা আৰু ধন-সম্পত্তিয়ে তেওঁলোকক উটুৱাই লৈ গৈছিল।”
আম আদমী পাৰ্টিত যোগদান নকৰাৰ কাৰণো আজি আন্না হাজাৰে প্ৰকাশ কৰে। তেওঁ কয়, “যেতিয়া প্ৰথমবাৰৰ বাবে দিল্লীত বৈঠক অনুষ্ঠিত হৈছিল, তেতিয়া মই সিদ্ধান্ত লৈছিলো যে মই এই দলৰ সদস্য নহ’ম। সেইদিনাৰ পৰাই মই মোৰ দূৰত্ব বজাই ৰাখিছো।”