5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

১ কোটি যুৱক-যুৱতীয়ে পাব প্ৰতিমাহে ৫০০০ টকা, কি লাগিব ইয়াৰ বাবে যোগ্যতা?

PM Internship Scheme: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত চাকৰি আৰু দক্ষতা সম্পৰ্কীয় আঁচনিৰ কথা উল্লেখ কৰে। তেওঁ কয়, চৰকাৰে ৫০০ টা শীৰ্ষ কোম্পানীত ১ কোটি যুৱক-যুৱতীক ইন্টাৰশ্বিপ প্ৰদান কৰিব। ইন্টাৰশ্বিপৰ সময়ত ছাত্ৰ-ছাত্ৰীক প্ৰতিমাহে ৫ হাজাৰ টকাৰ ষ্টাইপেণ্ড দিয়া হ’ব। এই সুযোগ কোনে পাব আৰু কি অৰ্হতা জানি লওক।

১ কোটি যুৱক-যুৱতীয়ে পাব প্ৰতিমাহে ৫০০০ টকা, কি লাগিব ইয়াৰ বাবে যোগ্যতা?
১ কোটি যুৱক-যুৱতীয়ে পাব প্ৰতিমাহে ৫০০০ টকা
Follow Us
barasha-misra
Barasha Misra | Published: 23 Jul 2024 23:17 PM

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শিক্ষা আৰু যুৱক-যুৱতীসকলৰ বাবে বহু ডাঙৰ ডাঙৰ ঘোষণা কৰিছে। বাজেট ভাষণত তেওঁ চাকৰি আৰু দক্ষতাৰ সৈতে জড়িত ৫ পি এম পেকেজ আঁচনিৰ কথা উল্লেখ কৰে। এক আঁচনিও আছিল য’ত কোৱা হৈছিল যে যুৱক-যুৱতীসকলক দক্ষতা প্ৰদানৰ বাবে এক হাজাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উন্নীত কৰা হ’ব। উল্লেখ কৰা হৈছিল যে প্ৰতি বছৰে ২৫ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে স্কিলিং লোনৰ সুবিধা লাভ কৰিব আৰু ৫ বছৰৰ ভিতৰত ১ কোটি যুৱক-যুৱতীয়ে দক্ষ হ’ব।

তেওঁ কয়, চৰকাৰে ৫০০ টা শীৰ্ষ কোম্পানীত ১ কোটি যুৱক-যুৱতীক ইন্টাৰশ্বিপ দিব। ইন্টাৰশ্বিপৰ সময়ত ছাত্ৰ-ছাত্ৰীক প্ৰতিমাহে ৫ হাজাৰ টকাৰ ষ্টাইপেণ্ড দিয়া হ’ব। এই সুযোগ কোনে পাব আৰু কি অৰ্হতা জানি লওক।

প্ৰতিমাহে ৫ হাজাৰ টকা কোনে পাব ?

প্ৰশ্ন হয় প্ৰতিমাহে ষ্টাইপেণ্ড হিচাপে ৫ হাজাৰ টকা কোনে পাব? এই সন্দৰ্ভত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, এই আঁচনি প্ৰধানমন্ত্ৰীৰ পেকেজৰ অংশ। আমাৰ চৰকাৰে ৫০০ টা শীৰ্ষ কোম্পানীত ১ কোটি ভাৰতীয় যুৱক-যুৱতীক ইন্টাৰশ্বিপ প্ৰদান কৰিব পৰা আঁচনি আৰম্ভ কৰিব। ৫ বছৰলৈ এই কাম কৰা হ’ব।

সেই পৰিবেশত ১২ মাহ থাকি এই যুৱক-যুৱতীসকলে অভিজ্ঞতা বৃদ্ধি কৰিব আৰু ভৱিষ্যতৰ বাবে নিজকে প্ৰস্তুত কৰিব। প্ৰতিমাহে ৫ হাজাৰ টকা ইন্টাৰশ্বিপ ভাট্টা হিচাপে দিয়া হ’ব। ইয়াৰ উপৰিও ৬ হাজাৰ টকাৰ এককালীন সাহায্য ভাট্টাও দিয়া হ’ব।

ইয়াৰ দ্বাৰা যিসকল ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ সময়ত বা পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছত ইণ্টাৰনশ্বিপ কৰি যিকোনো ক্ষেত্ৰতে কেৰিয়াৰ গঢ়িব খোজে, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে উপকৃত হ’ব। ইয়াৰ বাবে তেওঁলোকৰ বয়স ২১ৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগিব। ইয়াৰ বাবে যিসকলে এতিয়াও চাকৰি পোৱা নাই আৰু পূৰ্ণকালীন পঢ়া-শুনাও কৰি আছে তেওঁলোকে সুযোগ পাব। তেওঁলোকে লাভ কৰিব ষ্টাইপেণ্ডৰ সুবিধা।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে প্ৰশিক্ষণৰ খৰচ কোম্পানীয়ে বহন কৰিব। ইয়াৰ উপৰিও ইন্টাৰশ্বিপ খৰচৰ ১০ শতাংশ কোম্পানীটোৰ চি এছ আৰ ফাণ্ডৰ পৰা লোৱা হ’ব।


লগতে ঘোষণা কৰিলে এই পৰিকল্পনা

পি এম পেকেজৰ প্ৰথম আঁচনি হৈছে প্ৰথমবাৰৰ বাবে নিয়োগ। ইয়াৰ অধীনত প্ৰথমবাৰৰ বাবে ইপিএফঅ’ত পঞ্জীয়ন কৰা লোকসকলে যদি তেওঁলোকৰ দৰমহা ১ লাখ টকাৰ কম হয়, তেন্তে ১৫ হাজাৰ টকাৰ সাহায্য লাভ কৰিব। ইয়াক তিনিটা কিস্তিত উপলব্ধ কৰা হ’ব যিবোৰ পোনপটীয়াকৈ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ’ব। এই আঁচনিৰ জৰিয়তে ২১০ লাখ যুৱকক সহায় কৰা হ’ব।

দ্বিতীয়খন আঁচনি হ’ল- উৎপাদনত চাকৰি সৃষ্টি। ইয়াৰ সহায়ত প্ৰথমবাৰৰ বাবে উৎপাদন খণ্ডত যোগদান কৰা কৰ্মচাৰীসকলক ইপিএফঅ’ জমা ধনৰ ভিত্তিত প্ৰথম ৪ বছৰৰ বাবে ইনচেটিভ প্ৰদান কৰা হ’ব। ইয়াৰ দ্বাৰা ৩০ লাখ যুৱক-যুৱতী উপকৃত হ’ব।

তৃতীয় আঁচনিখন হ’ল – নিয়োগকৰ্তাক সহায় কৰা। ইয়াৰ সহায়ত চৰকাৰে নিয়োগকৰ্তাৰ বোজা কমাবলৈ কাম কৰিব। এই আঁচনিৰ সহায়ত ইপিএফঅ’ই নতুন কৰ্মচাৰীৰ ইপিএফঅ’ৰ বৰঙণিৰ ওপৰত নিয়োগকৰ্তাসকলক ২ বছৰৰ বাবে প্ৰতিমাহে ৩ হাজাৰ টকাৰ পৰিশোধ প্ৰদান কৰিব।

চতুৰ্থ আঁচনি হ’ল- কৰ্মশক্তিত মহিলাসকলৰ অংশগ্ৰহণ। ইয়াৰ জৰিয়তে কৰ্মৰত মহিলাৰ হোষ্টেল, শিশুৰ ক্ৰেচ আৰু মহিলা দক্ষতা কাৰ্যসূচী আৰম্ভ কৰি চাকৰিত মহিলাৰ অংশ বৃদ্ধি কৰা হ’ব।

 

Latest News