শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যুদ্ধংদেহী ৰূপত ভাৰতীয় সেনা! বোমাৰে উৰুৱাইছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ

জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত আদনান শ্বাফি (১৮) নামৰ এজন সন্ত্ৰাসবাদীৰ ঘৰত বিস্ফোৰণ ঘটাই নিৰাপত্তাৰক্ষীয়ে। বিগত এবছৰ ধৰি বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈ আছে আদনান। আনহাতে, পুলৱামাৰ ট্ৰাল অঞ্চলত জৈছ উগ্ৰপন্থী আমিৰ নাজিৰ ৱানীৰ ঘৰো ধ্বংস কৰা হয়।

যুদ্ধংদেহী ৰূপত ভাৰতীয় সেনা! বোমাৰে উৰুৱাইছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ
বোমাৰে উৰুৱাইছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ
trishna-kalita
Trishna Kalita | Published: 27 Apr 2025 12:49 PM

যুদ্ধংদেহী ৰূপত দেখাত গৈছে ভাৰতীয় সেনাক। পহলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাঙি পেলোৱা হৈছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ। শেহতীয়াকৈ জম্মু-কাশ্মীৰত আৰু দুটা সন্ত্ৰাসবাদীৰ বাসগৃহত বিস্ফোৰণ ঘটাই ভাৰতীয় সেনাই । ইয়াকে ধৰি ৪৮ ঘন্টাত ৬টা সন্ত্ৰাসবাদী ঘৰ ভাঙি পেলোৱা হয়।

জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত আদনান শ্বাফি (১৮) নামৰ এজন সন্ত্ৰাসবাদীৰ ঘৰত বিস্ফোৰণ ঘটাই নিৰাপত্তাৰক্ষীয়ে। বিগত এবছৰ ধৰি বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈ আছে আদনান। আনহাতে, পুলৱামাৰ ট্ৰাল অঞ্চলত জৈছ উগ্ৰপন্থী আমিৰ নাজিৰ ৱানীৰ ঘৰো ধ্বংস কৰা হয়। ১৯২০ চনত জন্মগ্ৰহণ কৰা আমিৰৰ নাম ইতিমধ্যে উগ্ৰপন্থীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।

শনিবাৰে ফাৰুক আহমেদ নামৰ আন এজন লস্কৰ-ই-তৈবাৰ  সৈতে জড়িত সন্ত্ৰাসবাদীৰ ঘৰো ভাঙি পেলোৱা হৈছিল। জম্মু-কাশ্মীৰৰ কুপৱাৰাত আছিল তেওঁৰ ঘৰ। বৰ্তমান পাকিস্তানত আত্মগোপন কৰি আছে ফাৰুকে। এতিয়া এইদৰে সন্ত্ৰাসবাদীৰ ঘৰ বোমাৰে উৰুৱাই এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে ভাৰতীয় সেনাই । ইয়াৰ পূৰ্বে পুলৱামাৰ মুৰাণ গাঁৱৰ বাসিন্দা সন্দেহযুক্ত সন্ত্ৰাসবাদী এহছান আলী হকৰ ঘৰত বিস্ফোৰণ কৰা হৈছিল। ২০১৮ চনত এহছান আলী পাকিস্তান দখলত থকা কাশ্মীৰলৈ গুচি যায়। তাত তেওঁ সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ লাভ কৰে। ভাৰতলৈ উভতি অহাৰ পিছত তেওঁ সক্ৰিয় সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈ পৰে।

ইয়াৰ মাজতে শনিবাৰে নিশা সংঘটিত হৈছে আন এক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। জম্মু-কাশ্মীৰত কান্দি খাছৰ বাসগৃহৰ ভিতৰত সমাজ কৰ্মী গুলাম ৰছুল মাগ্ৰেৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে। গুলীচালনাত গুলাম ৰছুল মাগ্ৰে আহত হয়, তাৰ পিছত তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁৰ মৃত্যু হয়। কিন্তু সন্ত্ৰাসবাদীয়ে কিয় সামাজিক কৰ্মীজনক লক্ষ্য কৰি লৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।