যুদ্ধংদেহী ৰূপত ভাৰতীয় সেনা! বোমাৰে উৰুৱাইছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ

জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত আদনান শ্বাফি (১৮) নামৰ এজন সন্ত্ৰাসবাদীৰ ঘৰত বিস্ফোৰণ ঘটাই নিৰাপত্তাৰক্ষীয়ে। বিগত এবছৰ ধৰি বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈ আছে আদনান। আনহাতে, পুলৱামাৰ ট্ৰাল অঞ্চলত জৈছ উগ্ৰপন্থী আমিৰ নাজিৰ ৱানীৰ ঘৰো ধ্বংস কৰা হয়।

যুদ্ধংদেহী ৰূপত ভাৰতীয় সেনা! বোমাৰে উৰুৱাইছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ

বোমাৰে উৰুৱাইছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ

Published: 

27 Apr 2025 12:49 PM

যুদ্ধংদেহী ৰূপত দেখাত গৈছে ভাৰতীয় সেনাক। পহলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাঙি পেলোৱা হৈছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ। শেহতীয়াকৈ জম্মু-কাশ্মীৰত আৰু দুটা সন্ত্ৰাসবাদীৰ বাসগৃহত বিস্ফোৰণ ঘটাই ভাৰতীয় সেনাই । ইয়াকে ধৰি ৪৮ ঘন্টাত ৬টা সন্ত্ৰাসবাদী ঘৰ ভাঙি পেলোৱা হয়।

জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত আদনান শ্বাফি (১৮) নামৰ এজন সন্ত্ৰাসবাদীৰ ঘৰত বিস্ফোৰণ ঘটাই নিৰাপত্তাৰক্ষীয়ে। বিগত এবছৰ ধৰি বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈ আছে আদনান। আনহাতে, পুলৱামাৰ ট্ৰাল অঞ্চলত জৈছ উগ্ৰপন্থী আমিৰ নাজিৰ ৱানীৰ ঘৰো ধ্বংস কৰা হয়। ১৯২০ চনত জন্মগ্ৰহণ কৰা আমিৰৰ নাম ইতিমধ্যে উগ্ৰপন্থীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।

শনিবাৰে ফাৰুক আহমেদ নামৰ আন এজন লস্কৰ-ই-তৈবাৰ  সৈতে জড়িত সন্ত্ৰাসবাদীৰ ঘৰো ভাঙি পেলোৱা হৈছিল। জম্মু-কাশ্মীৰৰ কুপৱাৰাত আছিল তেওঁৰ ঘৰ। বৰ্তমান পাকিস্তানত আত্মগোপন কৰি আছে ফাৰুকে। এতিয়া এইদৰে সন্ত্ৰাসবাদীৰ ঘৰ বোমাৰে উৰুৱাই এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে ভাৰতীয় সেনাই । ইয়াৰ পূৰ্বে পুলৱামাৰ মুৰাণ গাঁৱৰ বাসিন্দা সন্দেহযুক্ত সন্ত্ৰাসবাদী এহছান আলী হকৰ ঘৰত বিস্ফোৰণ কৰা হৈছিল। ২০১৮ চনত এহছান আলী পাকিস্তান দখলত থকা কাশ্মীৰলৈ গুচি যায়। তাত তেওঁ সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ লাভ কৰে। ভাৰতলৈ উভতি অহাৰ পিছত তেওঁ সক্ৰিয় সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈ পৰে।

ইয়াৰ মাজতে শনিবাৰে নিশা সংঘটিত হৈছে আন এক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। জম্মু-কাশ্মীৰত কান্দি খাছৰ বাসগৃহৰ ভিতৰত সমাজ কৰ্মী গুলাম ৰছুল মাগ্ৰেৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে। গুলীচালনাত গুলাম ৰছুল মাগ্ৰে আহত হয়, তাৰ পিছত তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁৰ মৃত্যু হয়। কিন্তু সন্ত্ৰাসবাদীয়ে কিয় সামাজিক কৰ্মীজনক লক্ষ্য কৰি লৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories
পহলগ্ৰাম আক্ৰমণত কিদৰে সহায় কৰিছিল স্থানীয় লিংকমেনে! তদন্তত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
ভয়ংকৰ দুৰ্ঘটনা! কুঁৱাত বাগৰি পৰিল দ্ৰুতবেগী বাহনঃ প্ৰাণ হেৰুৱালে ১০ জনে
৮ লাখ জোৱান নিয়োজিত থকাৰ পিছতো…পহলগাম আক্ৰমণক লৈ ভাৰতীয় সেনাক অকৰ্মণ্য, মিডিয়াক বলীউড আখ্যা শ্বাহিদ আফ্ৰিদীৰ
তেজ উতলি আছে, সকলোৱে ন্যায় পাব: পহলগাম আক্ৰমণ সন্দৰ্ভত ‘মন কী বাত’যোগে প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ
Kailash Mansarovar Yatra: পাকিস্তানৰ সৈতে সম্পৰ্ক ফাঁট মেলাৰ লগে লগে ভাৰতৰ বাবে দুৱাৰ মুকলি চীনৰ
পণ্ডিত জৱাহৰলাল নেহৰুৱে সিন্ধু জল চুক্তি স্বাক্ষৰ কৰাটোৱে ভাৰতৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুল… কিয় এইদৰে ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
সোৱাদত তিতা কেৰেলাৰ জুচে দেহত কৰে এনে উপকাৰিতা, লিভাৰেও পায় সুৰক্ষা
কাৰ সৈতে ৰে’লত ভ্ৰমণ কৰিব বিচাৰে কোহলীয়ে? জানিলে আপুনিও হ’ব আচৰিত…
গ্ৰীষ্মকালত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়, কেনেকৈ ল'ব হৃদযন্ত্ৰৰ যত্ন ?
ধন-সম্পত্তি আছেই ! ইয়াৰ উপৰি অনন্ত আম্বানী কিহৰ বাবে বেছি বিখ্যাত ?