‘শুভ সময়ৰ অপেক্ষাত আছে নেকি ?’ বিদেশী বিতাড়নক লৈ অসম চৰকাৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

ঘোষিত বিদেশীক বিতাড়িত কৰাৰ বিপৰীতে অনিৰ্দিষ্টকাললৈ ডিটেনচন চেণ্টাৰত ৰখাৰ বাবে মঙলবাৰে অসম চৰকাৰক প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে । ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰে গঠিত বিচাৰপীঠে অসম চৰকাৰক প্ৰশ্ন কৰে যে, আপোনালোকে কি বিদেশী বিতাড়নৰ বাবে শুভ সময়ৰ অপেক্ষাত আছে নেকি ?

শুভ সময়ৰ অপেক্ষাত আছে নেকি ? বিদেশী বিতাড়নক লৈ অসম চৰকাৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

উচ্চতন ন্য়ায়ালয়

Updated On: 

04 Feb 2025 18:52 PM

“আপোনালোকে কি মহুতৰ (শুভ সময়)অপেক্ষাত কৰিছে নেকি ?” বিদেশী বিতাড়নকলৈ আজি এইদৰে অসম চৰকাৰক প্ৰশ্ন কৰিলে উচ্চতম ন্যায়ালয়ে ।  উল্লেখ্য যে, ঘোষিত ‘বিদেশী’ক বিতাড়িত কৰাৰ বিপৰীতে অনিৰ্দিষ্টকাললৈ ডিটেনচন চেণ্টাৰত ৰখাৰ বাবে মঙলবাৰে অসম চৰকাৰক প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে । ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰে গঠিত বিচাৰপীঠে অসম চৰকাৰক প্ৰশ্ন কৰে যে, “আপোনালোকে কি বিদেশী বিতাড়নৰ বাবে শুভ সময়ৰ অপেক্ষাত কৰিছে নেকি ?”

ইয়াৰ লগতে বিদেশী ঘোষণা কৰা লোকসকলক শীঘ্ৰে বিতাড়ন কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। অসম চৰকাৰে তেওঁলোকৰ ঠিকনা জানিব পৰা নাই বুলি কৰা মন্তব্যক লৈয়ো ক্ষোভ প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে । অসম চৰকাৰৰ হৈ হাজিৰ হোৱা অধিবক্তাক উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে, “আপুনি তেওঁলোকৰ ঠিকনা নাজানো বুলি কৈ বিতাড়ন ব্যৱস্থা আৰম্ভ কৰিবলৈ অস্বীকাৰ কৰিছে। এইলৈ আমি কিয় চিন্তা কৰিব লাগে ? আপুনি তেওঁলোকক বিদেশলৈ বিতাড়িত কৰিব।”

পিটিআইৰ প্ৰতিবেদন অনুসৰি, ইয়াৰ পাছতে অসম চৰকাৰৰ অধিবক্তাগৰাকীক উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে যে, “আপুনি শুভ মহুতৰ (শুভ সময়)ৰ বাবে অপেক্ষা কৰি আছে নেকি? এবাৰ এজন ব্যক্তিক বিদেশী ঘোষণা কৰিলে,  তেতিয়া লগে লগে পৰৱৰ্তী যুক্তিসংগত পদক্ষেপ ল’ব লাগিব। চিৰকাললৈকে তেওঁলোকক আটক কৰি ৰাখিব নোৱাৰে। সংবিধানৰ ২১ নং অনুচ্ছেদত এই বিষয়ে উল্লেখ আছে।” লগতে অসমত বহু লোক বিদেশী ডিটেনচন চেণ্টাৰত আছে। তেওঁলোকৰ কিমানক বিতাড়িত কৰিছে বুলিও প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে ।

ডিটেনচন চেণ্টাৰত ৰখা ৬৩ জন ব্যক্তিক বিতাড়নৰ কাম দুসপ্তাহৰ ভিতৰত আৰম্ভ কৰি কম্প্লাইয়েন্স শপতনামা দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে শীৰ্ষ আদালতে।

উল্লেখ্য যে, বিদেশী ঘোষিত ব্যক্তিক বিতাড়ন আৰু অসমৰ ডিটেনচন চেণ্টাৰত থকা সা-সুবিধা সন্দৰ্ভত এক আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়তে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অসম চৰকাৰক এইদৰে প্ৰশ্ন কৰে ।

ইফালে, ন্যায়াধীশ ওকাই অসমৰ মুখ্য সচিবক কয়, “এবাৰ তেওঁলোকক বিদেশী বুলি ঘোষণা কৰাৰ পাছত তেওঁলোকক তৎক্ষণাত বিতাড়ন কৰা উচিত। তেওঁলোকৰ নাগৰিকত্বৰ মৰ্যাদা আপুনি জানে। তেন্তে তেওঁলোকৰ ঠিকনা পোৱালৈকে কেনেকৈ অপেক্ষা কৰিব?” তেওঁলোক ক’লৈ যাব লাগে সেইটো আন দেশৰ ওপৰত নিৰ্ভৰশীল বুলি কয় উচ্চতম ন্য়ায়ালয়ে ।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?