আজি সেনা দিৱসঃ জানক ইয়াৰ ইতিহাস, কিয় পালন কৰা হয়…
Army day 2025: আজি সমগ্ৰ দেশে পালন কৰিছে ভাৰতীয় সেনা দিৱস। বছৰ বছৰ ধৰি ১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিৱসৰ আছে এক অনন্য ইতিহাস।
আমাৰ সেনা জোৱানসকলৰ অদম্য সাহস আৰু তেওঁলোকৰ বীৰ কাহিনীৰ বিষয়ে সকলোৱে নিশ্চয় শুনিছে। নিজৰ জীৱনত তুচ্ছ্য জ্ঞান কৰি এই জোৱানসকলে দেশ তথা দেশৰ নাগৰিকসকলক সুৰক্ষা প্ৰদান কৰে। আনকি দেশক সুৰক্ষা প্ৰদান কৰাৰ অৰ্থে বহু জোৱান শ্বহীদ হ’বলগীয়াও হয়। শত্ৰুৰ বিৰুদ্ধে যুঁজ দি দেশৰ হকে শ্বহীদ হোৱা এই সেনা জোৱানসকলৰ স্মৃতিত প্ৰতি বছৰৰ ১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস ( ARMY day) হিচাপে পালন কৰা হয়। সেনা দিৱসৰ দিনা দিল্লীৰ কৰিয়প্পা পেৰেড গ্ৰাউণ্ডত এক বিশাল আয়োজন কৰা হয়। য’ত ভাৰতীয় সেনাই নিজৰ সাহস প্ৰদৰ্শন কৰাৰ লগতে আধুনিক অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰ প্ৰদৰ্শন কৰে।
কিয় পালন কৰা হয়
ভাৰত স্বাধীন হোৱাৰ পাছৰ সময়খিনি ভাৰতীয় সেনাৰ বাবে মহত্বপূৰ্ণ আছিল।১৯৪৯ চনত জেনেৰেল কৰিয়প্পাই ভাৰতীয় সেনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। সেয়ে প্ৰতি বছৰে ১৫ জানুৱাৰীৰ দিনটো ভাৰতীয় সেনা দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত দিল্লীৰ কৰিয়প্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত অনুষ্ঠানত সেনাই নিজৰ শক্তি প্ৰদৰ্শন কৰে। এই দিৱসত বহু কাৰ্যক্ৰম অনুষ্ঠিত হোৱাৰ লগতে সেনাক বীৰতা পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰোপৰি এই দিনটোতে দেশৰ হকে যুঁজ দিয়া প্ৰতিগৰাকী সেনাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
মহত্ব
আমাৰ দেশত সেনা দিৱস পালন কৰাৰ মহত্ব অধিক। এই দিনটোত কেৱল সশস্ত্ৰ বাহিনীৰ উল্লেখযোগ্য অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাই নহয়, ই ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ঐক্য নিশ্চিত কৰাৰ উল্লেখযোগ্য ভূমিকাৰ কথা সোঁৱৰাই দিয়ে। সীমান্তৰ সুৰক্ষাৰ পৰা দুৰ্যোগ সাহাৰ্যত সহায় কৰালৈ, সকলোতে ভাৰতীয় সেনাৰ স্থিতিস্থাপকতা, অনুশাসন আৰু নিষ্ঠাৰ উদাহৰণ দাঙি ধৰে। দেশে এই দিৱস পালন কৰি ভাৰতীয় সেনাৰ ত্যাগক সন্মান জনোৱাৰ লগতে শক্তিশালী, ঐক্যবদ্ধ ভাৰত গঢ়াৰ বাবে সকলোকে এক হোৱাৰ আহ্বান জনায়।
বিষয়বস্তু
আজি দেশে পালন কৰিছে ৭৭ সংখ্যক সেনা দিৱস। প্ৰতি বছৰে এই দিৱসত এটা বিষয়বস্তু নিৰ্ধাৰণ কৰা হয়। চলিত বৰ্ষতো ইয়াৰ বাবে এক বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে। ভাৰতীয় সেনা দিৱস ২০২৫ ৰ বিষয়বস্তু হ’ল- “সমৰ্থ ভাৰত, সক্ষম সেনা”। এই দিৱস উপলক্ষ্যে আজি দিল্লীত পেৰেড, জনগোষ্ঠীয় নৃত্যু,সামৰিক অনুশীলন আদি অনুষ্ঠিত হব।
এই সেনা দিৱস উপলক্ষ্যে আজি বিভিন্নজনে ভাৰতীয় সেনাৰ সাহসক সন্মান জনোৱাৰ লগতে বীৰ শ্বহীদৰ বলিদানক স্মৰণ কৰিছে। সেনা দিৱস সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত লিখিছে যে- সেনা দিৱসৰ এই দিনটোত আমাৰ ৰাষ্ট্ৰৰ নিৰাপত্তাৰ চেণ্টিনেল হিচাপে থিয় দিয়া ভাৰতীয় সেনাৰ অদম্য সাহসক প্ৰণাম জনাইছো। প্ৰতিদিনে কোটি কোটি ভাৰতীয়ৰ সুৰক্ষা সুনিশ্চিত কৰা সাহসী হৃদয়ৰ ত্যাগৰ কথাও আমি স্মৰণ কৰিছো।