জম্মু-কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনাত পতিত সেনাৰ বাহন, নিহত ৫ জোৱান…

জম্মু-কাশ্মীৰত এখন সেনাৰ বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ লাভ কৰা গৈছে । পিটিআইৰ প্ৰতিবেদন অনুসৰি, এই দুৰ্ঘটনাত পাঁচজন জোৱান নিহত হোৱাৰ লগতে আন পাঁচজন জোৱান গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ।

জম্মু-কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনাত পতিত সেনাৰ বাহন, নিহত ৫ জোৱান...

সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

Published: 

24 Dec 2024 20:23 PM

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত মঙলবাৰে সন্ধিয়া এখন সেনাৰ জোৱান কঢ়িয়াই অনা বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় । পিটিআইৰ প্ৰতিবেদন অনুসৰি, এই দুৰ্ঘটনাত পাঁচজন জোৱান নিহত হোৱাৰ লগতে আন পাঁচজন জোৱান গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, নিয়ন্ত্ৰণ হেৰুৱাই কুৰুঙত সোমাই পৰা ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

জিলাখনৰ বানয়লৈ গৈ থকা অৱস্থাত ঘৰোৱা অঞ্চলত দুৰ্ঘটনাত পতিত হয় এই সেনাৰ বাহনখন । এই দুৰ্ঘটনা সংঘটিত স্থানৰ পৰা উদ্ধাৰকাৰী দলে পাঁচটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে। সূত্ৰৰ খবৰ অনুসৰি, সেনাৰ বাহনখন নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত দুৰ্ঘটনাত প্ৰতি হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । জানিব পৰা মতে, বাহনখন প্ৰায় ৩০০-৩৫০ ফুট দ-কুৰুঙত বাগৰি পৰে ।

আন এক প্ৰতিবেদন অনুসৰি,এই দুৰ্ঘটনাত ১০ জনতকৈ অধিক জোৱান আহত হোৱাৰ বুলি জানিব পৰা গৈছে । ইয়াৰে কেইবাজন জোৱানৰ অৱস্থা সংকটজনক। সেনা উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । আহত জোৱানৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰা হৈছে । ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও তদন্ত আৰম্ভ কৰা হৈছে ।

যোৱা মাহত জম্মু-কাশ্মীৰতো একেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছিল । এই দুৰ্ঘটনাত এজন সেনা জোৱানে প্ৰাণ হেৰুৱাইছিল আৰু আন কেইবাজনো জোৱান আহত হৈছিল। যোৱা ৪ নৱেম্বৰত কালাকোটৰ বডোগ গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?
খাদ্য গ্ৰহণৰ পাছত কৰক এই কাম, কেতিয়াও নাবাঢ়ে ওজন!
কাইলৈ পবিত্ৰ বৰদিন, জানক সমগ্ৰ বিশ্বতে উদযাপন কৰা বৰদিনৰ আঁৰৰ কাহিনী
সংগীৰ সৈতে প্ৰায়ে হয় নেকি কাজিয়া? তেন্তে কৰক এই উপায়, দূৰ হ'ব সমস্যা..