শোকাৱহ! খাৱৈত পৰিল সেনাৰ বাহন, ৪জন জোৱান ছহিদ, আহত ২জন
খাৱৈত পৰিল এখন সেনাৰ বাহন। এই দুৰ্ঘটনাত ছহিদ হৈছে ৪জনকৈ সৈনিক। লগতে দুজন সৈনিকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। আহতসকলক শ্ৰীনগৰলৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে এছ কে পাইনৰ ওচৰৰ বান্দিপোৰা-শ্ৰীনগৰ পথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
জম্মু-কাশ্মীৰৰ বান্দিপোৰাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। য’ত খাৱৈত পৰিল এখন সেনাৰ বাহন। এই দুৰ্ঘটনাত ছহিদ হৈছে ৪জনকৈ সৈনিক। লগতে দুজন সৈনিকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। আহতসকলক শ্ৰীনগৰলৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে এছ কে পাইনৰ ওচৰৰ বান্দিপোৰা-শ্ৰীনগৰ পথত সংঘটিত হৈছে এই দুৰ্ঘটনা। সেই সয়মত সেনাৰ বাহনখন পথৰ পৰা পিছলি গৈ এটা গভীৰ খাদত পৰে। এই দুৰ্ঘটনাত ছয়জন সৈনিক গুৰুতৰভাৱে আহত হৈছে।
আহতসকলক ততাতৈয়াকৈ বান্দিপোৰাৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। য’ত তিনিজন জোৱানক মৃত ঘোষণা কৰা হয়। গুৰুতৰভাৱে আহত জোৱানসকলক উন্নত চিকিৎসাৰ বাবে শ্ৰীনগৰলৈ লৈ যোৱা হৈছিল। অৱশ্যে, তেওঁলোকৰ এজনৰ বাটতে মৃত্যু হয়। বাকী আহতসকলক চিকিৎসাৰ বাবে শ্ৰীনগৰলৈ প্ৰেৰণ কৰা হৈছে।
দুৰ্ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ পিছত বহু সংখ্যক স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয়। কিন্তু বাহনখন খাৱৈত পৰাৰ বাবে তেওঁলোকে কোনো ধৰণে সহায় কৰিব নোৱাৰিলে। তাৰ পিছত তেওঁ ঘটনাটো আৰক্ষীক জনোৱা হয়। ইয়াৰ পিছত, স্থানীয় লোকসকলকো উদ্ধাৰ অভিযানত সহায় কৰা দেখা গৈছিল।
#WATCH | Jammu and Kashmir: 2 soldiers died, 3 injured after an Army vehicle veered off the road and plunged into a deep gorge near the Wular Viewpoint in the Bandipora district pic.twitter.com/lQ8MAoY9ca
— ANI (@ANI) January 4, 2025
বিগত সপ্তাহতো পুঞ্চ চেক্টৰত এখন সেনাৰ ট্ৰাক ৩০০ ফুট গভীৰ খাদত পৰিছিল। এই ঘটনাত ৫ জন সৈনিক নিহত হোৱাৰ উপৰিও ৫ জন সৈনিক আহত হৈছিল। ১১ মাৰাঠা ৰেজিমেণ্টৰ সকলো সেনাই এখন বাহনত নিয়ন্ত্ৰণ ৰেখা (LOC)ৰফালে গৈ আছিল। সেই সময়তে তেওঁলোকৰ বাহনখন দুৰ্ঘটনাৰ পতিত হৈছিল।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দুৰ্ঘটনাত পতিত সেনাৰ ট্ৰাকখনৰ ওজন আছিল প্ৰায় আঢ়ৈ টন। দুৰ্ঘটনাত খাৱৈত পৰা বাহনখন সেনাৰ ৬ বাহনযুক্ত কনভয়ত অন্তৰ্ভুক্ত আছিল। বাহনখন এলঅ’চিৰ ফালে গৈ আছিল। দুৰ্ঘটনাৰ পতিত হোৱা বাহনখনত ১৫-১৮ জন সৈনিক আছিল। যাৰ ভিতৰত পাঁচজনৰ মৃত্যু হৈছিল।