শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আৰম্ভ হ’ল মহাকুম্ভ ২০২৫ঃ প্ৰথম দিনাই অমৃত স্নান প্ৰায় ১ কোটি ভক্তৰ; ২৬ ফেব্ৰুৱাৰীত পৰিব অন্ত

প্ৰয়াগৰাজত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ মহাকুম্ভ মেলা ২০২৫, এই উপলক্ষে ৪৫ দিনীয়া এক আধ্যাত্মিক অনুষ্ঠান আৰম্ভ হৈছে । ১০ হাজাৰ একৰ ভূমিত আয়োজন কৰা হৈছে মহাকুম্ভ মেলা ২০২৫ৰ ।

আৰম্ভ হ’ল মহাকুম্ভ ২০২৫ঃ প্ৰথম দিনাই অমৃত স্নান প্ৰায় ১ কোটি ভক্তৰ; ২৬ ফেব্ৰুৱাৰীত পৰিব অন্ত
মহাকুম্ভ মেলাImage Credit source: ANI
raj-saikia
Raj Saikia | Published: 13 Jan 2025 16:22 PM

২০২৫ চনৰ বহু প্ৰত্যাশিত মহাকুম্ভ মেলা আৰম্ভ হোৱাৰ লগে লগে ভক্তসকলে সমবেত হৈ দুখন নদী গংগা আৰু যমুনাৰ সংগমস্থলীত পবিত্ৰ স্নান কৰিছে । সোমবাৰে উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে কয় যে পবিত্ৰ সংগমত প্ৰায় এক কোটি লোকে স্নান কৰিছে ।

ডিজিপি কুমাৰে সংবাদ সংস্থা এএনআইক কয় যে এতিয়ালৈকে প্ৰায় ১ কোটি ভক্তই প্ৰথম দিনটোত সংগম অঞ্চলত পবিত্ৰ ‘অমৃত স্নান’ কৰিছে । সংগমত ভক্তৰ ভিৰ অব্যাহত থকাৰ লগতে আৰক্ষী প্ৰশাসনে ড্ৰোন যোগে অঞ্চলটোৰ সকলো দিশ তন্নতন্নকৈ নিৰীক্ষণ কৰি থকাৰ লগতে আৰক্ষী জোৱান নিয়োজিত হৈ আছে বুলিও তেওঁ কয় । ডিজিপিয়ে লগতে কয় যে কোনো দুৰ্ঘটনাৰ কোনো তথ্য পোৱা নাই ।

“সংগমত ভক্তৰ ভিৰ অব্যাহত আছে । তাত আৰক্ষীৰ লোক উপস্থিত আছে, ড্ৰোনৰ দ্বাৰাও নিৰীক্ষণ চলি আছে । নিৰাপত্তাৰ বাবে পানীৰ তলতো ড্ৰোন ব্যৱহাৰ কৰা হৈছে । এতিয়ালৈকে প্ৰয়াগৰাজ অঞ্চলত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ তথ্য আমি পোৱা নাই ।” ৰাজ্যখনৰ সকলো জ্যেষ্ঠ বিষয়া আৰু চিএমঅ’ৰ কাৰ্যালয়ে পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।” এইদৰে কয় ডিজিপি কুমাৰে ।

“পথেৰে অহা ভক্তসকলৰ বাবে পৰিবহণ বিভাগে কৰা সকলো ব্যৱস্থা সুকলমে চলি আছে । প্ৰয়াগৰাজলৈ যোৱা সকলো পথতে যাতায়তৰ ক্ষেত্ৰত কোনো বাধা নাই । আজিৰ ব্যৱস্থাত যিবোৰ অভাৱ আমি বিচাৰি পাম, সেইবোৰৰ ওপৰত কাম কৰি কাইলৈৰ বাবে উন্নত কৰা হ’ব ।” তেওঁ লগতে কয় ।

প্ৰয়াগৰাজত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ মহাকুম্ভ মেলা ২০২৫, এই উপলক্ষে ৪৫ দিনীয়া এক আধ্যাত্মিক অনুষ্ঠান আৰম্ভ হৈছে । ১০ হাজাৰ একৰ ভূমিত আয়োজন কৰা হৈছে মহাকুম্ভ মেলা ২০২৫ৰ ।

ইতিমধ্যে ত্ৰিবেণী সংগমস্থিত গংগা, যমুনা আৰু ৰহস্যময় সৰস্বতী নদীৰ পবিত্ৰ সংগমস্থলীত হাজাৰ হাজাৰ ভক্তই পবিত্ৰ স্নানত অংশগ্ৰহণ কৰিবলৈ ভিৰ কৰিছে ।

চৰকাৰে সুক্ষ্মতাৰে এই অনুষ্ঠানৰ পৰিকল্পনা কৰিছে । মূল ব্যৱস্থাসমূহৰ ভিতৰত আছে ০.১৫ মিলিয়ন শৌচাগাৰ, ১৫,০০০ অনাময় কৰ্মী, ২,৫০০ গংগা সেৱা দূত (স্বেচ্ছাসেৱক), আৰু মেলা অঞ্চলত ০.১৫ মিলিয়ন তম্বু । ৰাজ্য চৰকাৰে সৌৰ হাইব্ৰিড ষ্ট্ৰীট লাইটিং, ২,৭৫০ টা নিৰীক্ষণ কেমেৰা, ২৪/৭ ইন্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ (আই চি চি চি)ৰ নিৰীক্ষণকে ধৰি ৬৯ হাজাৰ এল ই ডি লাইট স্থাপন কৰিছে । ইয়াৰ উপৰিও ১০টা ডিজিটেল কেন্দ্ৰ, ২৫ হাজাৰ কৰ্মী, ১৮০০ হেক্টৰ মাটিত পাৰ্কিঙৰ সুবিধা থাকিব ।

সোমবাৰৰ পৰা ৪৫ দিনীয়া মহাকুম্ভৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে ভক্তসকলক সহায় কৰিবলৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে এখন ভাসমান আৰক্ষী চকী স্থাপন কৰিছে । এই অনুষ্ঠানৰ নিৰাপত্তাৰ বাবে স্থানীয় আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীকে ধৰি ১০ হাজাৰৰো অধিক জোৱান নিয়োগ কৰা হৈছে ।

ভক্তৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এনডিআৰএফে সংগমত নিয়োজিত এখন “পানী এম্বুলেন্স” মোতায়েন কৰিছে । চিকিৎসা সুবিধাৰে সজ্জিত, চিকিৎসক আৰু এনডিআৰএফৰ বিষয়াৰ কৰ্মচাৰীৰে গঠিত এই এম্বুলেন্সখনে সমগ্ৰ অনুষ্ঠানটোত অবিৰতভাৱে সেৱা আগবঢ়াব ।

ইতিমধ্যে মহাকুম্ভ ২০২৫ৰ প্ৰথম দিনটোত এতিয়ালৈকে প্ৰায় এক কোটি ভক্তই সংগমত পবিত্ৰ স্নান কৰিছে । ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান ২৬ ফেব্ৰুৱাৰীলৈকে চলিব। স্নানৰ মূল তাৰিখসমূহ হ’ল ১৪ জানুৱাৰী (মকৰ সংক্ৰান্তি – প্ৰথম শ্বাহী স্নান), ২৯ জানুৱাৰী (মৌনি আমাৱস্যা – দ্বিতীয় শ্বাহী স্নান), ৩ ফেব্ৰুৱাৰী (বসন্ত পঞ্চমী – তৃতীয় শ্বাহী স্নান ), ১২ ফেব্ৰুৱাৰী (মাঘী পূৰ্ণিমা), আৰু ২৬ ফেব্ৰুৱাৰী (মহা শিৱৰাত্ৰী)।

১২ বছৰৰ পাছত মহাকুম্ভ উদযাপন কৰা হৈছে আৰু এই অনুষ্ঠানৰ বাবে ৪৫ কোটিৰো অধিক ভক্তৰ সমাৱেশ আশা কৰা হৈছে । ২৬ ফেব্ৰুৱাৰীত সামৰণি পৰিব মহাকুম্ভ ।

Latest News