পদত্যাগৰ ঘোষণা অৰবিন্দ কেজৰিৱালৰ, কোন হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? | arvind kejriwal announce resign who will be the next CM of delhi Assam news - Assam Tv9

পদত্যাগৰ ঘোষণা অৰবিন্দ কেজৰিৱালৰ, কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

Updated On: 

15 Sep 2024 14:22 PM

কেজৰিৱালে কয়, মোৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ বাবে পদত্যাগ কৰিছো। অগ্নি পৰীক্ষাৰ বাবে মই সাজু আছো। লগতে তেওঁ এয়াও কয় যে, মনীষ ছিচ'দিয়াইও মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত নহয়।

পদত্যাগৰ ঘোষণা অৰবিন্দ কেজৰিৱালৰ, কোন হব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

অৰবিন্দ কেজৰিৱাল

Follow Us On

মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ ঘোষণা অৰবিন্দ কেজৰিৱালৰ। তিহাৰ জেলৰ পৰা ওলাই আহি দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আম আদমী পাৰ্টিৰ নেতা- কৰ্মীক সম্বোধন কৰি এই ঘোষণা কৰে। তেওঁ কয়, মোৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ বাবে পদত্যাগ কৰিছো। অগ্নি পৰীক্ষাৰ বাবে মই সাজু আছো। লগতে তেওঁ এয়াও কয় যে, মনীষ ছিচ’দিয়াইও মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত নহয়। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হৈছে যে কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।

দুদিন পাছত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰি অৰবিন্দ কেজৰিৱালে কয়, ‘যদি আপুনি ভাবিছে যে মই সৎ, তেন্তে মোক ভোট দিয়ক আৰু আপোনালোকে জয়ী কৰালে মই পুনৰ মুখ্যমন্ত্ৰীৰ চকীত বহিম। মোৰ ওপৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ বাবেই মই পদত্যাগ কৰিছো।” তেওঁ আৰু কয়, ‘আম আদমী পাৰ্টিৰ কোনোবা এজন মুখ্যমন্ত্ৰী হ’ব। মুখ্যমন্ত্রীক বাছনি কৰিবলৈ বিধায়িনী দলৰ বৈঠক হ’ব আৰু তাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হব।

পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰি কেজৰিৱালে ক যে, মই আৰু মনীষ ছিচ’দিয়া এতিয়া জনতাৰ আদালতলৈ যাম। যদি আমাক সৎ বুলি ভাৱে তেন্তে ভোট দিব, যদি নাভাৱে নিদিব। গতিকে তেওঁৰ কথাৰ পৰা এয়াও স্পষ্ট হৈ পৰিল যে মনীষ ছিচ’দিয়াও মুখ্যমন্ত্ৰী নহয়।

দুদিন পাছতেই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰিব। এনে অৱস্থাত শিক্ষামন্ত্ৰী আতিশীৰ নাম প্ৰথমত আছে।কিয়নো আতিশীক মুখ্যমন্ত্ৰীৰ আটাইতকৈ বিশ্বাসযোগ্য নেত্ৰী বুলি কোৱা হয়। কেজৰিৱালে তেওঁক বহুত বিশ্বাস কৰে। যেতিয়া দিল্লীৰ উপ- মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়া জেললৈ গৈছিল তেতিয়া আতিশীয়ে শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ লগতে দিল্লীৰ বাজেট দাখিল কৰিছিল। আনকি অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পাছতো তেওঁ দলৰ দায়িত্ব পালন কৰি গৈছিল।

আজি পদত্যাগ ঘোষণা কৰাৰ আগত কেজৰিৱালে ভাষণ প্ৰদান কৰি আতিশীৰ নাম লৈছিল। তেওঁ কৈছিল, তিহাৰ জেলত থকাৰ সময়ত এলজিলৈ এথন পত্ৰ লিখি কৈছিলো যে ১৫ আগষ্টত আতিশীয়ে পতাকা উত্তোলন কৰিব। কিন্তু তেওঁ পত্ৰখন উভতাই দি সতৰ্কবাণী দিছিল যে পুনৰবাৰ পত্ৰ লিখিলে পৰিয়ালৰ লগত হৈ থকা সাক্ষাৎ বন্ধ হ;ব।

ইয়াৰোপৰি মুখ্যমন্ত্ৰী পদৰ দৌৰত থকা আন এগৰাকী নেতা হ’ল সৌৰভ ভৰদ্বাজ। তেওঁ দীৰ্ঘদিন ধৰি আপৰ হৈ কাম কৰি গৈছে। দিল্লী বিধানসভা গ্ৰেটৰ কৈলাস আসনৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰি আহিছে। সৌৰভ দিল্লী চৰকাৰৰ স্বাস্থ্য, নগৰ উন্নয়ন আৰু পৰ্যটন মন্ত্ৰী। ইয়াৰোপৰি তেওঁ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে দলটোক বেয়া দিনত প্ৰতিনিধিত্ব কৰি আহিছে। গতিকে আতিশীৰ পাছতেই একাংশৰ মনত তেওঁৰ নামো আহিছে।

ইয়াৰোপৰি কৈলাশ গেহলট নামৰ এজনো আছে মুখ্যমন্ত্ৰীৰ পদৰ দৌৰত। তেওঁ দিল্লীৰ পৰিবহণ আৰু পৰিৱেশ মন্ত্ৰী। তেওঁ নতুন দিল্লীৰ নাজাফগড় বিধানসভা আসনখনক প্ৰতিনিধিত্ব কৰে। অৱশ্যে এই নেতাগৰাকীক বাতৰিৰ শিৰোনামত কম দেখা যায়। এয়া এক অনুমান মাত্ৰ। দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেয়া ২ দিন পাছত স্পষ্ট হৈ পৰিব।

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version