5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অৰবিন্দ কেজৰিৱালক আক্ৰমণৰ চেষ্টা! বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আপৰ

দিল্লীৰ বিকাশপুৰীত এক পদযাত্ৰাৰ সময়ত আপৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টিয়ে। কেজৰিৱালৰ ওপৰত বিজেপিয়ে এই আক্ৰমণ চলোৱা বুলি আপে বিস্ফোৰক অভিযোগ তুলিছে।

অৰবিন্দ কেজৰিৱালক আক্ৰমণৰ চেষ্টা! বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আপৰ
দিল্লীৰ বিকাশপুৰীত পদযাত্ৰা কেজৰিৱালৰ
monjit-dutta
Monjit Dutta | Published: 25 Oct 2024 21:39 PM

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক আক্ৰমণৰ চেষ্টা চলোৱা হৈছে। খোদ বিজেপিয়ে চলাইছে অৰবিন্দ কেজৰিৱালক আক্ৰমণৰ চেষ্টা। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টিয়ে। দলটোৰ শীৰ্ষ নেতৃত্বই চ’ছিয়েল মিডিয়া প্লেটফৰ্ম এক্স যোগে উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ। আম আদমী পাৰ্টিৰ অভিযোগ, দিল্লীৰ বিকাশপুৰীত পদযাত্ৰাৰ সময়ত বিজেপিৰ একাংশ ‘গুণ্ডা’ই আনকি অৰবিন্দ কেজৰিৱালৰ কাষ চাপি আহিছিল, কিন্তু দিল্লী আৰক্ষীয়ে বিজেপিৰ এই ‘গুণ্ডা’সকলক বাধা দিয়া নাছিল।

আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই এক টুইট যোগে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে। তেওঁ অৰবিন্দ কেজৰিৱালৰ ওপৰত হোৱা এক আক্ৰমণক অত্যন্ত নিন্দনীয় আৰু চিন্তনীয় বুলি উল্লেখ কৰে। বিজেপিয়ে নিজৰ ‘গুণ্ডা’ৰ জৰিয়তে যে এই আক্ৰমণ সংঘটিত কৰিছে সেয়া স্পষ্ট বুলি অভিযোগ কৰে চিছ’দিয়াই।

যদি অৰবিন্দ কেজৰিৱালৰ কোনো বিপদ হয় তেন্তে ইয়াৰ সমগ্ৰ দায়িত্ব বিজেপিৰ ওপৰত বুলি লগতে চিছ’দিয়াই টুইটটোত উল্লেখ কৰে। দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই আক্ৰমণৰ দোহাই দি ‘আমি ভয় কৰা নাই— আম আদমী পাৰ্টিয়ে নিজৰ মিছনত অটল থাকিব’ বুলিও হুংকাৰ দিয়ে। মনীষ চিছ’দিয়াৰ অভিযোগ মতে, বিজেপিয়ে প্ৰথমে জেলত অৰবিন্দ কেজৰিৱালক হত্যা কৰিবলৈ চেষ্টা কৰিছিল।

 

এতিয়া আদালতে কেজৰিৱালক কাৰাগাৰৰ পৰা মুকলি কৰি দিছে আৰু তেওঁ প্ৰতিদিনে দিল্লীৰ ৰাইজক লগ কৰিবলৈ ওলাই আহিছে। লগে লগে বিজেপিয়ে নিজৰ ‘গুণ্ডা’ৰে কেজৰিৱালক হত্যা কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰি চিছ’দিয়াই লগতে বিজেপিয়ে যিকোনো প্ৰকাৰে অৰবিন্দ কেজৰিৱালক নিৰ্মূল কৰিব বিচাৰিছে বুলি দাবী কৰে।

দিল্লী চৰকাৰৰ মন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুখপাত্ৰ সৌৰভ ভৰদ্বাজেও এক টুইট যোগে অনুৰূপ অভিযোগ কৰে। তেওঁ কয় যে অৰবিন্দ কেজৰিৱালে আজি বিকাশপুৰীত পদযাত্ৰা কৰি আছিল। কেজৰিৱালে জনসাধাৰণৰ পৰা অপৰিসীম মৰম লাভ কৰিছে আৰু এই প্ৰেম বিজেপিয়ে কোনো প্ৰকাৰে হজম কৰা নাই বুলি সৌৰভ ভৰদ্বাজে কেন্দ্ৰৰ শাসকীয় দলটোক কটাক্ষ কৰে।

 

‘আজি বিজেপিৰ সৈতে জড়িত লোকসকলে অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে’ বুলি টুইটটোৰ জৰিয়তে ভৰদ্বাজে অভিযোগ কৰে। তেওঁ লগতে কয় যে ইয়াৰ পূৰ্বেও কেজৰিৱালক জেলত ইনচুলিন দিয়া হোৱা নাছিল। ইডি, চিবিআই আৰু কাৰাগাৰে কোনো কাম নিদিলে বাবে এতিয়া বিজেপিয়ে কেজৰিৱালৰ ওপৰত আক্ৰমণ কৰোৱাইছে বুলি ভৰদ্বাজে লগতে দাবী কৰে।

Latest News