5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰসঙ্গ বিজেপি আৰু মোদীঃ জন্তৰ মন্তৰৰ পৰা আৰ এছ এছলৈ পাঁচটা প্ৰশ্ন কেজৰিৱালৰ

যন্তৰ মন্তৰত আজি ‘জনতাৰ আদালত’ আয়োজন কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। এই ‘জনতাৰ আদালত’ত বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীক তীক্ষ্ণ সমালোচনা কৰি কেজৰিৱালে লগতে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক পাঁচটা প্ৰশ্ন কৰিছে।

প্ৰসঙ্গ বিজেপি আৰু মোদীঃ জন্তৰ মন্তৰৰ পৰা আৰ এছ এছলৈ পাঁচটা প্ৰশ্ন কেজৰিৱালৰ
মোহন ভাগৱতক পাঁচটা প্ৰশ্ন কেজৰিৱালৰ
Follow Us
monjit-dutta
Monjit Dutta | Published: 22 Sep 2024 15:21 PM

দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে জনসাধাৰণক সম্বোধন কৰিছে  আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। যন্তৰ মন্তৰত আজি এক ‘জনতাৰ আদালত’ আয়োজন কৰি কেজৰিৱালে কেন্দ্ৰৰ শাসকীয় বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে। কেজৰিৱালে লগতে এই জনতাৰ আদালততে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰসঙ্গৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক পাঁচটা প্ৰশ্ন কৰিছে।

কেজৰিৱালে কয়, আৰ এছ এছে নিজকে জাতীয়তাবাদী বুলি তথা দেশপ্ৰেমিক বুলি চিনাকি দিয়ে। আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক উদ্দেশ্যি তাৰ পিছতে কেজৰিৱালে কেইটামান প্ৰশ্ন উত্থাপন কৰে। মোহন ভাগৱতলৈ শ্ৰদ্ধা প্ৰদৰ্শন কৰি কেজৰিৱালে জনতাৰ আদালতৰ মঞ্চৰ পৰাই পাঁচটা প্ৰশ্ন কৰে।

আৰ এছ এছলৈ কেজৰিৱালৰ পাঁচটা প্ৰশ্ন-

প্ৰধানমন্ত্ৰী মোদীয়ে দেশজুৰি মানুহক প্ৰলোভিত কৰি বা ইডি-চিবিআইৰ দ্বাৰা ভীতিগ্ৰস্ত কৰি যিদৰে আন দলৰ নেতাক প্ৰলোভিত কৰি চৰকাৰ উফৰাইছে বুলি অভিযোগ কৰি কেজৰিৱালে দেশৰ গণতন্ত্ৰৰ বাবে এয়া সঠিক নেকি বুলি প্ৰশ্ন কৰে। এনে কাৰ্য দেশৰ গণতন্ত্ৰৰ বাবে ক্ষতিকাৰক বুলি নাভাবেনে বুলি আৰ এছ এছক প্ৰশ্ন কৰে কেজৰিৱালে।

কেজৰিৱালৰ দাবী, দেশৰ সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত নেতাক নিজৰ দলত অন্তৰ্ভুক্ত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। যিসকল নেতাক কিছুদিন পূৰ্বে তেওঁৰ লগতে অমিত শ্বাহে দুৰ্নীতিগ্ৰস্ত বুলি অভিহিত কৰিছিল, সেইসকল নেতাকে কিছুদিন পাছত তেওঁ নিজেই বিজেপিত অন্তৰ্ভুক্ত কৰিলে। এই প্ৰসঙ্গৰে কেজৰিৱালে মোহন ভাগৱতক এনেকুৱা বিজেপিৰ কথা কল্পনা কৰিছিল নেকি বুলি প্ৰশ্ন কৰে। এই ধৰণৰ ৰাজনীতি মোহনে ভাগৱতে সমৰ্থন কৰে নেকি বুলিও প্ৰশ্ন কৰে কেজৰিৱালে।

বিজেপিৰ জন্ম হৈছে আৰএছএছৰ গৰ্ভৰ পৰা, বিজেপি যাতে বিপথে নাযায় সেই দায়িত্ব আৰএছএছৰ। বিজেপিৰ বৰ্তমানৰ কাৰ্যপন্থাৰ সৈতে ভাগৱত একমত নেকি বুলি প্ৰশ্ন কৰে কেজৰিৱালে। লগতে আৰ এছ এছৰ মুৰব্বী হিচাপে তেওঁ কেতিয়াবা মোদীক এনে কাৰ্য কৰাত বাধা দিছে নেকি বুলিও কেজৰিৱালে প্ৰশ্ন কৰে।

“নিৰ্বাচনৰ সময়ত জে পি নড্ডাই কৈছিল যে বিজেপিক আৰ এছ এছৰ প্ৰয়োজন নাই। আৰ এছ এছ বিজেপিৰ মাতৃৰ দৰে। পুত্ৰ ইমান ডাঙৰ হৈছেনে যে নিজ মাতৃক চকু দেখুৱাবলৈ আৰম্ভ কৰিছে! যি পুত্ৰক তেওঁ ডাঙৰ-দীঘল কৰি প্ৰধানমন্ত্ৰী কৰিছিল, আজি তেওঁ নিজৰ সংগঠনৰ প্ৰতি ভ্ৰুকুটি দেখুৱাইছে। জে পি নড্ডাৰ এই বক্তব্যত তেওঁ দুখ পোৱা নাছিল নেকি?”- প্ৰশ্ন কেজৰিৱালৰ।

তেওঁ লগতে কয়, “আৰ এছ এছ আৰু বিজেপিয়ে মিলি এই আইন প্ৰণয়ন কৰিছিল যে যিকোনো ব্যক্তিয়ে ৭৫ বছৰ বয়স হোৱাৰ পিছত অৱসৰ ল’ব লাগিব। এই আইনৰ অধীনত আদৱানী আৰু মুৰলী মনোহৰ যোশীৰ দৰে নেতায়ো অৱসৰ লৈছিল। এতিয়া অমিত শ্বাহে এই নিয়ম মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব বুলি কৈছে।” যি নিয়ম আদৱানীৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল, সেয়া মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব- এই কথাত মোহন ভাগৱত মান্তি হোৱা নেকি বুলি আপৰ মুৰব্বীগৰাকীয়ে প্ৰশ্ন কৰে।

Latest News