5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Atishi : আতিশী কেনেকৈ অৰবিন্দ কেজৰিৱালৰ উত্তৰাধিকাৰী হ’ল?

দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে মুঠ ৭ জন আম আদমী পাৰ্টিত নেতাৰ নাম চৰ্চালৈ আহিছিল যদিও আতিশীয়ে সকলোকে অতিক্ৰম কৰি মুখ্যমন্ত্ৰীৰ পদটো লাভ কৰিছে। আতিশীক দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ পাছত প্ৰশ্ন উত্থাপন হৈছে যে, তেওঁক কিয় মুখ্যমন্ত্ৰী পদটো দিয়া হৈছে ?

Atishi : আতিশী কেনেকৈ অৰবিন্দ কেজৰিৱালৰ উত্তৰাধিকাৰী হ’ল?
আতিশী হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী
Follow Us
manas-borah
Manas Borah | Updated On: 17 Sep 2024 18:04 PM

অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰাৰ পাছত দিল্লী নতুন মুখ্যমন্ত্ৰী হ’ল আতিশী মাৰ্লিনা । দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে মুঠ ৭ জন আম আদমী পাৰ্টিত নেতাৰ নাম চৰ্চালৈ আহিছিল যদিও আতিশীয়ে সকলোকে অতিক্ৰম কৰি মুখ্যমন্ত্ৰীৰ পদটো লাভ কৰিছে। আতিশীক দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ পাছত প্ৰশ্ন উত্থাপন হৈছে যে, তেওঁক কিয় মুখ্যমন্ত্ৰী পদটো দিয়া হৈছে ?

অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰা পাছতে দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ দৌৰত থকা মুঠ ৭ জন নেতাৰ নাম চৰ্চালৈ আহিছিল। ইয়াৰ ভিতৰত প্ৰথম নাম আছিল কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল। কিন্তু বিধায়ক নোহোৱাৰ বাবে তেওঁকলৈ কোনেও বৰ বিশেষ জল্পনা-কল্পনা কৰা নাছিল। ইয়াৰোপৰি চৰ্চাত আছিল মন্ত্ৰী গোপাল ৰায়, কৈলাশ গেহলট, আতিশী, সৌৰভ ভৰদ্বাজ, ৰাখী বীৰলান আৰু কুলদীপ কুমাৰৰ নাম । গোপাল ৰায়ৰ নাম চৰ্চাত থকাৰ মূলতে হৈছে তেওঁৰ আপৰ জ্যেষ্ঠ নেতা।

আতিশীয়ে মুখ্যমন্ত্ৰীৰ চকীখন কিয় পালে?

আতিশীক দিল্লীৰ মুখ্যমন্ত্ৰী পদটো দিয়াৰ লগে লগে দেশৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে । কোৱা হৈছে যে,আন্না আন্দোলনৰ পূৰ্বেও অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছ’দিয়াৰ সৈতে আতিশীৰ এক ভাল সম্পৰ্ক আছিল। সেই অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ বাবে আতিশীৰ নামটো মনীষ চিছ’দিয়াই পৰামৰ্শ দিছে। ইয়াৰ সমান্তৰালভাৱে চৰ্চা হৈছে যে, আতিশী এগৰাকী নাৰী আৰু তেওঁ দ্বাৰা আপে দেশৰ আধা জনসংখ্যাক, অৰ্থাৎ মহিলা সকলক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব।

ৰাজনৈতিক বিশ্লেষক সকলে ধাৰণা কৰিছে যে, আতিশীয়ে দিল্লীৰ মুখ্যমন্ত্ৰীৰ চকীখন পোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল তেওঁৰ বিশ্বাসযোগ্যতা। আনকি অৰবিন্দ কেজৰিৱাল জেলত থকাৰ সময়তো তেওঁৰ ঠাইত পতাকা উত্তোলন কৰিবলৈ আতিশীক পৰামৰ্শ দিছিল। সমান্তৰালভাৱে স্বাতী মালিৱাল গোচৰৰ পিছত মহিলাৰ বিষয়ত অৰবিন্দ কেজৰিৱালৰ দলটো বেকফুটত আছিল। আতিশীক মুখ্যমন্ত্ৰীৰ নিযুক্তি দিয়াৰ এয়াও এটা কাৰণ হ’ব পাৰে বুলি ধাৰণা কৰিছে বিশ্লেষক সকলে ।

Latest News