5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা: কিছু সময় পাছতে কেজৰিৱালে কৰিব পদত্যাগ

Delhi new cm: আজি মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে। তাৰ পাছতেই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব আতিশীয়ে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা আতিশীয়ে কেইবাবছৰ ধৰি আপৰ লগত জড়িত হৈ আছে। কেজৰিৱালৰ অতি বিশ্বাসী আতিশী।

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা: কিছু সময় পাছতে কেজৰিৱালে কৰিব পদত্যাগ
দিল্লীৰ নতুন মুখ্যমন্ত্ৰী
Follow Us
barasha-sarma
Barasha Sarma | Published: 17 Sep 2024 12:36 PM

মঙলবাৰে পদত্যাগ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আৰু তাৰ পাছতেই দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আপৰ মন্ত্ৰী আতিশী মাৰ্লেনা। অৰবিন্দ কেজিৰৱালে দুদিন পূৰ্বে পদত্যাগৰ কথা ঘোষণা কৰিছিল আৰু তাৰ পাছতেই আজি দলৰ নেতা- মন্ত্ৰীৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে। মুখ্যমন্ত্ৰী পদৰ বাবে এই বৈঠকত আতিশীৰ নামৰ প্ৰস্তাৱ ৰখা হৈছিল আৰু পৰৱৰ্তী সময়ত সৰ্বসন্মতি ক্ৰমে সিদ্ধান্ত লোৱা হয় যে দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা। দিল্লীৰ তৃতীয় মহিলা মুখ্যমন্ত্ৰী হটব আতিশী। ইয়াৰ পূৰ্বে সুষমা স্বৰাজ আৰু ছিলা দীক্ষিতে এই পদত অধিষ্ঠিত হৈছিল।

দিল্লীৰ আবকাৰী নীতিৰ ক্ষেত্ৰত সংঘটিত হোৱা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ- মুখ্যমন্ত্ৰী মনীষ ছিচদিয়াকে ধৰি কেইবাজনো আপৰ নেতা মন্ত্ৰী। এজন এজনকৈ আপৰ জ্যেষ্ঠ নেতাসকল গ্ৰেপ্তাৰ হোৱাৰ পাছত দলৰ দায়িত্ব গ্ৰহণ কৰিছিল আতিশীয়ে। বৰ্তমান আতিশীৰ হাতত আছে শিক্ষা, পানী, বিত্ত, পি ডব্লিউ ডি,বিদ্যুৎ, আইনকে ধৰি মুঠ ১৪টা মন্ত্ৰালয়। এই আটাইকেইটা বিভাগৰ দায়িত্ব আতিশীয়ে সুকলমে পালন কৰি অহাৰ লগতে বিগত কেইটামান দিনত বাতৰিৰ শিৰোনামো দখল কৰি আহিছে।

কেইবামাহ ধৰি জেলত থকাৰ পাছত উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে অৰবিন্দ কেজৰিৱালৰ। দুদিন পূৰ্বে তিহাৰ জেলৰ পৰা ওলাই আহি মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ ভাষণত আতিশীৰ নামো উল্লেখ কৰিছিল গতিকে অনুমান কৰি লোৱা হৈছিল যে আতিশীৰ কঁপাল ফুলিব পাৰে।

দিল্লীৰ মুখ্যমন্ত্ৰীৰ দৌৰত কেইবাগৰাকী নেতাৰ নাম আহিছিল যদিও আতিশী আছিল প্ৰথমত। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিশ্বাসযোগ্য আৰু অতি ঘনিষ্ঠ আতিশী মাৰ্লেনা। শীৰ্ষ নেতাসকল গ্ৰেপ্তাৰ হোৱাৰ পাছত কেজৰিৱালৰ বিশ্বাস ৰক্ষা কৰি দলৰ কামান চম্ভালিছিল আতিশীয়ে।

কেতিয়া নামিছিল ৰাজনীতিত

আম আদমী পাৰ্টি আৰম্ভ হোৱাৰ পৰাই দলটোৰ লগত আতিশী জড়িত হৈ আছিল। ২০১৩ চনত বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰৰ খচৰা প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আতিশীয়ে। পাছলৈ তেওঁ আপৰ মুখপাত্ৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। দল গঠন আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত আতিশীৰ ভূমিকা যথেষ্ঠ আছে। মনীষ ছি’চদিয়াৰ উপদেষ্টা হিচাপেও তেওঁ কাম কৰিছিল আৰু মনীষ ছিচদিয়া জেললৈ যোৱাৰ পাছত তেওঁ শিক্ষামন্ত্ৰীৰ দায়িত্বও গ্ৰহণ কৰিছিল। দিল্লীৰ শিক্ষা ক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ ওপৰত আতিশীৰ অৱদান নুই কৰিব নোৱাৰি।

আপৰ লগত ৮ বছৰৰো অধিক কাল ধৰি জড়িত হৈ থকা আতিশীয়ে খুব কম সময়তে এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। ২০১৯ চনত তেওঁ পূৱ দিল্লীৰ লোকসভা আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাজয় লাভ কৰিছিল। তাৰ পাছত ২০২০ চনত তেওঁ কালকাজী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত জয় লাভ কৰে। ২০২৩ চনত প্ৰথমবাৰৰ বাবে তেওঁ কেজৰিৱাল মন্ত্ৰী সভাত মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পাছতেই ২০২৪ চনত তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ’ব।

শিক্ষা

আতিশীৰ জন্ম হৈছিল ১৯৮১ চনৰ ৮ জুনত। তেওঁৰ পিতৃ আছিল দিল্লী বিশ্ববিদ্যালৰ অধ্যাপক বিজয় কুমাৰ সিং আৰু মাতৃ তৃপ্ত ৱাহী। আতিশিয়ে নতুন দিল্লীৰ স্প্ৰিংডেল স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল, ছেইণ্ট ষ্টিফেনছ কলেজত ইতিহাস অধ্যয়ন কৰিছিল আৰু চেভেনিং বৃত্তিৰে অক্সফৰ্ড বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।তেওঁ অক্সফৰ্ডৰ পৰা শৈক্ষিক গৱেষণাত ৰোডছ স্কোলাৰ হিচাপে দ্বিতীয় স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। মধ্যপ্ৰদেশৰ এখন সৰু গাঁৱত আতিশীয়ে ৭ বছৰ কটায়, য’ত জৈৱিক কৃষি আৰু প্ৰগতিশীল শিক্ষা ব্যৱস্থাৰ লগত জড়িত হৈ পৰা আতিশীয়ে কেইবাটাও বেচৰকাৰী সংস্থাৰ লগতো জড়িত আছিল।

 

Latest News