কোন হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী! বিধায়িনী দলৰ বৈঠকত কাইলৈ হ’ব চূড়ান্ত… | Arvind Kejriwal resignation AAP MLA meeting Manish Sisodia Sunita Kejriwal Atishi Assam news - Assam Tv9

কোন হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী! বিধায়িনী দলৰ বৈঠকত কাইলৈ হ’ব চূড়ান্ত…

Published: 

16 Sep 2024 19:22 PM

কাইলৈ দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। তেওঁৰ পদত্যাগৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কোনে দায়িত্ব লাভ কৰিব, সেই সম্পৰ্কে কাইলৈ অনুষ্ঠিত হ’বলগা বিধায়িনী দলৰ বৈঠকতে নিশ্চিত হ’ব বুলি জানিব পৰা গৈছে।

কোন হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী! বিধায়িনী দলৰ বৈঠকত কাইলৈ হ’ব চূড়ান্ত…

কাইলৈ পদত্যাগ কৰিব কেজৰিৱালে

Follow Us On

দেওবাৰে কৰা পদত্যাগৰ ঘোষণা অনুসৰি কাইলৈ দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। মুখ্যমন্ত্ৰী কেজৰিৱালৰ পদত্যাগৰ পূৰ্বে আজি আম আদমী পাৰ্টিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ পিছতে আপ নেতা সৌৰভ ভৰদ্বাজে সংবাদ মাধ্যমক সম্বোধন কৰে। সংবাদ মাধ্যমৰ সমুখত সৌৰভ ভৰদ্বাজে জানিবলৈ দিয়া মতে পদত্যাগ ঘোষণাৰ সমান্তৰালকৈ কেজৰিৱালে দিল্লীৰ উপ-ৰাজ্যপালৰ সৈতে সাক্ষাতৰ অনুমতি বিচাৰিছে। আজি কেজৰিৱালে ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক আহ্বান কৰে আৰু এই বৈঠকত উপস্থিত থকা সকলো নেতাৰ সৈতে নতুন মুখ্যমন্ত্ৰীৰ বিষয়ত আলোচনা কৰে বুলি জানিবলৈ দিয়ে ভৰদ্বাজে।

ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকৰ পূৰ্বে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত উপস্থিত হৈছিল। কেজৰিৱালক বাসগৃ্হত সাক্ষাৎ কৰি তেওঁৰ সৈতে আলোচনাত মিলিত হয় চিছ’দিয়া। ইফালে, আজিৰ এই বৈঠকৰ পিছত মঙলবাৰে দিনৰ ১১.৩০ বজাত অৰবিন্দ কেজৰিৱালৰ বাসগৃহত অনুষ্ঠিত হ’ব বিধায়িনী দলৰ বৈঠক। এই বৈঠকতে নতুন মুখ্যমন্ত্ৰীৰ নাম বিবেচনা কৰা হ’ব বুলি জানিব পৰা গৈছে।

বিধায়িনী দলৰ বৈঠকৰ অন্তত বিয়লি ৪.৩০ বজাত অৰবিন্দ কেজৰিৱালে উপ ৰাজ্যপাল ভি কে ছাক্সেনাক সাক্ষাৎ কৰিব। এই সময়তে তেওঁ উপ ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব। উল্লেখ্য যে দেওবাৰে নিজৰ বিৰুদ্ধে উত্থাপিত হোৱা দুৰ্নীতিৰ অভিযোগৰ দোহাই দি কেজৰিৱালে পদত্যাগৰ কথা ঘোষণা কৰিছিল। এই ঘোষণাৰ সমান্তৰালকৈ কেজৰিৱালে আন এক গুৰুত্বপূৰ্ণ মন্তব্যও কৰিছিল।

পদত্যাগ ঘোষণা কৰি কেজৰিৱালে জনসাধাৰণে তেওঁক সৎ হিচাপে স্বীকৃতি দিলেহে তেওঁ পুনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’ব আৰু চিছ’দিয়া উপ মুখ্যমন্ত্ৰী হ’ব বুলি উল্লেখ কৰিছিল। ৪৮ ঘণ্টাৰ ভিতৰত পদত্যাগ কৰিব বুলি ঘোষণা কৰি কেজৰিৱালে দিল্লীত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাব বুলি উল্লেখ কৰিছিল আৰু দিল্লীৰ ৰাইজে তেওঁক ‘সততাৰ প্ৰমাণ পত্ৰ’ নিদিলে মুখ্যমন্ত্ৰীৰ চকীত বহি নবহে বুলিও প্ৰতিশ্ৰুতি দিছিল।

ইফালে কেজৰিৱালৰ পদত্যাগৰ ঘোষণাৰ পিছতে দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব- সেই লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। এইক্ষেত্ৰত তেওঁৰ পত্নী সুনীতা কেজৰিৱাল, মন্ত্ৰী আতিশী, গোপাল ৰায়, সৌৰভ ভৰদ্বাজকে ধৰি বহু নাম চৰ্চালৈ আহিছে। ইতিমধ্যে এই দৌৰত দলটোৰ আনগৰাকী শীৰ্ষ নেতা তথা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া নাথাকে বুলি নিশ্চিত হৈছে। অৱশ্যে আন নেতাসকলতকৈ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে সুনীতা কেজৰিৱালৰ নাম প্ৰস্তাৱ হোৱাৰে অধিক সম্ভাৱনা আছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version