‘এয়াই উত্তৰ-পূবৰ ওপৰত মোদী চৰকাৰৰ গুৰুত্ব’ , অঞ্চলটোৰ ৰে’লপথ সম্প্ৰসাৰণে অতিক্ৰম কৰিলে শ্ৰীলংকাক : হিমন্ত

উত্তৰ-পূবৰ ৰে’লপথ সম্প্ৰসাৰণে শ্ৰীলংকাৰ মুঠ ৰে’ল নেটৱৰ্কক অতিক্ৰম কৰা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । লগতে তেওঁ দাবী কৰিছে যে, এই সম্প্ৰসাৰণে উত্তৰ-পূবৰ ওপৰত থকা মোদী চৰকাৰৰ গুৰুত্বক প্ৰতিফলিত কৰিছে ।

এয়াই উত্তৰ-পূবৰ ওপৰত মোদী চৰকাৰৰ গুৰুত্ব , অঞ্চলটোৰ ৰে’লপথ সম্প্ৰসাৰণে অতিক্ৰম কৰিলে শ্ৰীলংকাক : হিমন্ত

ৰে’লৱে

Published: 

05 Feb 2025 12:00 PM

অসম আৰু উত্তৰ-পূবৰ ৰে’লপথ সম্প্ৰসাৰণে অতিক্ৰম কৰিলে শ্ৰীলংকাক । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই দাবী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি, শ্রীলংকাৰ মুঠ ৰে’ল নেটৱৰ্কক অতিক্ৰম কৰি ২০১৪ চনৰ পৰা অসম আৰু উত্তৰ-পূর্বাঞ্চলত ১,৮২৪ কিলোমিটাৰ নতুন ৰে’লপথ সংযোজন কৰা হৈছে ।

অফিচিয়েল এক্স হেণ্ডেলত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, “আপুনি জানেনে, যোৱা দশকত অসম আৰু উত্তৰ-পূব ৰে’লৱে নেটৱৰ্ক ১,৮২৪ কিলোমিটাৰ সম্প্ৰসাৰিত হৈছে । সেয়া শ্ৰীলংকাৰ মুঠ ৰে’ল নেটৱৰ্কতকৈ বেছি !” এয়াই উত্তৰ-পূবৰ প্ৰতি মোদী চৰকাৰৰ গুৰুত্ব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ভাৰতীয় ৰে’লৱেয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ১০,৪৪০ কোটি টকা আবণ্টন দিছে। এই আবণ্টন ২০০৯ চনৰ পৰা ২০১৪ চনৰ ভিতৰত লাভ কৰা বাজেট আবণ্টনৰ প্ৰায় পাঁচগুণ ।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে যে, বৰ্তমান অঞ্চলটোত ৭৪,৯৭২ কোটি টকাৰ ৰে’ল প্ৰকল্প চলি আছে । অঞ্চলটোত চলি থকা এই প্ৰকল্পসমূহে যাত্ৰী আৰু মালবাহী ৰে’ল সেৱা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ লগতে এই প্ৰকল্পসমূহে বাণিজ্য বৃদ্ধিৰে সমগ্ৰ উত্তৰ-পূবৰ অৰ্থনৈতিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

ৰে’ল যাত্ৰী সুবিধা,আন্তঃগাঁথনি আধুনিকীকৰণ আৰু উন্নত ৰে’ল সংযোগৰ জৰিয়তে আঞ্চলিক অৰ্থনীতি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অসমৰ ৫০ টা ৰে’ল ষ্টেচন অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উন্নীতকৰণৰ কথাও সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে