5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাহুল গান্ধীক অনুৰোধ জনাইছোঁ ক্ষমা খুজিবলৈ, নহ’লে আমি আমাৰ কৌশলেৰে হেঁচা প্ৰয়োগ কৰিমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডৰ জীয়ৰী ৰাজ্যসভাৰ সাংসদ এছ. ফাংনান কন্যা আৰু সাংসদ প্ৰতাপ সাৰংগীৰ সৈতে হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে সৰৱ হয়। মুখ্যমন্ত্ৰীয়ে কয় এই ঘটনাকলৈ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণ ক্ষোভিত হৈ পৰিছে।

ৰাহুল গান্ধীক অনুৰোধ জনাইছোঁ ক্ষমা খুজিবলৈ, নহ’লে আমি আমাৰ কৌশলেৰে হেঁচা প্ৰয়োগ কৰিমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
সদনত বিজেপি কৰ্মীক গতা মাৰি বিপদত ৰাহুল গান্ধী!
barasha-misra
Barasha Misra | Updated On: 20 Dec 2024 09:25 AM

সোমবাৰে সদনত হোৱা ঠেলা-হেঁচা আৰু কাজিয়াৰ ঘটনাৰ পিছত আক্ৰমণাত্মক হৈ পৰিছে বিজেপি দল। এই ঘটনাত দুজন সাংসদ প্ৰতাপ সাৰংগী আৰু মুকেশ ৰাজপুত আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছতে ঘটনাটো ক্ৰমাগতভাবে ডাঙৰ হৈ পৰে আৰু বিজেপি কৰ্মীসকলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত গোচৰ ৰুজু কৰিছে। বৃহস্পতিবাৰে বিজেপি কৰ্মীয়ে আৰক্ষীক ভাৰতীয় ন্যায়িক সংহিতাৰ ১০৯, ১১৫, ১১৭, ১২৫, ১৩১ আৰু ৩৫১ ধাৰাত গোচৰ ৰুজু কৰিবলৈ অনুৰোধ জনায়। ইয়াৰে ১০৯ ধাৰা আঁতৰাই বাকী ধাৰাত এফআইআৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে।  বিজেপি নেতাসকলে তেওঁৰ বিৰুদ্ধে হত্যাৰ চেষ্টাকে ধৰি বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰক্ষীয়ে হত্যাৰ চেষ্টাৰ বিএনএছৰ(ভাৰতীয় ন্যায়িক সংহিতাৰ) ১০৯ ধাৰা আঁতৰাই আৰু বিজেপিয়ে অভিযোগ কৰা আন সকলো ধাৰা জাপি দিয়ে।

মহিলা সাংসদৰ অভিযোগ

এই ঘটনা সন্দৰ্ভত এগৰাকী মহিলা সাংসদেও ৰাহুল গান্ধীৰ ওপৰত অভিযোগ উত্থাপন কৰিছে। বিজেপিৰ মহিলা সাংসদৰ বিস্ফোৰক অভিযোগ-“ৰাহুল গান্ধী মোৰ নিচেই কাষ চাপি আহিছিল”। নাগালেণ্ডৰ ৰাজ্যসভাৰ সাংসদ এছ. ফাংনান কন্যাকে বিস্ফোৰক অভিযোগ তুলি পত্ৰ লিখিলে ৰাজ্যসভাৰ অধ্যক্ষলৈ।

কি ক’লে মুখ্যমন্ত্ৰীয়ে?

এই সমগ্ৰ ঘটনাকলৈ অসম কেবিনেটত মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ক্ষোভ উজাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- ৰাহুল গান্ধীয়ে সদনত প্ৰথম হাত উঠাইছে আমাৰ এজন জ্যেষ্ঠ সাংসাদ প্ৰতাপ সাৰংগীৰ ওপৰত। ৰাহুল গান্ধীয়ে আমাৰ নাগালেণ্ডৰ ভনী এছ. ফাংনান কন্যা নিচেই কাষ চাপি আহিছিল। এই সন্দৰ্ভত মই ৰাহুল গান্ধীক নিবেদন কৰিছোঁ যে, আপুনি নাগালেণ্ডৰ মহিলা সাংসদৰ ওপৰত যি কৰিছে তাৰ বাবে উত্তৰ পূৱৰ জনতা যথেষ্ঠ ক্ষোভিত হৈছে আৰু আঘাত পাইছে। আপুনি অতি শীঘ্ৰে ক্ষমা খোজক, কাৰণ আপুনি আমাৰ মহিলাৰ ওপৰত যি ব্যৱহাৰ কৰিলে তাৰ বাবে আমাৰ লোকসকলে যথেষ্ট মনত কষ্ট পাইছে আৰু এই কথা কেতিয়াও স্বীকাৰ কৰিব নোৱাৰো। মই আপোনাক অনুৰোধ জনাইছোঁ ক্ষমা খুজিবলৈ, যদি আপুনি মোৰ অনুৰোধত ক্ষমা নোখোজে তেন্তে আমি আমাৰ কৌশলেৰে আপোনাক হেঁচা প্ৰয়োগ কৰিম।

ইফালে সদনৰ ঘটনাটোক লৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়- এয়া মল্লযুঁজৰ স্থান নহয়, সদন শাৰীকিক শক্তি দেখুওৱাৰ স্থান নহয়।

Latest News