CM Himanta slams Kharge: হজযাত্ৰা সন্দৰ্ভত এনেকৈ ক’বলৈ সাহস আছেনে ? খাৰ্গেক প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ
খাৰ্গেৰ মন্তব্যক লৈ ক্ষোভিত হিমন্ত বিশ্ব শৰ্মা । হজ যাত্ৰাৰ সন্দৰ্ভতো একেই মন্তব্য কৰিবলৈ সাহস হ'বনে বুলি খাৰ্গেক প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰীৰ ।
মহাকুম্ভ সন্দৰ্ভত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কৰা মন্তব্যক লৈ ক্ষোভিত বিজেপিৰ নেতা-সদস্য । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাকুম্ভৰ সন্দৰ্ভত মঙলবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কৰা মন্তব্যক সমালোচনা কৰি কয় যে তেওঁৰ বক্তব্য “অভূতপূৰ্ব” আৰু ই সনাতন ধৰ্মৰ বিৰুদ্ধে “গভীৰভাৱে অনুভূতিত আঘাত হনা মানসিকতা”ক প্ৰতিফলিত কৰে ।
মুখ্যমন্ত্ৰী শৰ্মাই চোকা সমালোচনাৰে খাৰ্গেক প্ৰশ্ন কৰে যে তেওঁ হজৰ ক্ষেত্ৰতো একেখিনি কথা ক’বলৈ সাহস কৰিবনে ? তেওঁ উল্লেখ কৰে যে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে নিজেই ২০০১ চনত কুম্ভৰ সময়ত পবিত্ৰ স্নান কৰিছিল ।
সামাজিক মাধ্যম এক্সত হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “মহাকুম্ভ সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বক্তব্য অভূতপূৰ্ব আৰু ই সনাতন ধৰ্মৰ বিৰুদ্ধে গভীৰভাৱে আঘাত হনা মানসিকতাৰ প্ৰতিফলন ঘটায় । মই বিশ্বাস কৰোঁ যে এইটোৱেই ৰাহুল গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছ দলৰ আনুষ্ঠানিক স্থিতি । কিন্তু মই তেওঁক সুধিছো: ২০০১ চনত ছোনিয়া গান্ধীয়ে নিজেই কুম্ভ মেলাৰ সময়ত পবিত্ৰ স্নান কৰিছিল তেওঁ এইটো ক’বলৈ সাহস কৰিবনে যে হজলৈ গ’লেও ভোক আৰু দৰিদ্ৰতাৰ দৰে সমস্যা সমাধান নহয় ?”
The statement by Congress President Mallikarjun Kharge on the Mahakumbh is unprecedented and reflects a deeply troubling mindset against Sanatan Dharma. I believe this is the official stance of the Congress party led by Rahul Gandhi. But let me ask him: back in 2001, Sonia Gandhi… pic.twitter.com/asqd3KDjf0
— Himanta Biswa Sarma (@himantabiswa) January 28, 2025
অসমৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ সৈতে জড়িত হিন্দু নেতাসকলক “স্থিতি ল’বলৈ” আৰু নিজৰ বিশ্বাস আৰু সাংস্কৃতিক ঐতিহ্যৰ সৈতে আপোচ নকৰিবলৈ আহ্বান জনাই কয় যে কোনো নেতা, মতাদৰ্শ বা দলক ধৰ্ম বা বিশ্বাসৰ ওপৰত স্থান দিয়া উচিত নহয় ।
“কংগ্ৰেছত থকা সকলো হিন্দু নেতাই চিন্তা-চৰ্চা আৰু সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে । কেৱল ক্ষমতা আৰু পদবীৰ বাবেই আপোনাৰ বিশ্বাস, আপোনাৰ ধৰ্ম বা এই জাতিৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ লগত আপোচ নকৰিব । কোনো নেতাই, কোনো মতাদৰ্শ আৰু কোনো দলে আপোনাৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত স্থান পোৱা উচিত নহয় । সনাতন ধৰ্মই সহস্ৰাব্দৰ পৰা সময়ৰ পৰীক্ষাৰ সন্মুখীন হৈ আহিছে । আপোনাৰ বিবেকে আপোনাক পথ প্ৰদৰ্শন কৰক ।’’- ছ’চিয়েল মিডিয়াৰ পোষ্টটোত এইদৰে লিখিছে ।
ইয়াৰ পূৰ্বে আজি হাৰিয়ানাৰ মন্ত্ৰী অনিল ভিজে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই শেহতীয়াকৈ কুম্ভ সন্দৰ্ভত কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰি এয়া হিন্দু ধৰ্মৰ প্ৰতি অপমান বুলি অভিহিত কৰে ।
তেওঁ কয়, “কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে জীয়ে কুম্ভ আয়োজন কৰাসকলৰ ওপৰত বক্তব্য ৰাখি হিন্দু ধৰ্মক অপমান কৰিছিল ।” ধৰ্ম ব্যক্তিগত বিশ্বাসৰ বিষয় আৰু মানুহে নিজৰ ধৰণেৰে ৰীতি-নীতি পালন কৰাৰ স্বাধীনতা আছে বুলি তেওঁ জোৰ দি কয় । ভিজে কয়, “ধৰ্ম বিশ্বাসৰ বিষয়, কোনোবাই পূবৰ ফালে প্ৰাৰ্থনা কৰে আৰু কোনোবাই পশ্চিমৰ প্ৰতি প্ৰাৰ্থনা কৰে । আমাৰ সংবিধানে আমাৰ ধৰ্মৰ ৰীতি-নীতি নিজৰ ধৰণেৰে পালন কৰিবলৈ অনুমতি দিয়ে ।”
তেওঁ খাৰ্গেক হিন্দু সম্প্ৰদায়ৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনায় কয়, “খাৰ্গে জীয়ে সমগ্ৰ হিন্দু সমাজক কাণত ধৰি ক্ষমা খুজিব লাগে ।”
খাৰ্গেৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি নেতা আৰ পি সিঙে কয় যে খাৰ্গে আৰু কংগ্ৰেছে সনাতন প্ৰথাক উপহাস কৰাৰ অভ্যাস গঢ়ি তুলিছে । বিজেপি সাংসদ প্ৰবীণ খাণ্ডেলৱালে কয় যে তেওঁৰ এই বক্তব্যই দেশৰ কোটি কোটি হিন্দুৰ বিশ্বাসত আঘাত হানিব ।
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভৰ সময়ত পবিত্ৰ স্নানত অংশগ্ৰহণ কৰা ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলৰ ওপৰত সোমবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ আক্ৰমণাত্মক মন্তব্যৰ পিছতে বিজেপিয়ে তেওঁক সমালোচনা কৰা দেখা গৈছে ।
তেওঁ প্ৰশ্ন কৰে যে গংগাত ডুব মাৰিলে “দৰিদ্ৰতা দূৰ হ’ব নেকি ? বিশেষকৈ যেতিয়া শিশু ভোকত মৃত্যুমুখত পৰিছে ।” তেওঁ লগতে অভিযোগ কৰে যে এফালে প্ৰধানমন্ত্ৰী মোদীয়ে সংবিধানক চেলুট দিয়ে আনফালে “তেওঁ ইয়াৰ বিৰুদ্ধে সকলো কৰে”।
সোমবাৰে ইন্দোৰৰ মহৌত ডঃ ভীমৰাও আম্বেদকাৰৰ জন্মস্থানত কংগ্ৰেছে এক বৃহৎ ‘জয় বাপু, জয় ভীম, জয় সম্বিধান’ ৰেলী অনুষ্ঠিত কৰে । য’ত সমগ্ৰ দেশৰ বিশিষ্ট কংগ্ৰেছ নেতাসকলে অংশগ্ৰহণ কৰে । লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীও উপস্থিত থাকে এই ৰেলীত ।