আমেৰিকাৰ দৰে হ’ব অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ ! ৩ লাখ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কেন্দ্ৰৰ : নীতিন গাডকাৰী
অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে ৩ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰয় । বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে, আমেৰিকাৰ সমতুল্য ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী
আমেৰিকাৰ দৰে হ’ব অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ ! ইয়াৰ বাবে ৩ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰয় । বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে, আমেৰিকাৰ সমতুল্য ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে। ৰাজ্যসভাত এটা প্ৰশ্ন উত্তৰত কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ মন্ত্ৰালয়ত পথ প্ৰকল্পৰ বাবে কোনো ধৰণৰ পুঁজিৰ অভাৱ হোৱা নাই।
লগতে অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে সদনত অৱগত কৰি ২০২৭ চনৰ ডিচেম্বৰৰ ভিতৰত ৫,৮০০ কোটি টকা ব্যয়ৰে গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, “এই সকলোবোৰ পথ বনোৱাৰ পিছত আমি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথটো আমেৰিকাৰ সমতুল্য কৰিম বুলি মোৰ বিশ্বাস ।”
পথ প্ৰকল্পৰ বাবে অসমত ৩ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰা বুলি উল্লেখ কৰি গাডকাৰীয়ে কয় যে, ৰাজ্যখনৰ পৰিবহণ নেটৱৰ্ক উন্নত কৰাৰ বাবে পথ, দলং আৰু সুৰংগ নিৰ্মাণ প্ৰকল্প হাতত লোৱা হৈছে। গুৱাহাটী ৰিং ৰোডৰ উপৰিও ব্ৰহ্মপুত্ৰ নদীৰ তলত ডিব্ৰুগড়ত ১২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে সুৰংগ নিৰ্মাণ কৰিব, যিটো সুৰংগ ইতিমধ্যে অনুমোদনৰ প্ৰক্ৰিয়া চলি আছে বুলি কয় নীতিন গাডকাৰীয়ে ।
“গতিকে কেন্দ্ৰৰ এই পৰিকল্পনাই অসমৰ ঘাইপথ নেটৱৰ্কক সম্পূৰ্ণৰূপে সলনি কৰিবলৈ গৈ আছে । প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আমি আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছো । বিশেষকৈ উত্তৰ-পূব অঞ্চলক আৰু অধিক গুৰুত্বসহকাৰে লোৱা হৈছে ।” ৰাজ্যসভাত এইদৰে কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰৰে এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ সন্দৰ্ভত তেওঁ কয়, “আমাৰ কোনো ধৰণৰ পুঁজিৰ সমস্যা নাই। কেবিনেটৰ অনুমোদন পোৱাৰ পাছত অতি সোনকালে এই প্ৰকল্প আৰম্ভ কৰা হ’ব।”