5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সাৱধান হওক, অবৈধ অনলাইন ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবই : হিমন্ত বিশ্ব শৰ্মা

সাংবাদিকৰ প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, শ্বেয়াৰ বজাৰত ব্যৱসায় কৰা বুলি কথিত প্ৰৱঞ্চকৰ জৰিয়তে বিনিয়োগ কৰি মানুহে কোটি কোটি টকা লোকচান কৰাৰ খবৰ পোৱাৰ পাছতে অবৈধ অনলাইন ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ইয়াৰ লগতে যথাযথ আইনী পদ্ধতি মানি নচলা দালালৰ জৰিয়তে বিনিয়োগৰ বিৰুদ্ধে সজাগ হ’বলৈ জনসাধাৰণক আহ্বান জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই ।

সাৱধান হওক, অবৈধ অনলাইন ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবই : হিমন্ত বিশ্ব শৰ্মা
অনলাইন বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
manas-borah
Manas Borah | Published: 04 Sep 2024 07:43 AM

অনলাইন বিনিয়োগৰ নামত মানুহক বিভিন্ন ধৰণে প্ৰলোভন দি প্ৰৱঞ্চনা কৰি অহা প্ৰৱঞ্চকৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী । ইতিমধ্যে কেইবাটাও অভিযোগৰ গোচৰত স্বপ্ননীল আৰু বিশাল নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত আগবঢ়াইছে অসম আৰক্ষীয়ে । শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সাংবাদিকৰ প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, শ্বেয়াৰ বজাৰত ব্যৱসায় কৰা বুলি কথিত প্ৰৱঞ্চকৰ জৰিয়তে বিনিয়োগ কৰি মানুহে কোটি কোটি টকা লোকচান কৰাৰ খবৰ পোৱাৰ পাছতে অবৈধ অনলাইন ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ইয়াৰ লগতে যথাযথ আইনী পদ্ধতি মানি নচলা দালালৰ জৰিয়তে বিনিয়োগৰ বিৰুদ্ধে সজাগ হ’বলৈ জনসাধাৰণক আহ্বান জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই ।

উল্লেখ্য যে, ৰাজ্যখনত কেইবাটাও অনলাইন ট্ৰেডিং ফাৰ্মে ছেবি বা আৰ বি আইৰ গাইডলাইন মানি নচলি ব্যৱসায় কৰি থকা বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী শৰ্মাই কয়,‘মই ৰাইজক ক’ব বিচাৰো যে এই অনলাইন ট্ৰেডিং ফাৰ্মসমূহৰ জৰিয়তে শ্বেয়াৰ বজাৰত ধন বিনিয়োগৰ এনে কোনো ব্যৱস্থা নাই। প্ৰৱঞ্চকে ৰাইজক বিপথে পৰিচালিত কৰিছে। গতিকে সাৱধান হওক।’

ইয়াৰ লগতে তেওঁ কয় যে, এই প্ৰতিষ্ঠানসমূহে ষ্টক ব্ৰকিঙত যি ধৰণে বিনিয়োগ কৰি আছিল, সেই ধৰণে বিনিয়োগ কৰাটো অবৈধ আৰু আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব । ‘মই ৰাইজক প্ৰৱঞ্চকৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছো। আৰক্ষীয়ে এতিয়া অবৈধ দালালৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। আমি ৰাজ্যখনৰ পৰা এই ধৰণৰ প্ৰৱঞ্চনাৰ কাৰ্যকলাপ আঁতৰ কৰিবলৈ চেষ্টা কৰিম ।’-সংবাদ মাধ্যমৰ আগত এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

উল্লেখ্য যে, প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত স্বপ্ননীল নামৰ লোকজনক মঙলবাৰে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে বিনিয়োগ কেলেংকাৰিৰ আন এজন অভিযুক্তক সোমবাৰে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Latest News