পুৱা ভাগতে কাছাৰত সৰবৰাহকাৰীৰ সহ ২০ কোটি টকাৰ ড্ৰাগছ জব্দ…

দেওবাৰে পুৱা ভাগতে অবৈধ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক অভিযানত প্ৰায় ২০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে কাছাৰ আৰক্ষীয়ে । সূত্ৰৰ খবৰ অনুসৰি, গোপন সূত্ৰৰ তথ্য ভিত্তিত চলোৱা হৈছিল এই অভিযান ।

পুৱা ভাগতে কাছাৰত সৰবৰাহকাৰীৰ সহ ২০ কোটি টকাৰ ড্ৰাগছ জব্দ...

প্ৰতীকী ফটো

Updated On: 

22 Dec 2024 12:51 PM

বৰদিনৰ পূৰ্বেই ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে কাছাৰ আৰক্ষীয়ে । দেওবাৰে পুৱা ভাগতে অবৈধ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক অভিযানত প্ৰায় ২০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে । সূত্ৰৰ খবৰ অনুসৰি, গোপন সূত্ৰৰ তথ্য ভিত্তিত চলোৱা হৈছিল এই অভিযান । ইফালে এই অভিযান ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকা অপৰাধত এজন লোককো আটক কৰিছে আৰক্ষীয়ে ।

সূত্ৰ খবৰ অনুসৰি, এক গোপন সূত্ৰৰ তথ্য ভিত্তিত বিশেষ টাস্ক ফ’ৰ্চে (এছ টি এফ) এক অভিযান আৰম্ভ কৰে । আই জি পি পাৰ্থসাৰথি মহন্তৰ তত্বাৱধানত দেওবাৰে পুৱা ছিলকুৰি ৰোডত চলোৱা হৈছিল এই অভিযান । এই অভিযান কালতে মটৰ চাইকেলেৰে আহি থকা এজন ব্যক্তিৰ পৰা আৰক্ষীয়ে ইয়াবা টেবলেট আৰু হেৰ’ইন জব্দ কৰে বুলি জানিব পৰা গৈছে ।

পিটিআইৰ প্ৰতিবেদন অনুসৰি, এই ড্ৰাগছ বিৰোধী অভিযানত ৬০ হাজাৰ ইয়াবা টেবলেট আৰু ১২৫ গ্ৰাম হেৰ’ইন জব্দ কৰা হয় বুলি আৰক্ষীৰ বিষয়া গৰাকীয়ে জানিবলৈ দিছে । ইয়াৰ লগতে আৰক্ষীয়ে চাহিল আহমেদ লস্কৰ নামৰ এজন ব্যক্তিক আটক কৰে আৰু তেওঁ চলাই অহা মটৰ চাইকেলখন জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ মূল্য প্ৰায় ২০ কোটি টকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, অসম আৰক্ষীয়ে ৰাজ্যখনত অবৈধ ড্ৰাগছ সৰবৰাহ ৰোধ কৰাৰ বাবে অবিৰতভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে । বিশেষকৈ এই  উৎসৱৰ বতৰ যাতে ৰাজ্যখনত নিষিদ্ধ নিচাজাতীয় সামগ্ৰী সৰবৰাহ নহয় তাৰ প্ৰতি অধিক নজৰ ৰাখিছে অসম আৰক্ষীয়ে ।

ইয়াৰ অংশ হিচাপে যোৱা ১২ ডিচেম্বৰতো শ্ৰীভূমি জিলাৰ আৰক্ষীয়ে অভিযান চলাই এখন গাড়ীৰ এটা গোপন চেম্বাৰৰ পৰা ৫০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰাৰ লগতে পাঁচজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছিল । প্ৰকাশিত খবৰ অনুসৰি, গোপন সূত্ৰ তথ্য ভিত্তিত চলোৱা হৈছিল এই অভিযান ।

শীতকালত সুন্দৰ হৈ পৰিব আপোনাৰ ছাল, মন কৰক এইসমূহ দিশলৈ...
চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...