ছত্তিশগড়ৰ ৰাজ্যপালৰূপে শপত ল’লে ৰমেন ডেকাইঃ বিজেপিৰ সাধাৰণ কৰ্মকৰ্তাৰ পৰা আৰম্ভ হৈছিল যাত্ৰা…

সম্ভৱত ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰা ডেকা অষ্টমগৰাকী অসমীয়া। বিজেপিয়ে যেন মুখেৰে নহয়, কামেৰে প্ৰমাণ দিলে যে দলটোৱে পাহৰি যোৱা নাই পুৰণি কৰ্মকৰ্তাক।  ভাল- বেয়া সময়ত লগ দিয়া নেতাক বিজেপিয়ে যে উচিত মূল্য দিয়ে তাৰে প্ৰমাণ ৰমেন ডেকা।

ছত্তিশগড়ৰ ৰাজ্যপালৰূপে শপত ললে ৰমেন ডেকাইঃ বিজেপিৰ সাধাৰণ কৰ্মকৰ্তাৰ পৰা আৰম্ভ হৈছিল যাত্ৰা...

ৰমেন ডেকা

Updated On: 

31 Jul 2024 15:34 PM

ছত্তিশগড়ৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিলে অসম সন্তান ৰমেন ডেকাই। বুধবাৰে ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰৰ ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ডেকাই ৰাজ্যপাল হিচাপে শপত লয়। ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰমেশ সিনহাই তেওঁক শপত বাক্য কৰোৱায়। ডেকা ৰাজ্যখনৰ দশমগৰাকী ৰাজ্যপাল। পূৰ্বৰ পৰা ৰাজ্যপালৰ দায়িত্বত থকা বিশ্বভূষণ হৰিচন্দনৰ পৰা ৰমেন ডেকাই দায়িত্ব গ্ৰহণ কৰে। শপত গ্ৰহণৰ পাছতেই ৰমেন ডেকাক বিভিন্নজনে অভিনন্দন জনাইছে। চত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদৱ চাইয়েও তেওঁক অভিনন্দন জনাইছে।

ছচিয়েল মিডিয়াত পোষ্ট কৰি ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লিখে যে-শ্ৰী ৰমেন ডেকাই ছত্তীশগড়ৰ দশম ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰীযুত ৰমেশ সিনহাই তেওঁক শপত গ্ৰহণ কৰোৱায়।
মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেৱ ছাইয়ে নতুন ৰাজ্যপালক অভিনন্দন জ্ঞাপন কৰে।

উল্লেখ্য যে, ৰমেন ডেকা অসম বিজেপিৰ পুৰণি কৰ্মকৰ্তা অসমত বিজেপিৰ সাংগাঠনিক খুঁটি পোতা নেতাসকলৰ ভিতৰত অন্যতম। বিজেপি দলৰ নীতি- আদৰ্শ গাঁৱৰ চুকে কোনে বিলাই দলৰ ভাল-বেয়া সকলো সময়তে সক্ৰিয়া অংশ গ্ৰহণ কৰা নেতা ৰমেন ডেকা। ৰমেন ডেকা ১৯৭৭ চনত জন সংঘৰ অসম শাখাৰ সাধাৰণ সম্পাদক আছিল। ১৯৮০ চনত বিজেপি গঠনৰ সময়ত ডেকা আছিল দলটোৰ মুখ্য সদস্য। পাছত ডেকাই বিজেপিৰ মুখপাত্ৰ, ৰাজ্যিক সাধাৰণ সম্পাদক, ৰাজ্যিক উপ-সভাপতি, সাংসদ আদিৰ দায়িত্ব পালন কৰিছিল। ২০০৫ চনৰ পৰা ২০০৯ চনলৈ অসম বিজেপিৰ সভাপতি আছিল ৰমেন ডেকা।

ৰমেন ডেকাই সংসদৰ গৃহ আৰু ৰাজহুৱা হিচাপ পৰীক্ষণ স্থায়ী কমিটিৰ সদস্য পদতো আছিল। ১৯৭৯ চনত অসম সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদক পদতো অধিষ্ঠিত আছিল ডেকা। ২০০৯ আৰু ২০১৪ চনক মঙলদৈৰ পৰা লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ডেকা।

২৯ জুলাইত ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এক নিৰ্দেশনাত উল্লেখ আছিল যে ছত্তিশগড়ৰ নতুন ৰাজ্যপাল হ’ব ৰমেন ডেকা। এই খবৰ এনে এক সময়ত আহিছে যেতিয়া অসমত ন- পুৰণি বিজেপিৰ যুঁজখন তীব্ৰতৰ হৈ পৰিছে। অসমৰ কেইবাগৰাকী পুৰণি বিজেপি নেতা যেনে অশোক শৰ্মা, ৰাজেন গোহাঁই আদিয়ে বিজেপিৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছিল। প্ৰথম পৰ্যয়াত ন বিজেপিৰ যুদ্ধখনক লৈ ৰমেন ডেকাই কঠোৰ স্থিতি গ্ৰহণ কৰিলেও পাছলৈ তেওঁ নৰম হৈ পৰিছিল।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত দলৰ পৰা টিকট লাভ কৰা নাছিল ডেকাই। কিন্তু তাৰ পাছতো বিজেপিৰ বিৰুদ্ধে একো কোৱা নাছিল। ইয়াৰ বিপৰীতে অশোক শৰ্মা, মৃণাল শইকীয়া আদিয়ে বিজেপিৰ বিৰুদ্ধে মুকলিকৈ এক প্ৰকাৰ বিদ্ৰোহ ঘোষণা কৰিছিল। বিভিন্নজনে প্ৰশ্ন কৰিছিল যে বিজেপিত কিয় পুৰণি নেতাই স্থান নাপায়? এই জ্বলা জুইত ঘিউ ঢালিছিল কংগ্ৰেছে । কংগ্ৰেছে বিজেপিৰ পৰা আঁতৰত থকা সকলো নেতাক নিজৰ দললৈ আমন্ত্ৰণ জনাইছিল। আনকি অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰিব বুলি চৰ্চাও চলিছিল।

কিন্তু তাৰ মাজতে আহিল এক ভাল খবৰ। বিজেপিৰ পুৰণি নেতাই অধিষ্ঠিত হ’ল ৰাজ্যপাল হিচাপে। সম্ভৱত ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰা ৰমেন ডেকা অষ্টমগৰাকী অসমীয়া। বিজেপিয়ে যেন মুখেৰে নহয়, কামেৰে প্ৰমাণ দিলে যে দলটোৱে পাহৰি যোৱা নাই পুৰণি কৰ্মকৰ্তাক।  ভাল- বেয়া সময়ত লগ দিয়া নেতাক বিজেপিয়ে যে উচিত মূল্য দিয়ে তাৰে প্ৰমাণ ৰমেন ডেকা।

সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!