শোকাৱহ ঘটনা! জম্মু-কাশ্মীৰত অভিযানৰ সময়তে হাৰ্ট এটেক হৈ মৃত্যু সেনা জোৱানৰ
জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আজি সংঘটিত হৈছে এক শোকাৱহ ঘটনা। কৰুণভাৱে মৃত্যুক সাবটিছে এগৰাকী সেনা জোৱানে। শ্ৰীনগৰত চলোৱা এক তালাচী অভিযানৰ সময়ত হাৰ্ট এটেকত আক্ৰান্ত হৈ সেনা জোৱানজনৰ মৃত্যু হয় বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।
বিগত কেইটামান বছৰত জম্মু-কাশ্মীৰত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ কু-কাৱাজ। উপত্যকাটোত সন্ত্ৰাসবাদীৰ উপস্থিতি বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। সষ্টম হৈ পৰিছে উপত্যকাটোত নিয়োজিত দেশৰ নিৰাপত্তা কৰ্মীসকল। সন্ত্ৰাসবাদ দমনৰ লক্ষ্যৰে জম্মু-কাশ্মীৰত ধাৰাবাহিকভাৱে নিৰাপত্তা বাহিনীয়ে চলাইছে অভিযান। এনে এক তালাচী অভিযানৰ সময়তে আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। কৰুণভাৱে মৃত্যুক সাবটিছে এগৰাকী সেনা জোৱানে।
শ্ৰীনগৰত চলোৱা এক তালাচী অভিযানৰ সময়ত হাৰ্ট এটেকত আক্ৰান্ত হৈ আজি এগৰাকী সেনা জোৱানৰ মৃত্যু হয় বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। সেনাৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে, শ্ৰীনগৰৰ এক বনাঞ্চলত তালাচী অভিযানৰ সময়ত এজন সেনা জোৱান আকস্মিকভাৱে হাৰ্ট এটেক আহে আৰু হৃদযন্ত্ৰ বন্ধ হৈ জোৱানজনৰ মৃত্যু হয়।
যোৱা মঙলবাৰে ডাচিগামত সংঘটিত হোৱা এনকাউণ্টাৰৰ পিছত হৰৱানৰ বনাঞ্চলত এই তালাচী অভিযান চলাই থকা বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ডাচিগামৰ উক্ত এনকাউণ্টাৰত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী জুনেইদ আহমেদ ভাটৰ মৃত্যু হৈছিল। বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, গত ২০ অক্টোবৰত গণ্ডাৰবলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত জড়িত আছিল ভাট।
উল্লেখ্য যে যোৱা ২০ অক্টোবৰত গণ্ডাৰবলৰ গগাংগীৰ অঞ্চলৰ এটা সুৰংগ নিৰ্মাণ স্থানৰ সমীপত এক ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। এই সন্ত্ৰাসবাদী আক্ৰমণত স্থানীয় এজন চিকিৎসক আৰু ৬ জন প্ৰব্ৰজিত শ্ৰমিক নিহত হৈছিল। তেতিয়াৰ পৰাই নিৰাপত্তাৰক্ষীয়ে এই অঞ্চলত অহৰহ তালাচী অভিযান চলাই আহিছে।
আজি মহানগৰীৰ হৰৱান অঞ্চলত নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান চলাই থকাৰ সময়তে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰাৰ ফলত মৃত্যু হয় সেনা জোৱানজনৰ। নিহত জোৱানজনক যশৱিন্দৰ সিং বুলি চিনাক্ত কৰা হৈছে। এই সন্দৰ্ভত সেনাৰ বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, আজি পুৱা নিৰাপত্তা বাহিনীয়ে মহানগৰীৰ হাৰৱান অঞ্চলৰ দাৰা ফাকিৰ গুজাৰীত সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান চলাইছিল।
এই অভিযানৰ সময়তে হাৰ্ট এটেকৰ বাবে যশৱিন্দৰ সিঙৰ মৃত্যু হয়। নিহত যশৱিন্দৰ সিং সেনাবাহিনীৰ ৩৪ আছাম ৰাইফলছৰ জোৱান আছিল বুলি বিষয়াগৰাকীয়ে লগতে সদৰী কৰিছে। ইফালে সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াবলৈ সেনাই বিশাল বনাঞ্চলত তালাচী অভিযান অব্যাহত ৰাখিছে বুলি বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।