ৰুক্ষ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপঃ ৰাজ্যত ৪৮ ঘণ্টাত বজ্ৰপাত পৰি মৃত্যু হ’ল ৬১ জনৰ
বৃহস্পতিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে ধাৰণ কৰিলে উগ্ৰ ৰূপ, ঠায়ে ঠায়ে দেখা গ’ল প্ৰবল বতাহ আৰু বৰষুণে। অসমৰ লগতে দেশৰ আন কিছুমান স্থানতো বতাহ-বৰষুণৰ প্ৰভাৱ দেখা গ’ল শেহতীয়া দুটা দিনত। বিশেষকৈ বিহাৰত বতৰে ধাৰণ কৰে কাল ৰূপ। ৰাজ্যখনত বজ্ৰপাতৰ ফলত বিগত ৪৮ ঘণ্টাত কমেও ৬১ জন লোকে প্ৰাণ হেৰুৱাইছে।

বৃহস্পতিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে ধাৰণ কৰিলে উগ্ৰ ৰূপ, ঠায়ে ঠায়ে দেখা গ’ল প্ৰবল বতাহ আৰু বৰষুণে। অসমৰ লগতে দেশৰ আন কিছুমান স্থানতো বতাহ-বৰষুণৰ প্ৰভাৱ দেখা গ’ল শেহতীয়া দুটা দিনত। বিশেষকৈ বিহাৰত বতৰে ধাৰণ কৰে কাল ৰূপ। ৰাজ্যখনত বজ্ৰপাতৰ ফলত বিগত ৪৮ ঘণ্টাত কমেও ৬১ জন লোকে প্ৰাণ হেৰুৱাইছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ গৃহ জিলা নালন্দাত সৰ্বাধিক ২২ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও পাটনা, ভোজপুৰ, ছিৱান, গয়াত চাৰিজনকৈ লোকৰ মৃত্যু হৈছে।
একেদৰে জমুই, গোপালগঞ্জত তিনিজনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মুজাফ্ফৰপুৰ, জেহানাবাদ, চাৰণ আৰু আৰৱালত দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। একে সময়তে বেগুছৰাই, দৰভংগা, সহাৰছা, কাটিহাৰ, মুংগেৰ, মধেপুৰা, আৰিয়া আৰু ভাগলপুৰত এজনকৈ লোকে বজ্ৰপাতৰ ফলত প্ৰাণ হেৰুৱাইছে। ৰাজ্যজুৰি সৃষ্টি হোৱা এনে ভয়াৱহতাৰ পিছত বিহাৰ চৰকাৰে মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।
লক্ষণীয়ভাৱে শেহতীয়া সময়ছোৱাত কেৱল বিহাৰতে নহয়, সমগ্ৰ দেশতে বজ্ৰপাতৰ ফলত হোৱা মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বিহাৰত ২০২০ চনত বজ্ৰপাতৰ ফলত এটা বছৰত ৮৩ জন লোকৰ মৃত্যু হৈছিল। কিন্তু ২০২১ চনত এই সংখ্যা ২৮০ জনলৈ বৃদ্ধি পালে। ২০২২ চনত ৩২৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০২৩ চনত বিহাৰত বজ্ৰপাতৰ ফলত ২৭৫ জন লোকৰ মৃত্যু হয়। চলিত বৰ্ষটোত এতিয়ালৈকে ৰাজ্যখনত ৮২ জন লোকে বজ্ৰপাতৰ ফলত প্ৰাণ হেৰুৱাইছে।
এন চি আৰ বিৰ তথ্যৰ ভিত্তিত যোৱা বছৰ কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে ২০১০ চনৰ পৰা ২০২০ চনলৈকে দশকটো বজ্ৰপাতৰ ঘটনাৰ ক্ষেত্ৰত যথেষ্ট ভয়ংকৰ আছিল। ১৯৬৭ চনৰ পৰা ২০০২ চনৰ ভিতৰত এখন ৰাজ্যত গড়ে ৩৮ জন লোকৰ মৃত্যু হৈছিল। আনহাতে, ২০০৩ চনৰ পৰা ২০২০ চনৰ ভিতৰত এই সংখ্যা ৬১ লৈ বৃদ্ধি পাইছিল। ১৯৮৬ চনত ৰাজ্যসমূহত এনে মৃত্যুৰ গড় সংখ্যা ২৮ আছিল যদিও ২০১৬ চনত অৰ্থাৎ তিনিটা দশকত ই তিনিগুণ বৃদ্ধি পাইছিল।
অধ্যয়নত প্ৰকাশ পোৱা তথ্য অনুসৰি, ২০১৬ চনত এখন ৰাজ্যত গড়ে ৮১ জন লোকৰ মৃত্যু হৈছিল। এন চি আৰ বিৰ উপৰিও উৰিষ্যাৰ ফকিৰ মোহন বিশ্ববিদ্যালয়েও এই সন্দৰ্ভত এক অধ্যয়ন চলাইছিল। এই অধ্যয়নত প্ৰকাশিত তথ্য অনুসৰি ১৯৬৭ চনৰ পৰা ২০২০ চনৰ ভিতৰত ভাৰতত বজ্ৰপাতৰ ফলত ১ লাখ ১ হাজাৰ ৩০৯ জন লোকৰ মৃত্যু হৈছিল। অৰ্থাৎ প্ৰতি বছৰে প্ৰায় দুহাজাৰ লোকৰ মৃত্যু ঘটিছে বজ্ৰপাতত।
ভাৰতত বিগত পাঁচটা দশকত প্ৰতি বছৰে গড়ে ১৮৭৬ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ২০১০ চনৰ পৰা ২০২০ চনৰ ভিতৰত বজ্ৰপাতৰ ফলত হোৱা মৃত্যুক লৈও উৰিষ্যাৰ প্ৰতিবেদনত উদ্বেগ প্ৰকাশ কৰা হৈছে। এনে প্ৰাকৃতিক প্ৰভাৱত আটাইতকৈ অধিক সংখ্যক লোকৰ মৃত্যু হোৱা ৰাজ্যসমূহ হ’ল মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু উৰিষ্যা। জলবায়ু যি গতিৰে পৰিবৰ্তন হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক বছৰবোৰত পৰিস্থিতি অধিক কঠিন হৈ পৰিব পাৰে বুলিও আশংকা কৰা হৈছে অধ্যয়নত।