5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মুখ্যমন্ত্ৰী আতিশী যাব জেললৈ! কাৰামুক্ত হৈয়ে কিয় এইদৰে ক’লে আপ নেতা সত্যেন্দ্ৰ জৈনে

জামিন লাভৰ পিছত আজি সুদীৰ্ঘ ১৮ মাহৰ পিছত মুকলি আকাশৰ তললৈ আহিছে ধন সৰবৰাহৰ গোচৰত দীৰ্ঘদিনে কাৰাৰুদ্ধ হৈ থকা আপ নেতা সত্যেন্দ্ৰ জৈন। কাৰামুক্ত হৈয়ে জৈনে আজি দিল্লীৰ মুখ্যমন্ত্ৰী তথা দলীয় সতীৰ্থ আতিশীয়ো জেললৈ যাব বুলি সম্ভাৱনা প্ৰকাশ কৰিছে। পিছে কিয় এই মন্তব্য কৰিলে জৈনে, চলিছে চৰ্চা।

মুখ্যমন্ত্ৰী আতিশী যাব জেললৈ! কাৰামুক্ত হৈয়ে কিয় এইদৰে ক’লে আপ নেতা সত্যেন্দ্ৰ জৈনে
কাৰামুক্ত সত্যেন্দ্ৰ জৈন
monjit-dutta
Monjit Dutta | Published: 18 Oct 2024 21:58 PM

ধন সৰবৰাহৰ গোচৰত দীৰ্ঘদিনে কাৰাৰুদ্ধ হৈ থকা আপ নেতা সত্যেন্দ্ৰ জৈন অৱশেষত আজি মুকলি আকাশৰ তললৈ আহিছে। আজি দিল্লীৰ ৰাউজ এভিনিউ আদালতে ধন সৰবৰাহৰ গোচৰত তেওঁক জামিন প্ৰদান কৰাৰ পিছতে সুদীৰ্ঘ ১৮ মাহৰ পাছত কাৰামুক্ত হয় সত্যেন্দ্ৰ জৈন। তিহাৰ কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছতে আপ নেতাগৰাকী কেন্দ্ৰৰ শাসকীয় বিজেপি চৰকাৰৰ বিপক্ষে তীব্ৰ আক্ৰমণাত্মক হৈ পৰে। বিজেপিক তীব্ৰ সমালোচনা কৰি সত্যেন্দ্ৰ জৈনে দাবী কৰে, যিগৰাকী নেতাই কাম কৰে তেওঁকেই বিজেপিয়ে কাৰাগাৰলৈ নিক্ষেপ কৰে।

ইগৰাকীৰ পিছত সিগৰাকী আপ নেতা কাৰামুখী হোৱাৰ প্ৰসঙ্গৰে সত্যেন্দ্ৰ জৈনে কয় যে অৰবিন্দ কেজৰিৱালৰ পৰা আৰম্ভ কৰি মনীষ চিছ’দিয়ালৈকে সকলোকে গ্ৰেপ্তাৰ কৰা হ’ল। যিহেতু মনীষ চিছ’দিয়াই বিদ্যালয় আৰু চিকিৎসালয়ৰ উন্নতি কৰিছে গতিকে সকলো ‘খাটি’ নেতাই তেওঁলোকক জনসাধাৰণে গুৰুত্ব নিদিব বুলি চিন্তাত পৰিছে বুলিও দাবী কৰে জৈনে।

ইফালে কেজৰিৱাল, চিছ’দিয়া আৰু এতিয়া তেওঁ নিজেই কাৰামুক্ত হোৱাৰ পিছত সকলো একেলগ হৈ  সকলো কাম কৰি দেখুৱাম বুলিও প্ৰতিশ্ৰুতিও দিয়ে সত্যেন্দৰ জৈনে। তেওঁ কয়, “মই আছিলোঁ এজন স্থপতিবিদ। মনীষ চিছ’দিয়া আছিল এগৰাকী উচ্চমানৰ সাংবাদিক। অৰবিন্দ কেজৰিৱাল আছিল আই আৰ এছ। আমি সকলো এৰি ৰাজনীতিত যোগদান কৰিছিলো।”

জৈনৰ মতে, অৰবিন্দ কেজৰিৱালে তেতিয়াই তেওঁক দেশৰ ৰাজনীতিক এখন জুইৰ নদী আখ্যা দি এই নদীৰ মাজেৰেই সাঁতুৰিব লাগিব বুলি কৈছিল। কেজৰিৱালৰ এই কথাৰ প্ৰসঙ্গৰেই তেওঁ দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা আপ নেত্ৰী আতিশীও কাৰাগাৰলৈ যাব লাগিব বুলি সম্ভাৱনা প্ৰকাশ কৰে। তেওঁৰ দাবী, যিগৰাকী নেতাই কাম কৰে, এই বিজেপি চৰকাৰে তেওঁকে জেলত ভৰাই দিয়ে।

আতিশীয়ে হাৰ্ভাৰ্ডৰ পৰা পঢ়া-শুনা কৰি ঘূৰি আহিছে আৰু ভাল কাম কৰাৰ বাবেই আতিশীয়ো এতিয়া কাৰাগাৰলৈ যাব লাগিব বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে ২০১৩ চনত আম আদমী পাৰ্টিৰ পৰা টিকট পোৱাৰ সময়তো তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। সাধাৰণ মানুহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি যাতে বিজেপিৰ ব্যৱসায় বন্ধ নকৰে, সেই উদ্দেশ্যেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি আপ নেতাগৰাকীয়ে দাবী কৰে।

ইফালে দেশৰ সম্পদ এতিয়া কেইজনমান নিৰ্বাচিত লোকৰ হাতত গতাই দিয়া হৈছে বুলি অভিযোগ কৰি জৈনে লগতে আপ মুৰব্বী অৰবিন্দ কেজৰিৱালে ইয়াৰ বিৰুদ্ধে যুঁজিছে বুলি দাবী কৰে। তেওঁৰ দাবী, আপে জনসাধাৰণৰ বাবে কাম কৰিব, কিন্তু বিজেপিয়ে দুজন ব্যক্তিৰ বাবে কাম কৰিব। জৈনক আদৰণি জনাই আপৰ আন এগৰাকী সদ্য কাৰামুক্ত নেতা মনীষ চিছ’দিয়াই ‘আমাৰ নায়ক ঘূৰি আহিছে’ ঘূৰি আহিছে বুলি আনন্দ প্ৰকাশ কৰে।

Latest News