5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি শপত ল’ব আতিশীয়েঃ দিল্লীয়ে লাভ কৰিব তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী

কিছু সময় পিছতে ৪:৩০ বজাত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আপ নেত্ৰী আতিশীয়ে। শপত গ্ৰহণৰ লগে লগে আতিশী সামগ্ৰিকভাৱে দিল্লীৰ নৱমগৰাকী মুখ্যমন্ত্ৰী তথা তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ’ব। আতিশীৰ লগতে আম আদমী পাৰ্টিৰ ৫ গৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

আজি শপত ল’ব আতিশীয়েঃ দিল্লীয়ে লাভ কৰিব তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী
দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী
Follow Us
monjit-dutta
Monjit Dutta | Updated On: 21 Sep 2024 16:10 PM

কিছুসময়ৰ পিছতে দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আপ নেত্ৰী আতিশীয়ে। বিয়লি ৪:৩০ বজাত আতিশীৰ এই শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। শপত গ্ৰহণৰ লগে লগে আতিশী সামগ্ৰিকভাৱে দিল্লীৰ নৱমগৰাকী মুখ্যমন্ত্ৰী তথা তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ’ব। আতিশীৰ লগতে আম আদমী পাৰ্টিৰ ৫ গৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এই শপত গ্ৰহণ অনুষ্ঠানত আপৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো উপস্থিত থাকিব।

লগতে দলৰ আন এগৰাকী শীৰ্ষ নেতা তথা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানকে ধৰি আন বহু কেইগৰাকী নেতায়ো এই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগৰ পিছতে অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ বাবে আতিশীৰ নাম ঘোষণা কৰিছিল।

ইয়াৰ পাছতে আম আদমী পাৰ্টিৰ বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত সকলো বিধায়কে আতিশীৰ নামত অনুমোদন জনায়। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ বাবে সাজু হোৱা আতিশী কালকাজী আসনৰ পৰা তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। ইতিপূৰ্বে তেওঁ দিল্লী চৰকাৰৰ শিক্ষা মন্ত্ৰী, পি.ডব্লিউ.ডি., সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আহিছে।

আম আদমী পাৰ্টিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সদস্য আতিশীয়ে লগতে ২০১৫ চনৰ জুলাইৰ পৰা ২০১৮ চনৰ ১৭ এপ্ৰিললৈ দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শেহতীয়া সময়ছোৱাত অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছ’দিয়াৰ কাৰাবন্দী সময়ছোৱাত আতিশীয়ে দিল্লী চৰকাৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল।

লক্ষণীয়ভাৱে পশ্চিম বংগৰ মমতা বেনাৰ্জীৰ বাদে বৰ্তমান সময়ত দেশত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দ্বিতীয়গৰাকী মহিলা হিচাপে পৰিগণিত হ’ব আতিশী। তদুপৰি সুষমা স্বৰাজ আৰু শীলা দীক্ষিতৰ পিছত আতিশী হ’ব দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী। ইফালে আতিশীৰ সৈতে আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আপৰ আন পাঁচজন বিধায়কে।

গোপাল ৰায়, সৌৰভ ভৰদ্বাজ, কৈলাশ গেহলট, ইমৰাণ হুছেইন আৰু মুকেশ আহলাৱতে আজি দিল্লী চৰকাৰৰ মন্ত্ৰী হিচাপে শপত ল’ব। ইয়াৰে ৰায়, গেহলট, ভৰদ্বাজ আৰু হুছেইনে বিদায়ী কেজৰিৱাল চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল যদিও মুকেশ আহলাৱটক প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্বে আতিশীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিবলৈ যাব। তেওঁৰ লগতে সকলো কেবিনেট মন্ত্ৰীয়েও প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ তেওঁক সাক্ষাৎ কৰিব।

Latest News