ফুটপাথত শুই থকালোকৰ ওপৰেদি উঠি গ’ল ডাম্পাৰ, থিতাতে নিহত ৩, আহত ৬…

দেওবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । ফুটপাথত শুই থকা অৱস্থাত শিশুসহ কেইবাজনলোকৰ ওপৰেৰে উঠি যায় এখন তীব্ৰবেগী ডাম্পাৰ। যাৰ ফলত থিতাতে কেইবাজনলোক নিহত হোৱাৰ লগতে আহত হয় ৬ জন।

ফুটপাথত শুই থকালোকৰ ওপৰেদি উঠি গল ডাম্পাৰ, থিতাতে নিহত ৩, আহত ৬...

ডাম্পাৰখন

Published: 

23 Dec 2024 09:57 AM

এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৩ টাকৈ শিশু নিহত হোৱাৰ লগতে আহত হয় প্ৰায় ৬ জন। জানিব পৰা মতে, দেওবাৰে নিশাৰ ভাগত ফুটপাথত শুই থকা একাংশলোকৰ ওপৰেদি এখন তীব্ৰবেগী ডাম্পাৰ উঠি যায়। যাৰ ফলত ৩ টাকৈ শিশু নিহত হোৱাৰ লগতে ৬ জন গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ডাম্পাৰচালকজনক আটক কৰে। এই ঘটন সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেৰ বাঘোলী চৌকত। ঘটনা সংঘটিত হোৱাৰ পাছতেই বাঘোলী চৌক অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আৰক্ষীয়ে জনাই যে,ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে  নিশাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহতসকলক হাস্পাতালত ভৰ্তি কৰোৱা হয়। আনহাতে ডাম্পাৰ চালকজনক বৰ্তমান জেৰা চলাই থকা হৈছে।  এই ঘটনা নিশা প্ৰায় ১২.৩০ মানত সংঘটিত হয়। মৃতসকলৰ ভিতৰত আছে ২ বছৰীয়া ৰিতেশ বৈভৱ পৱাৰ, ৩ বছৰীয়া ৰিনেশ নিতেশ পৱাৰ আৰু ১ বছৰীয়া বৈভৱ ৰিতেশ পৱাৰ।

প্ৰত্যক্ষদৰ্শীৰ মতে, ডাম্পাৰৰ চালকজন সুৰামত্ত অৱস্থাত আছিল। হঠাতে তীব্ৰবেগত আহি ডাম্পাৰখন ফুটপাথত উঠি যায় আৰু তাতেই তেওঁ বাহনখন ৰখাই দিয়ে।  লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনা সন্দৰ্ভত চালকজনে বিশেষ কোনো তথ্য প্ৰকাশ কৰা নাই। সম্ভৱতঃ তেওঁ সুৰাৰ ৰাগীত আছিল, যাৰ বাবে বাহনখন অনিয়ন্ত্ৰিত হৈ ফুটপাথত শুই থকা লোকসকলৰ ওপৰত উঠি যায়।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। লগে লগে ঘটনাস্থলীত মানুহৰ ভিৰ জমা হয় আৰু পৰিস্থিতি গম্ভীৰ হৈ পৰে। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে থিতাতেই ৩টা শিশু মৃত্যু মুখত পৰে।আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনো জব্দ কৰিছে। ডাম্পাৰখনত কিবা টেকনিকেল সমস্যা আছিল নেকি এই সন্দৰ্ভতো পৰীক্ষা কৰা হ’ব। ইয়াৰোপৰি পথৰ কাষত থকা চিচিটিভি পৰীক্ষা কৰি থকা হৈছে, যাতে ঘটনা কেনেকৈ সংঘটিত হ’ল সেই বিষয়ে সৱিশেষ জানিব পাৰি।

ইয়াৰোপৰি এই ঘটনাত আহতসকল বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। সুস্থ অৱস্থালৈ ঘূৰি অহাৰ পাছত তেওঁলোকৰ পৰাও তথ্য গ্ৰহণ কৰিব আৰক্ষীয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।

দীঘল আৰু ঘন চুলি বিচাৰে নেকি? তেন্তে সৰিয়হ তেলৰ সৈতে এই সামগ্ৰী মিহলাই কৰক ব্যৱহাৰ...
শীতকালত সুন্দৰ হৈ পৰিব আপোনাৰ ছাল, মন কৰক এইসমূহ দিশলৈ...
চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন