তীব্ৰ বেগী বাছ আৰু ট্ৰাকৰ প্ৰচণ্ড সংঘৰ্ষ, থিতাতে মৃত্যু ৫, আহত ১৫জনৰো অধিক…
এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ ল'লে কেইবাজনলোকৰ। বাছ চালকৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে তীব্ৰবেগত অহা বাছখনে এখন ট্ৰাকক খুন্দা মাৰে। যাৰ ফলত ৫জনতকৈ অধিক লোকৰ মৃত্যু হয়।
এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ ল’লে কেইবাজনলোকৰ। যাত্ৰীবাহী এখন বাছে এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উত্তৰ প্ৰদেশৰ আলিগড়ত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে নিশা যমুনা এক্সপ্ৰেছৱেত এখন ট্ৰাকক এখন বাছে খুন্দা মাৰে, যাৰ ফলত থিতাতে ৫ জনলোকৰ ম়ৃত্যু হোৱাৰ লগতে আহত হয় ১৫ জনতকৈ অধিক যাত্ৰী। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰে।
জানিব পৰা মতে বুধবাৰ- বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। অযোধ্যাৰ কৃষ্ণ ট্ৰেভেলছৰ এখন ডাবল ডেকাৰ প্ৰাইভেট বাছ দিল্লীৰ পৰা মাউলৈ গৈ থকা অৱস্থাত আলিগড়ৰ সমীপৰ ৫৬ নম্বৰ যমুনা এক্সপ্ৰেছৱে’ত বিয়েৰ ভৰ্তি এখন ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে। যাৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয়। নিশা সংঘটিত পথ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছখনৰ আগৰ অংশ সম্পূৰ্ণৰূপে ভাঙি যায়।
তথ্য অনুসৰি পথ দুৰ্ঘটনাটোত থিতাতে ৫ জনলোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে এটা ৫ মহীয়া শিশু, এগৰাকী মহিলা আৰু ৩ জন পুৰুষ। মৃতসকলৰ ৩ জনৰ চিনাক্ত আৰক্ষীয়ে কৰিছে যদিও এতিয়াও ৩ জন চিনাক্ত হোৱা নাই। আনহাতে ভয়ংকৰ পথ দুৰ্ঘটনাটোত ৫ জনতকৈ অধিক লোক আহত হয়। আহতসকলৰ ভিতৰত আছে ১১ মহীয়া এটা শিশু, এটি কিশোৰী, ৫ বছৰীয়া, ৩ মহিলা আৰু ৯গৰাকী পুৰুষ । দুৰ্ঘটনাৰ পাছত আহত লোকসকলক খিড়িকী ভাঙি বাহিৰলৈ উলিয়াই অনা হয় আৰু হাস্পাতালত ভৰ্তি কৰোৱা হয়। এতিয়াও বাছৰ ভিতৰত বহু মৃতদেহ আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে আটাইকেইজন আহতক জেৱাৰৰ কৈলাশ হাস্পতালত ভৰ্তি কৰাইছে। আনহাতে মৃত লোকজনৰ মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। প্ৰাথমিক তথ্য অনুসৰি দুৰ্ঘটনাটোৰ মূল কাৰণ তীব্ৰ বেগ আৰু চালকৰ অসাৱধানতা বুলি জানিব পৰা গৈছে। এই ডাবল ডেকাৰ বাছখন দিল্লীৰ পৰা যাত্ৰী কঢ়িয়াই মাউলৈ ৰাওনা হৈছিল। যাত্ৰীসকলে কয় যে বাছ চালকজনে অতি বেগেৰে গাড়ী চলাই আহিছিল আৰু সন্মুখত ট্ৰাকখন দেখাৰ পিছত সময়মতে ব্ৰেক লগাব পৰা নাছিল। যাৰ বাবে ট্ৰাকৰ লগত সংঘৰ্ষ হয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।