Sukhbir Singh Badal: পঞ্জাৱৰ স্বৰ্ণমন্দিৰত মুখবীৰ সিং বাদলৰ ওপৰত গুলীচালনা…

শিৰোমণি আকালী দলৰ মুৰব্বী সুখবীৰ সিং বাদলক লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, বুধবাৰে পুৱা পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুখবীৰ সিং বাদল অমৃতসৰৰ স্বৰ্ণমন্দিৰলৈ গৈছিল। মন্দিৰত প্ৰৱেশ কৰাৰ সময়তে সুখবীৰ সিং বাদললৈ লক্ষ্য কৰি এজন লোকে গুলীচালনা কৰাৰ চেষ্টা কৰে।

Sukhbir Singh Badal: পঞ্জাৱৰ স্বৰ্ণমন্দিৰত মুখবীৰ সিং বাদলৰ ওপৰত গুলীচালনা...

আকালী দলৰ মুৰব্বী সুখবীৰ সিং বাদলৰ ওপৰত গুলীচালনা

Updated On: 

04 Dec 2024 11:48 AM

পঞ্জাৱৰ স্বৰ্ণমন্দিৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । শিৰোমণি আকালী দলৰ মুৰব্বী সুখবীৰ সিং বাদলক লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, বুধবাৰে পুৱা পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুখবীৰ সিং বাদল অমৃতসৰৰ স্বৰ্ণমন্দিৰলৈ গৈছিল। মন্দিৰত প্ৰৱেশ কৰাৰ সময়তে সুখবীৰ সিং বাদললৈ লক্ষ্য কৰি এজন লোকে গুলীচালনা কৰাৰ চেষ্টা কৰে। ইতিমধ্যে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

সূত্ৰ অনুসৰি, সুখবীৰ সিং বাদলে যোৱা কিছুদিন ধৰি ধৰ্মীয় শাস্তি হিচাপে স্বৰ্ণমন্দিৰত সেৱা আগবঢ়াই আহিছিল। তেতিয়াই তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে এজনে লোকে । ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে । সুখবীৰৰ ওপৰত গুলীচালনা কৰা ব্যক্তিজনক আকালী দলৰ সমৰ্থকে কৰায়ত্ব কৰে । অভিযুক্তৰ নাম নাৰায়ণ সিং বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, আৰক্ষীয়ে আক্ৰমণকাৰীক নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে । সূত্ৰ খবৰ অনুসৰি, এই আক্ৰমণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে সুখবীৰ সিং বাদলৰ ।

সূত্ৰ অনুসৰি, নাৰায়ণ সিং খালিস্তানী উগ্ৰপন্থী সংগঠন বাব্বৰ খালছাৰ সৈতে জড়িত বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । ২০০৪ চনত বুৰাইল কাৰাগাৰৰ পৰা ৯৪ ফুট দৈৰ্ঘ্যৰ সুৰংগ খান্দি চাৰিজন কয়দী পলায়ন কৰিছিল। সেই ঘটনাৰ লগত নাৰায়ণ পোনপটীয়াকৈ জড়িত আছিল বুলি খবৰ প্ৰকাশ পাইছে ।

মনকৰিবলগীয়া যে, ২০০৭ চনৰ পৰা ২০১৭ চনলৈ পঞ্জাৱত শাসন কালত আকালী দলৰ নেতাসকলে কৰা ‘ভুল’ৰ শাস্তি হিচাপে অকল তখতে ‘তংখা’ৰ নিৰ্দেশ দিয়ে। ইয়াৰে এটা অপৰাধ আছিল ডেৰা সচাৰ মুৰব্বী গুৰমীত ৰাম ৰহিম সিঙৰ মুক্তি। সুখবীৰ সিং বাদলে নিজেই এই অপৰাধ স্বীকাৰ কৰিছিল অকল তখতৰ আগত। সুখবীৰ সিং বাদলে শাস্তি হিচাপে বিভিন্ন গুৰদ্বাৰত সেৱা আগবঢ়াই আছে। আজিৰ দিনটোতো সুখবীৰ সিং বাদলে স্বৰ্ণমন্দিৰত সেৱা আগবঢ়াই আছিল। তেতিয়াই আক্ৰমণকাৰীয়ে বাদলৰ ওপৰত গুলীচালনা কৰে ।

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...