শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিস্কুট বিতৰণ কৰি সুখৰ ভাগ-বাটোৱাৰা অটো চালকৰঃ আনন্দৰ কাৰণ জানিলে চকু কপালত উঠিব আপোনাৰ

নিজৰ জীৱনৰ এক সুখকৰ মুহূৰ্ত আন লোকৰ সৈতে ভাগ-বাটোৱাৰা কৰি চৰ্চালৈ আহিছে এগৰাকী অটো চালক। কিন্তু তেওঁৰ এই সুখৰ আঁৰৰ কাৰণৰ বাবেহে অধিক চৰ্চিত হৈ পৰিছে। সামাজিক মাধ্যমতো এই সন্দৰ্ভত চলিছে সৰস আলোচনা। আনন্দত আত্মহাৰা অটো চালকজনে পথত বিতৰণ কৰিছে বিস্কুট। কিন্তু তেওঁৰ এই আনন্দৰ কাৰণ অত্যন্ত আমোদজনক।

বিস্কুট বিতৰণ কৰি সুখৰ ভাগ-বাটোৱাৰা অটো চালকৰঃ আনন্দৰ কাৰণ জানিলে চকু কপালত উঠিব আপোনাৰ
চৰ্চাত এজন অটো চালক
monjit-dutta
Monjit Dutta | Updated On: 06 Feb 2025 19:09 PM

কোনো বৃ্হৎ সফলতাই বা খবৰে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ স্বাভাৱিকতেই সুখ কঢ়িয়াই আনে। তেনেদৰে কিছুমান সৰু সৰু বিষয়েও ব্যক্তিৰ জীৱন সুখকৰ কৰি তোলে। এনে সুখৰ ভাগ-বাটোৱাৰা কৰি আনন্দৰ ক্ষণকণ অধিক স্মৰণীয় কৰি তুলিব বিচাৰে অধিকাংশ লোকে। তেনেদৰেই নিজৰ জীৱনৰ এক সুখকৰ মুহূৰ্ত আন লোকৰ সৈতে ভাগ-বাটোৱাৰা কৰি চৰ্চালৈ আহিছে এগৰাকী অটো চালক। কিন্তু তেওঁৰ এই সুখৰ আঁৰৰ কাৰণৰ বাবেহে অধিক চৰ্চিত হৈ পৰিছে। সামাজিক মাধ্যমতো এই সন্দৰ্ভত চলিছে সৰস আলোচনা।

এই অটো চালকজন কৰ্ণাটকৰ ৰাজধানী বাংগালুৰু চহৰৰ। আনন্দত আত্মহাৰা অটো চালকজনে পথত বিতৰণ কৰিছে বিস্কুট। কিন্তু তেওঁৰ এই আনন্দৰ কাৰণ অত্যন্ত আমোদজনক। পত্নী কিছুদিনৰ বাবে নিজৰ মাতৃগৃ্হলৈ যোৱাৰ বাবেই অটো চালকজনৰ মনত এই আনন্দ আৰু এনে আনন্দতে তেওঁ মানুহক বিস্কুট বিতৰণ কৰিছে। আনকি তেওঁ নিজৰ অটোখনত এখন কাগজো লগাই লৈছে।

এই কাগজখনত তেওঁ লিখিছে, “পত্নী নিজৰ পিতৃ-মাতৃৰ ঘৰলৈ গৈছে, সেয়ে মই অত্যন্ত সুখী।” অটো চালকজনে বিস্কুট বিতৰণ কৰি থকা দৃশ্যৰ ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অটোখনৰ চিটৰ পিছফালে কাগজ এখনত তেওঁ নিজৰ আনন্দৰ কাৰণ লিখিছে আৰু কাগজখনৰ কাষতে এটা পাত্ৰত কিছু বিস্কুট থৈছে। ইনষ্টাগ্ৰামত এটা একাউণ্টত শ্বেয়াৰ কৰা হৈছে অটো চালকজনৰ এই ফটো।

সামাজিক মাধ্যমত মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰা অটো চালকজনৰ এই বিশেষ কাৰ্যৰ পোষ্টত নেটিজেনে নানা হাস্যৰসিক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে।  এগৰাকী ব্যক্তিয়ে কমেণ্ট বক্সত অটো চালকজনৰ এই সুখ মাত্ৰ কেইদিনমানৰ বাবেহে বুলি কটাক্ষ কৰাৰ বিপৰীতে আন এজন ব্যক্তিয়ে আকৌ অটো চালকজন পত্নীৰ পৰা ইমানেই অসুখী যে এনেকৈ আনন্দ কৰিব লগা হৈছে বুলি মন্তব্য কৰিছে।

আন এজন লোকে আকৌ চালকজনৰ জীৱন অত্যন্ত সুখকৰ আছিল আৰু পত্নীয়ে তেওঁৰ জীৱন নষ্ট কৰি পেলালে বুলি মন্তব্য কৰা দেখা গৈছে। একেদৰে আন এজন লোকে আকৌ অটো চালকজনৰ পত্নীয়ে এই ঘটনাৰ কথা জানিব পাৰিলে চালকজন অটোতে শুব লাগিব বুলি ধেমেলীয়া মন্তব্য কৰিছে। কেৱল এয়াই নহয়, একাংশ লোকে অটো চালকৰ এই সুখক স্বাধীনতা বুলিও আখ্যা দিয়ে।

একাংশই কৈছে যে পত্নীয়ে মাক-দেউতাকৰ ঘৰলৈ যোৱাৰ ওপৰত অটো চালকজনৰ সুখ কেইদিনমানৰ সুখ। এইদৰেই এই অটো চালকজন এতিয়া সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে। অৱশ্যে সকলোৱে যে তেওঁৰ প্ৰতি সমৰ্থনেই প্ৰকাশ কৰিছে, তেনে নহয়। এনে কাৰ্যৰ দ্বাৰা তেওঁ পত্নীক অপমান তথা অসন্মান কৰা বুলিও বহুলোকে মন্তব্য প্ৰকাশ কৰিছে।