Ayodhya Deepotsav 2024: ২৫ লাখ চাকিৰ পোহৰেৰে উজলিল অযোধ্যা, গঢ়িলে দুটাকৈ নতুন বিশ্ব অভিলেখ!
অযোধ্যাত আৰম্ভ হৈছে দীপোৎসৱ । ইয়াৰ লগে লগে ৰামৰ জন্মভূমিত সৃষ্টি কৰা হৈছে আন এটা নতুন অভিলেখ। ৫৫টা ঘাটত একেলগে ২৫ লাখ চাকি জ্বলাই আলোকিত কৰা হৈছে অযোধ্যা। সৰযুৰ দুয়োফালে সমবেত হোৱা হাজাৰ হাজাৰ ভক্তই তেওঁলোকৰ মোবাইল কেমেৰাত এই অনন্য মুহূৰ্তটো বন্দী কৰি ৰাখিছে।
অযোধ্যাত আৰম্ভ হৈছে দীপোৎসৱ । ইয়াৰ লগে লগে ৰামৰ জন্মভূমিত সৃষ্টি হৈছে আন এটা নতুন অভিলেখ। ৫৫টা ঘাটত একেলগে ২৫ লাখ চাকি জ্বলাই আলোকিত কৰা হৈছে অযোধ্যা। সৰযুৰ দুয়োফালে সমবেত হোৱা হাজাৰ হাজাৰ ভক্তই তেওঁলোকৰ মোবাইল কেমেৰাত এই অনন্য মুহূৰ্তটো বন্দী কৰি ৰাখিছে। একে সময়তে, দূৰ-দূৰণিৰ ভক্তসকলে উপভোগ কৰিছে দীপোৎসৱ কাৰ্যসূচী। দীপোৎসৱ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰায় ১১০০গৰাকী পূজাৰীয়ে সৰযুক আৰতি পৰিৱেশন কৰিছিল। এই সময়ছোৱাত উপস্থিত আছিল মুখ্যমন্ত্ৰী যোগীও।
উল্লেখ্য যে ৫০০ বছৰৰ পিছত অযোধ্যাত এয়া প্ৰথমবাৰৰ বাবে ঘটিছে য’ত অযোধ্যাৰ বাসিন্দাসকলে ৰাম লাল্লাৰ উপস্থিতিত দেৱালী উদযাপন কৰিছে। এইবাৰ, ভগৱান ৰামৰ সিংহাসনত অধিষ্ঠিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰামৰ জন্মভূমিত ৫৫টা ঘাট ২৫ লাখ চাকিৰে আলোকিত কৰা হৈছে। কেৱল এয়াই নহয় প্ৰায় ১১০০গৰাকী পূজাৰীয়ে সৰযুৰ নদীৰ পাৰত মহা আৰতি প্ৰদৰ্শন কৰিছিল।
श्री अयोध्या जी की पावन धरा अलौकिक आनंद की अनुभूति करा रही है। 🪔🪔
जय श्री राम@uptourismgov | @upculturedept | #सबका_उत्सव_अयोध्या_दीपोत्सव | #AyodhyaDeepotsav2024 I #Deepotsav2024 pic.twitter.com/a8NiT7sjlI
— Information and Public Relations Department, UP (@InfoDeptUP) October 30, 2024
भगवान श्री राम के भव्य स्वागत में पावन नगरी श्री अयोध्या जी में आयोजित ‘दीपोत्सव-2024’ में लेजर शो के माध्यम से पूरा विश्व धर्मनगरी की अलौकिक आभा की अनुभूति कर रहा है।@uptourismgov | @upculturedept | #सबका_उत्सव_अयोध्या_दीपोत्सव | #AyodhyaDeepotsav2024 I #Deepotsav2024 pic.twitter.com/H5AKbxCkrP
— Government of UP (@UPGovt) October 30, 2024
ৰামৰ জন্মভূমিত ভক্তৰ ভিৰ
কইনাৰ দৰে সজোৱা হৈছে ৰামৰ জন্মভূমি। চাকিৰে আলোকিত কৰা হৈছে সৰযুৰ পাৰ। সৰযুৰ পাৰত ২৫ লাখ চাকি জ্বলোৱা হৈছে । যি দৃশ্য অতি আকৰ্ষণীয় হৈ পৰিছে। মানুহে এই সুন্দৰ মুহূৰ্তটো তেওঁলোকৰ ম’বাইল কেমেৰাত বন্দী কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। এতিয়াও ৰামৰ জন্মভূমিত উপস্থিত বহু লোক। উপভোগ কৰিছে লেজাৰ শ্ব’ ।
ইয়াৰ লগে লগে অযোধ্যাৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত লিপিবদ্ধ কৰা হৈছে দুটা অভিলেখ । প্ৰথমটো অভিলেখ হ’ল এক হাজাৰ ১২১জন লোকে সৰযুৰ পাৰত একেলগে আৰতি প্ৰদৰ্শন কৰিছিল।দ্বিতীয়টো ২৫ লাখ ১২ হাজাৰ ৫৮৫ চাকি জ্বলাই আন এটা নতুন অভিলেখ স্থাপন কৰা হৈছিল। এই বিৰল ক্ষণৰ সাক্ষী হৈছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ৰাজ্যপাল আনন্দীবেন পেটেল, কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত আৰু দুগৰাকী উপ-মুখ্যমন্ত্ৰীৰ লগতে যোগী চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীসকলৰ ।