ৰাম মন্দিৰ উৰুৱাই দিয়াৰ ষড়যন্ত্ৰ, আঁৰত আছে নেকি ISIৰ অভিসন্ধি?
গুজৰাটৰ এটিএছ আৰু হাৰিয়ানা এছটিএফে জিম্মাত সন্ত্ৰাসবাদী আব্দুল ৰেহমানে প্ৰকাশ কৰিছে ৰাম মন্দিৰ উৰুৱাই দিয়াৰ ষড়যন্ত্ৰক কথা। আব্দুল কয় যে, ইয়াৰ বাবে দুটা হেণ্ড গ্ৰেনেডো যোগান ধৰিছিল, কিন্তু উপযুক্ত সুযোগ নোপোৱালৈকে তেওঁক ফৰিদাবাদত থাকিবলৈ কোৱা হৈছিল।

দেশৰ ৰাজধানী দিল্লীৰ গাতে লাগি থকা ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা আব্দুল ৰেহমানে প্ৰকাশ কৰিছে ৰাম মন্দিৰ উৰুৱাই দিয়াৰ ষড়যন্ত্ৰৰ কথা। তদন্তকাৰী সংস্থাৰ জেৰাৰ সময়ত আব্দুলে কয় যে তেওঁ দুবাৰকৈ ৰাম মন্দিৰ নিৰীক্ষণ কৰিছে। ৰাম মন্দিৰত নিক্ষেপ কৰিবলৈ তেওঁক দুটা হেণ্ড গ্ৰেনেডৰ ব্যৱস্থা কৰা হৈছিল যদিও অপৰাধ সংঘটিত কৰাৰ আগতে গুজৰাট এটিএছ আৰু হাৰিয়ানা এছটিএফৰ দলৰ হাতত তেওঁ ধৰা পৰে। জেৰাৰ সময়ত তেওঁ কয় যে হেণ্ডলাৰে তেওঁৰ এজন সহযোগীৰ জৰিয়তে তেওঁৰ ওচৰলৈ এই হেণ্ড গ্ৰেনেড পঠিয়াইছিল।
ইতিমধ্যে অভিযুক্তৰ পৰা উদ্ধাৰ কৰা হৈছে হেণ্ড গ্ৰেনেডটো। সংস্থাসমূহৰ মতে এই হেণ্ড গ্ৰেনেডত কোনো দেশৰ কোম্পানীৰ চিহ্ন নাই। প্ৰাথমিক জেৰাৰ অন্তত সংস্থাসমূহে দাবী কৰিছে যে ,আব্দুল ৰেহমান পাকিস্তানত থকা এজন সন্ত্ৰাসবাদীৰ সংস্পৰ্শত আছিল। আৰক্ষীৰ জেৰাৰ সময়ত তেওঁ কয় যে তেওঁ ফৈজাবাদৰ পৰা ৰে”লযোগে দিল্লীৰ জামাতত যোগদান কৰিবলৈ আহিছিল। ইয়াতেই জামাতৰ সময়ত তেওঁ হেণ্ডলাৰৰ সংস্পৰ্শলৈ আহিছিল। এতিয়া তদন্তকাৰী সংস্থাই আব্দুল কাৰ সংস্পৰ্শত আছিল সেই কথা জানিবলৈ চেষ্টা চলাইছে।
অভিযুক্ত আব্দুল ৰেহমানে তদন্তকাৰী সংস্থাসমূহৰ জেৰাৰ সময়ত কয় যে, ৰাম মন্দিৰত আক্ৰমণৰ সামগ্ৰী তেওঁ হাতলৈ আহিলেও সঠিক সুযোগ নোপোৱালৈকে তেওঁক ফৰিদাবাদত থাকিবলৈ কোৱা হৈছে। এই ষড়যন্ত্ৰত আব্দুলৰ বাহিৰে আন কিছু লোকো জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীয়ে বৰ্তমান সেইসকল লোকৰ তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে। ইয়াৰ মাজতে আব্দুলক আদালতত হাজিৰ কৰি অধিক সোধা-পোছাৰ বাবে ১০ দিনৰ জিম্মাত লয় আৰক্ষীয়ে।
আই এছ আইৰ সম্পৰ্ক থকাৰ দাবী
অযোধ্যাৰ মঞ্জনাই গাঁৱৰ আব্দুলৰ পিতৃয়ে কয় যে, তেওঁৰ পুত্ৰই ৰিক্সা চলাইছিল। শেহতীয়াকৈ তেওঁ জামাতত যোগদান কৰিবলৈ দিল্লীলৈ গৈছিল যদিও এতিয়া তেওঁক গ্ৰেপ্তাৰৰ খবৰ আহিছে। লগতে কয় যে, পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ পিছত অযোধ্যা আৰক্ষীয়েও তেওঁকো আটক কৰি ৰাখিছিল, কিন্তু জেৰাৰ অন্তত তেওঁক মুকলি কৰি দিছিল। ইফালে আব্দুলৰ মাতৃয়ে পুত্ৰক ফচোৱা বুলি অভিযোগ উত্থাপন কৰে। এতিয়ালৈকে লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষী সংস্থাসমূহে দাবী কৰিছে যে, পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে সংস্পৰ্শত আছে আব্দুল । ইয়াৰ উপৰিও তেওঁ বহুতো মৌলবাদী গোটৰ সৈতেও জড়িত।