অযোধ্যা ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত সত্যেন্দ্ৰ দাসৰ দেহাৱসান

অযোধ্যা ৰাম মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাসৰ দেহাৱসান। বুধবাৰে লক্ষ্ণৌৰ SGPGI(Sanjay Gandhi Post Graduate Institute of Medical Sciences) ত শেষ নিশ্বাস ত্যাগ কৰে সত্যেন্দ্ৰ দাসে।

অযোধ্যা ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত সত্যেন্দ্ৰ দাসৰ দেহাৱসান

অযোধ্যা ৰাম মন্দিৰৰ মুখ্য পুৰোহিতৰ দেহাৱসান

Published: 

12 Feb 2025 14:19 PM

৮৫ বছৰ বযসত অযোধ্যা ৰাম মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাসৰ দেহাৱসান। বুধবাৰে লক্ষ্ণৌৰ SGPGI(Sanjay Gandhi Post Graduate Institute of Medical Sciences) ত শেষ নিশ্বাস ত্যাগ কৰে সত্যেন্দ্ৰ দাসে। মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ। বৃহস্পতিবাৰে সৰ্যু নদীৰ পাৰত তেওঁৰ শেষকৃত্য সম্পন্ন হ’ব।

যোৱা ২ ফেব্ৰুৱাৰীত ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতজনৰ মগজুৰ ষ্ট্ৰোক হৈছিল। লগে লগে তেওঁক অযোধ্যাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পাছত সংকটজনক অৱস্থাত তেওঁক এছজিপিজিআইলৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়ধীনঅৱস্থাত ইহলীলা সম্বৰণ কৰে ৰাম মণ্ডিৰ মুখ্য পূজাৰীগৰাকীয়ে ।

ইফালে আজিৰ দিনটোত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে  পুৰোহিত সত্যেন্দ্ৰ দাসৰ মৃত্যুত শোক প্ৰকাশ কৰে। ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতৰ মৃত্যুক তেওঁ ‘অপুৰণীয় ক্ষতি’ বুলি অভিহিত কৰে।

সত্যেন্দ্ৰ দাসে মাত্ৰ ২০ বছৰ বয়সতে আধ্যাত্মিক জীৱন আৰম্ভ কৰিছিল । ১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ধ্বংস হোৱাৰ আগতেই তেওঁ ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত হিচাপে আটাইতকৈ বেছি দিন কাৰ্যনিৰ্বাহ কৰিছিল সত্যেন্দ্ৰ দাসে।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?