আক্ৰমণৰ লক্ষ্য আছিল বাবা ছিদ্দিকীৰ পুত্ৰও! এটা ফোনকলে ৰক্ষা কৰিলে জীৱন
যোৱা নিশা মুম্বাইৰ বান্দ্ৰা অঞ্চলত তিনিগৰাকী আততায়ীয়ে সন্মুখৰ পৰা গুলীয়াই হত্যা কৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এন চি পি দলৰ নেতা বাবা ছিদ্দিকীক। এই আক্ৰমণত বাবা ছিদ্দিকীৰ পুত্ৰ জিছান ছিদ্দিকীও আক্ৰমণকাৰীৰ লক্ষ্য হ’লহেঁতেন। পিছে সেই সময়তে অহা এটা ফোন কলে ৰক্ষা কৰিলে জিছান ছিদ্দিকীক।
শনিবাৰে নিশা এক ভয়াৱহ আক্ৰমণত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এন চি পি দলৰ নেতা বাবা ছিদ্দিকীয়ে। মুম্বাইৰ বান্দ্ৰা অঞ্চলত তিনিগৰাকী আততায়ীয়ে সন্মুখৰ পৰা গুলীয়াই হত্যা কৰে বাবা ছিদ্দিকীক। এই ঘটনাই সম্প্ৰতি জোকাৰি তুলিছে মহাৰাষ্ট্ৰ। ঘটনাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি দুই আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰে যদিও এজন অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে। যোৱা নিশা পুত্ৰ তথা কংগ্ৰেছৰ বিধায়ক জিছান ছিদ্দিকিৰ বান্দ্ৰাস্থিত কাৰ্যালয়ত উপস্থিত আছিল বাবা ছিদ্দিকী।
জিছানৰ কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়তে ছিদ্দিকীৰ ওপৰত এই আক্ৰমণ সংঘটিত হয়। আক্ৰমণৰ পিছতে ছিদ্দিকীক লগে লগে লীলাৱতী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক ৰক্ষা কৰিব পৰা নগ’ল। ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তত সম্প্ৰতি পোহৰলৈ আহিছে আন এক উদ্বেগজনক তথ্য। তথ্য মতে, বাবা ছিদ্দিকীৰ পুত্ৰ জিছান ছিদ্দিকীও আক্ৰমণকাৰীৰ লক্ষ্য হ’লহেঁতেন।
পিছে সেই সময়তে অহা এটা ফোন কলে ৰক্ষা কৰিলে জিছান ছিদ্দিকীক। জানিব পৰা মতে জিছান ছিদ্দিকীও পিতৃৰ লগতে নিজ কাৰ্যালয়ৰ পৰা ওলাই একেলগে নিজা বাসগৃ্হলৈ যোৱাৰ কথা আছিল। কিন্তু সেই সময়তে তেওঁৰ এটা গুৰুত্বপূৰ্ণ ফোন আহে আৰু সেয়ে তেওঁ কাৰ্যালয়ৰ ভিতৰতে ৰ’বলগা হয়। ইফালে কাৰ্যালয়ৰ পৰা ওলাই যোৱা বাবা ছিদ্দিকীৰ ওপৰত আক্ৰমণ সংঘটিত কৰে আততায়ীয়ে।
এই গোচৰত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দুজন আক্ৰমণকাৰীক। ইয়াৰে এগৰাকী উত্তৰ প্ৰদেশৰ আৰু আনগৰাকী হাৰিয়ানাৰ বুলি জানিব পৰা গৈছে। আনহাতে এই গোচৰৰ তৃতীয়গৰাকী অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে। পলাতক অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। একে সময়তে আৰক্ষীয়ে এই গোচৰৰ তিনিটা কোণৰ পৰা তদন্ত চলাই আছে।
তথ্য অনুসৰি, আৰক্ষীৰ তদন্তৰ প্ৰথম কোণটো হৈছে SRA প্ৰকল্প। তদন্তৰ পৰা দেখা গৈছে যে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ওপৰত হোৱা আক্ৰমণৰ সৈতে বস্তি পুনৰ্বাসন কৰ্তৃপক্ষৰ (SRA) প্ৰকল্পক লৈ হোৱা বিতৰ্কৰ সম্পৰ্ক থাকিব পাৰে। বাণ্ড্ৰাত নিৰ্মাণ হৈ থকা বস্তি পুনৰ্বাসন কৰ্তৃপক্ষ (SRA) প্ৰকল্পত বাবা ছিদ্দিকিয়ে পিৰামিড ডেভেলপাৰছক সহায় কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল। এই প্ৰকল্পত ২০০০ কোটি টকাৰ কেলেংকাৰীৰো অভিযোগ উঠিছে।
আনহাতে ছিদ্দিকীৰ হত্যাত লৰেন্স বিষ্ণৈ গেং জড়িত থকা বুলি সন্দেহ কৰা হৈছে। এই দিশৰো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। বাবা ছিদ্দিকীক অভিনেতা ছলমান খানৰ অত্যন্ত ঘনিষ্ঠ হিচাপে গণ্য কৰা হয়। লগতে ক্ৰাইম ব্ৰাঞ্চৰ সূত্ৰ অনুসৰি প্ৰাথমিক তদন্তৰ সময়ত অভিযুক্তৰ বিষ্ণৈ গেঙৰ সৈতে সম্পৰ্ক থকাৰ সম্ভাৱনা প্ৰকাশ পাইছে। লগতে বাবা ছিদ্দিকী হত্যাকাণ্ডৰ গোচৰত ৰাজনৈতিক দিশৰ ৰূপত তৃতীয় কোণো পোহৰলৈ আহিছে।