5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কোনে আৰু কিয় গুলীয়াই হত্যা কৰিলে বাবা ছিদ্দিকীক? ৩ শ্বুটাৰৰ বিতং তথ্য ফাদিল!

বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ সৈতে জড়িত তিনিজন শ্বুটাৰক চিনাক্ত কৰা হৈছে। ইয়াৰে দুজন উত্তৰ প্ৰদেশৰ বাহৰাইচৰ আৰু এজন শ্বুটাৰ হাৰিয়ানাৰ কাইথালৰ। তেওঁলোকৰ দুজনৰ আগৰ কোনো অপৰাধমূলক ৰেকৰ্ড নাই। তেওঁলোকক শেহতীয়াকৈ বাবা ছিদ্দিকীক হত্যা কৰিবলৈ নিয়োগ কৰা হৈছিল। আনহাতে তৃতীয়জন শ্বুটাৰ গুৰমাইল সিঙে পূৰ্বেও হত্যাকাণ্ড সংঘটিত কৰিছে।

কোনে আৰু কিয় গুলীয়াই হত্যা কৰিলে বাবা ছিদ্দিকীক? ৩ শ্বুটাৰৰ বিতং তথ্য ফাদিল!
কোনে আৰু কিয় গুলীয়াই হত্যা কৰিছিল বাবা ছিদ্দিকীক?
trishna-kalita
Trishna Kalita | Updated On: 13 Oct 2024 14:40 PM

মুম্বাইত এনচিপি নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰা দুজন শ্বুটাৰ উত্তৰ প্ৰদেশৰ বাহৰাইচৰ। বাহৰাইচৰ এছ পি বৃন্দা শুক্লাই এই কথা নিশ্চিত কৰিছে। এছপিৰ মতে এজন অভিযুক্তৰ নাম ধৰ্মৰাজ কাশ্যপ। দ্বিতীয় অভিযুক্তজনৰ নাম শিৱকুমাৰ গৌতম ওৰফে শিৱ। শিৱ বৰ্তমান পলাতক অৱস্থাত আছে আৰু ধৰ্মৰাজক মুম্বাই আৰক্ষীয়ে আটক কৰিছে। দুয়োজন অভিযুক্ত একেখন গাঁও গন্দাৰাৰ বাসিন্দা। দুয়োজন অভিযুক্ত চুবুৰীয়া। দুয়োৰে বয়স প্ৰায় ১৮-১৯ বছৰ। দুয়োজন পুনেত স্ক্ৰেপ ব্যৱসায়ৰ সৈতে জড়িত আছিল। বাহৰাইচত এতিয়ালৈকে কোনো অপৰাধমূলক ৰেকৰ্ড পোৱা হোৱা নাই।

অপৰাধ শাখাৰ ১৫টা দলে তৃতীয় অভিযুক্ত শিৱক বিচাৰি অভিযান অব্যাহত ৰাখিছে। তথ্য অনুসৰি শিৱ আৰু ধৰমৰাজক বাবা ছিদ্দিকীৰ হত্যাৰ বাবে নিযুক্তি দিয়া হৈছিল। এইদৰে প্ৰায়ে নতুন যুৱকবোৰক লৰেন্স দলে ব্যৱহাৰ কৰে। কেইমাহমান আগতে, শিৱই ধৰ্মৰাজক পুনেত কামৰ বাবে মাতিছিল। চুপাৰি দিয়া ব্যক্তিজনে গুৰমাইলক শিৱ আৰু ধৰ্মৰাজৰ সৈতে পৰিচয় কৰাই দিছিল।
মাৰ্চ মাহত ধৰ্মৰাজ আৰু শিৱকুমাৰ মুম্বাইলৈ গৈছিল। তাৰ পাছত তেওঁলোকৰ সন্দৰ্ভত পৰিয়ালৰ ওচৰত কোনো তথ্য নাই।

ইতিমধ্যে ধৰ্মৰাজৰ পিতৃ-মাতৃক বাহৰাইচ আৰক্ষীয়ে আটক কৰিছিল। শিৱৰ পিতৃৰ মতে তেওঁৰ পুত্ৰক প্ৰলোভন দিয়া হৈছিল। ইফালে ধৰমৰাজৰ মাতৃয়ে জেৰাত উল্লেখ কৰিছে যে ধৰমৰাজ দিল্লীলৈ যাব বুলি জনাইছিল। নাজানো কেনেকৈ মুম্বাই পালে। সূত্ৰ অনুসৰি শ্বুটাৰে আণ্ডাৰৱৰ্ল্ডত নিজৰ পৰিচয় গঢ়িব বিচাৰিছিল। সেইকাৰণে উত্তৰ প্ৰদেশৰ শ্বুটাৰসকলে বাবা ছিদ্দিকীক আক্ৰমণ কৰিছিল।
সূত্ৰ অনুসৰি, তিনিওজনে পঞ্জাৱ কাৰাগাৰত লৰেন্স বিষ্ণোই দলৰ সদস্যক লগ পাইছিল। অপৰাধ আৰু জাৰায়ামৰ পৃথিৱীত নিজৰ পৰিচয় আৰু নামৰে সন্ত্ৰাস সৃষ্টি কৰিবলৈ লৰেন্স বিষ্ণোই দলৰ শ্বুটাৰ হৈছিল।

তৃতীয়জন অভিযুক্ত গুৰমাইল হাৰিয়ানাৰ কাইথাল জিলাৰ নাৰদ গাঁৱৰ বাসিন্দা। ২০১৯ চনত এজন যুৱকৰ হত্যাৰ গোচৰত কাইথাল কাৰাগাৰত বন্দী হৈ আছিল। জামিনত ওলাই অহাৰ পাছত তেওঁ মুম্বাইলৈ যায়, য’ত তেওঁ লৰেন্স বিষ্ণোইৰ গেঙৰ সৈতে সম্পৰ্ক গঢ়ি তোলে। । এইটোও কোৱা হৈছে যে অভিযুক্তজনে কাইথাল কাৰাগাৰত লৰেন্স বিষ্ণোইৰ গেঙৰ সংস্পৰ্শলৈ আহিছিল। গোপন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, অভিযুক্তজনৰ পিতৃ-মাতৃৰ মৃত্যু হৈছে আৰু দীৰ্ঘদিন ধৰি তেওঁ গাঁৱত নাছিল। অভিযুক্তজনে তেওঁৰ সহযোগীসকলৰ সৈতে বাবা ছিদ্দিকীৰ ঘৰ আৰু কাৰ্যালয়ৰ পৰ্যবেক্ষণ কৰি আছিল। তেওঁলোক ডেৰৰ পৰা দুমাহ ধৰি মুম্বাইত আছিল আৰু তেওঁৰ ওপৰত চকু ৰাখিছিল। মুম্বাই অপৰাধ শাখাৰ কেইবাটাও দলে ঘটনাটোৰ তদন্ত কৰি আছে।

Latest News