বদলাপুৰ কাণ্ডঃএইবাৰ ভুক্তভোগী ৩ বছৰীয়া শিশু, বিদ্যালয়ৰ ভিতৰতে জঘন্য কাণ্ড
শিশুটিয়ে বুজি পোৱা নাছিল তেওঁৰ লগত কি হৈছিল, সেয়ে ভয়ত থাকিবলৈ লৈছিল। লাহে লাহে শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল। শিশুটিৰ স্বাস্থ্যৰ এনে অৱস্থা দেখি ককাকে ১৫ আগষ্টত বদলাপুৰৰ এখন চিকিৎসালয়ত চিকিৎসা পৰীক্ষা কৰায়।
কি হৈছে মানুহবোৰৰ? সুৰক্ষিত কোন? শিশুৰ পৰা বৃদ্ধালৈ কাকোৱে এৰি নিদিয়ে এই পাষাণসকলে।কলকাতা কাণ্ড মাৰ নৌযাওতেই প্ৰতিদিনেই ন ন ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। পুনৰ এক ধৰ্ষণৰ ঘটনাই দেশত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। এইবাৰ ভুক্তভোগী ৩.৫ বছৰীয়া এটি শিশু। মহাৰাষ্ট্ৰৰ বদলাপুৰত সংঘটিত হৈছে এই জঘন্য ঘটনা। এখন বিদ্যালয়ৰ চাফাই কৰ্মীয়ে ২ টিকৈ শিশুৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত কৰে। ঘটনা পোহৰলৈ অহাৰ পাছতেই প্ৰতিবাদত উত্তাল হৈ পৰিছে বদলাপুৰ। অভিযোগ অনুসৰি এই ঘটনাৰ তদন্তত আৰক্ষীৰ গাফিলতি পোহৰলৈ আহিছে।
প্ৰতিবাদ সাব্যস্ত হোৱাৰ পাছতেই বদলাপুৰত ১৬৩ ধাৰা জাৰি কৰাৰ লগতে চহৰখনত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়ে। প্ৰশাসনে দোকান-পোহাৰ আদিও বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে । আৰক্ষীয়ে সকলো ক্ষেত্ৰতে এলাৰ্ট জাৰি কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰি আছে।
কি হৈছিল
এই ধৰ্ষণ কাণ্ডৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ নাম অজয় সিন্দে। অজয়ক শিশুসকলে দাদা বুলি মাতিছিল আৰু তেওঁ বিদ্যালয়খনৰ চাফাই কৰ্মী আছিল। জানিব পৰা মতে ১৩ আগষ্টত সংঘটিত হয় এই ঘটনা। চাৰে তিনি বছৰীয়া শিশুটিৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি ১৩ আগষ্টৰ দিনা স্কুলৰ পৰা অহাৰ পাছত তেওঁলোকৰ সন্তান মনে মনে আৰু ভয় খাই থাকিবলৈ লৈছিল। এনেকৈয়ে দুদিন গ’ল। তাৰ পাছত শিশুটিৰ ব্যৱহাৰক লৈ ককাকৰ সন্দেহ হয় আৰু এই কথা তেওঁ শিশুটিৰ মাতৃক জনায়। যেতিয়া মাতৃয়ে কি হৈছে বুলি শিশুটিক প্ৰশ্ন কৰে তেতিয়াই এই সমগ্ৰ ঘটনা পোহৰলৈ আহে।
চাৰে তিনি বছৰীয়া শিশু
পৰিয়ালৰ লোকৰ মতে,শিশুটিৰ বয়স চাৰে তিনি বছৰ। শিশুটিয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ শৌচাগাৰত অজয় নামৰ যুৱকজনে এই ধৰ্ষণ কাণ্ড সংঘটিত কৰে। শিশুটিয়ে বুজি পোৱা নাছিল তেওঁৰ লগত কি হৈছিল, সেয়ে ভয়ত থাকিবলৈ লৈছিল। লাহে লাহে শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল। শিশুটিৰ স্বাস্থ্যৰ এনে অৱস্থা দেখি ককাকে ১৫ আগষ্টত বদলাপুৰৰ এখন চিকিৎসালয়ত চিকিৎসা পৰীক্ষা কৰায়। তাৰ পাছতে সেই মেডিকেল ৰিপৰ্টত শিশুটিক যৌন নিৰ্যাতন চলোৱা বুলি প্ৰকাশ পায়।
আৰক্ষীৰ বিৰুদ্ধে অভিযোগ
এই ঘটনা সন্দৰ্ভত শিশুটিৰ পৰিয়ালৰলোকে ১৬ আগষ্টত এজাহাৰ দাখিল কৰে। অভিযোগ অনুসৰি গোচৰ ৰুজু কৰিবলৈ আৰক্ষীয়ে প্ৰায় ৮ ঘন্টা সময় লয়। এই অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে কয় যে, কাৰিকৰী বিজুতিৰ বাবে গোচৰ ৰুজু কৰাত সময় লাগিছিল। ইয়াৰোপৰি শিশুটিৰ ভাষ্য লোৱাতো কিছু সমস্যা হৈছিল। ইয়াৰ পাছতে ১৭ আগষ্টত আৰক্ষীয়ে অজয় সিন্দেক গ্ৰেপ্তাৰ কৰে। অজয়ক আদালতত হাজিৰ কৰাই আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছে।
আজি বদলাপুৰলৈ যোৱাৰ সম্ভাৱণা আছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে। তেওঁ পিড়ীতাৰ পৰিয়ালৰ লগতে আৰক্ষীৰ লগতো আলোচনাত মিলিত হ’ব পাৰে। ইতিমধ্যে এই ঘটনাৰ তদন্তৰ বাবে এছ আই টি গঠন কৰা হৈছে। ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ গৃহমন্ত্ৰী দেৱেন্দ্ৰ ফানডাবিছে কয় যে, এই ঘটনা দুৰ্ভাগ্যজনক।চৰকাৰে গোচৰটো ফাষ্ট ট্ৰেক আদালতলৈ নিয়াৰ চেষ্টা চলোৱা হৈছে যাতে ভুক্তভোগীৰ পৰিয়ালে অতি সোনকালে ন্যায় লাভ কৰিব পাৰে । ইয়াৰোপৰি থানাত অভিযোগ উত্থাপন হোৱাৰ পিছত গোচৰ পঞ্জীয়ন নকৰাৰ বাবে আৰক্ষী পৰিদৰ্শকক বদলি কৰা হৈছিল। ঘটনা সংঘটিত হোৱা প্ৰতিষ্ঠানৰ পৰিচালকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ কয়।