কইনী এজনী পিছে দৰা দুজন! জানক কইনাই কেনেকৈ বিচাৰিলে জীৱনসংগী

এগৰাকী ছোৱালীৰ নিজৰ বিবাহকলৈ বহু সপোন থাকে। গোটেই জীৱন সুখেৰে পাৰ কৰিবলৈ এনেকুৱা এজন সংগী বিচাৰে যিয়ে প্ৰতিটো সময়ত ওচৰত থাকি সাহস দিয়ে। কিন্তু জীৱনসংগী বিচাৰি ৰঙাঘৰৰ আলহী হ'ল কইনা!

কইনী এজনী পিছে দৰা দুজন! জানক কইনাই কেনেকৈ বিচাৰিলে জীৱনসংগী

কইনী এজনী পিছে দৰা দুজন!

Published: 

04 Dec 2024 17:26 PM

মধ্যপ্ৰদেশৰ বালাঘাটৰ পৰা পোহৰলৈ আহিছে এক অদ্ভুত গোচৰ। থানাত দুজন স্বামীয়ে এগৰাকী পত্নীৰ বাবে নিজৰ মাজতে কাজিয়া কৰিছে। সামাজিক মাধ্যমত চৰ্চা চলিচে ‘এক ফুল দো মালী’ । দুয়োজনে একেগৰাকী কইনাকে ঘৰলৈ লৈ যাব বিচাৰিছিল। দুয়োজন যুৱকৰ দাবী ছোৱালীগৰাকী তেওঁলোকৰ পত্নী। বিষয়টোৰ সত্যতা পোহৰলৈ অহাত আৰক্ষীও আচৰিত হৈ পৰিল। দুমাহৰ ভিতৰতে কইনাজনীয়ে দুবাৰকৈ বিয়া পাতিছিল। কিন্তু কিহৰ বাবে লৈছিল এনে সিদ্ধান্ত আপুনিও জানি হ’ব আচৰিত!

আৰক্ষীৰ জেৰাত ছোৱালীজনীয়ে কয় যে, তেওঁ প্ৰথমে যুৱকজনৰ সৈতে আইনীভাবে বিবাহ হৈছিল। দুমাহৰ পাছত ছোৱালীজনী আন এজন যুৱকৰ সৈতেও আইনীভাবে বিবাহ হৈছিল। এই ঘটনা পোহৰলৈ আহিছিল যেতিয়া স্বামীয়ে প্ৰথমবাৰৰ বাবে পত্নীৰ নিৰুদ্দেশৰ অভিযোগ থানাত দাখিল কৰিছিল। আৰক্ষীয়ে যেতিয়া কইনাক বিচাৰিবলৈ আৰম্ভ কৰে তেতিয়াই গম পালে যে মহিলাগৰাকীয়ে পুনৰ বিয়া হৈছে।

কইনাজনীয়ে কাক সংগী হিচাপে বাছি লৈছিল?

মহিলাগৰাকীৰ দুয়োজন স্বামীয়ে থানাত উপস্থিত হয়। পত্নীৰ বাবে দুয়োৰে মাজত থানাত বিতৰ্ক আৰম্ভ হয়,দুয়োজনৰে এটাই উদ্দেশ্য পত্নীক ঘৰলৈ লৈ যাব। এই কাজিয়াৰ মাজতে মহিলাগৰাকীয়ে কয় যে, তেওঁ দ্বিতীয় স্বামীৰ সৈতে থাকিব বিচাৰে। অতি সোনকালে পুৰণি স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিব।

আঠ বছৰীয়া সম্পৰ্ক

প্ৰথমে স্বামীয়ে আৰক্ষীক জনাইছিল যে, মহিলাগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্ক আঠ বছৰ পুৰণি। মাত্ৰ দুমাহ আগতে তেওঁৰ বিয়া হৈছিল। এসপ্তাহ আগতে পত্নীয়ে মাক অসুস্থ বুলি কৈ গুচি গৈছিল। ইয়াৰ পিছত তেওঁ কেতিয়াও ঘূৰি নাহিল। এতিয়া এই গোচৰত আৰক্ষীয়ে কয় যে, যদি প্ৰথম স্বামীয়ে পত্নীৰ বিৰুদ্ধে অভিযোগ কৰে তেন্তে মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হ’ব। বৰ্তমান বিষয়টোৰ তদন্ত চলি আছে।

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...