বাংলাদেশৰ পৰা অবৈধ প্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰক আহ্বান নেছ’ৰ... | Bangladesh Political Crisis : North East Students Organisation Urges PM to prevent illegal entries from Bangladesh Assam news - Assam Tv9

বাংলাদেশৰ পৰা অবৈধ প্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰক আহ্বান উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ

Published: 

07 Aug 2024 18:28 PM

নেছ’ই আশংকা কৰিছে যে, চুবুৰীয়া দেশখনৰ ৰাজনৈতিক অস্থিৰতাই ভাৰতলৈ বিশেষকৈ উত্তৰ-পূব অঞ্চলত বাংলাদেশৰ নাগৰিকৰ প্ৰব্ৰজন ঘটাব পাৰে । কিয়নো এই ধৰণৰ পৰিস্থিতি অব্যাহত থাকিলে বহু লোকে আশ্ৰয়ৰ বাবে ভাৰতলৈ আহিবলৈ বিচাৰিব । সীমান্তৰে আহিলে প্ৰথমে তেওঁলোকে উত্তৰ-পূব অ়ঞ্চলতে প্ৰৱেশ কৰিব । গতিকে উত্তৰ-পূব অঞ্চলত কোনো বাংলাদেশী নাগৰিকক আশ্ৰয় বা পুনৰ্বাসন প্ৰদান নকৰিবলৈ দাবী জনাইছে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে(NESO)।

বাংলাদেশৰ পৰা অবৈধ প্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰক আহ্বান উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ
Follow Us On

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে উত্তৰ-পূব ভাৰতত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ সম্ভাৱনাই গা কৰি উঠিছে । আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, চুবুৰীয়া বাংলাদেশত এই ধৰণৰ অস্থিৰতা যদি অব্যাহত থাকে, তেন্তে ভাৰতলৈ বাংলাদেশৰ নাগিৰকৰ অনুপ্ৰৱেশ ঘটাৰ সম্ভাৱনা আছে । ইয়াৰ বাবে সীমা সুৰক্ষা নিশ্চিত কৰাটো অতি প্ৰয়োজন । ইয়াৰ সমান্তৰালভাৱে সমগ্ৰ উত্তৰ-পূব অঞ্চলত কোনো বাংলাদেশী নাগৰিকক আশ্ৰয় বা পুনৰ্বাসন প্ৰদান নকৰিবলৈ দাবী জনাইছে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে(NESO)।

ইয়াৰ লগতে নেছ’ই উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ মাজৰ সীমান্তত অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ বাবে কঠোৰ আৰু পুংখানুপুংখ নিৰীক্ষণ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । এক বিবৃতি প্ৰকাশ কৰি উত্তৰ-পূবৰ ছাত্ৰ সংগঠনটোৱে কয় যে,অঞ্চলটোলৈ অনুপ্ৰৱেশকাৰীৰ অবিৰত প্ৰবাহে ভাৰতৰ খিলঞ্জীয়াৰ মাজত নিৰাপত্তাহীনতা, আন্দোলন, হিংসা আৰু সংঘৰ্ষৰ সৃষ্টি কৰিছিল। গতিকে বাংলাদেশৰ পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহত যাতে কোনো লোকৰ অবৈধ প্ৰবেশ নহয়, তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰি পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উত্তৰ-পূবৰ ছাত্ৰ সংগঠনটোৱে ।

নেছ’ই আশংকা কৰিছে যে, চুবুৰীয়া দেশখনৰ ৰাজনৈতিক অস্থিৰতাই ভাৰতলৈ বিশেষকৈ উত্তৰ-পূব অঞ্চলত বাংলাদেশৰ নাগৰিকৰ প্ৰব্ৰজন ঘটাব পাৰে । কিয়নো এই ধৰণৰ পৰিস্থিতি অব্যাহত থাকিলে বহু লোকে আশ্ৰয়ৰ বাবে ভাৰতলৈ আহিবলৈ বিচাৰিব । সীমান্তৰে আহিলে প্ৰথমে তেওঁলোকে উত্তৰ-পূব অ়ঞ্চলতে প্ৰৱেশ কৰিব । গতিকে উত্তৰ-পূব অঞ্চলত কোনো বাংলাদেশী নাগৰিকক আশ্ৰয় বা পুনৰ্বাসন প্ৰদান নকৰিবলৈ দাবী জনাইছে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে(NESO)।

লগতে পঢ়কঃ পুনৰ উত্তৰ-পূৰ্বৰ বিদ্ৰোহীয়ে আশ্ৰয় ল’ব পাৰে বাংলাদেশত ! চুবুৰীয়া দেশখনৰ ৰাজনৈতি অস্থিৰতাক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী শৰ্মাৰ

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version