বাংলাদেশত আবদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰী ! কি ক'লে বৈদেশিক মন্ত্ৰালয়ে ? | Bangladesh Quota Protests: Ministry of External Affairs Says Over 4000 Indian Students Still Stuck In Bangladesh Assam news - Assam Tv9

বাংলাদেশত আবদ্ধ ভাৰতৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী ! বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ল’লে ডাঙৰ পদক্ষেপ

Bangladesh Quota Protests: প্ৰকাশিত খবৰ অনুসৰি, এই ছাত্ৰ আন্দোলনটোত এতিয়ালৈকে ১১৫ জন লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে । এনে এক অনিশ্চয়তাৰ মাজৰ পৰা বাংলাদেশত পঢ়ি থকা বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰ সকল নিজ ঘৰলৈ উভতি আহিবলৈ বাধ্য হৈছে । ইতিমধ্যে বাংলাদেশৰ পৰা প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰী ভাৰতলৈ উভতি আহিছে। মনকৰিবলগীয়া যে, এতিয়াও ভাৰতৰ ৪ হাজাৰ ছাত্ৰ-ছাত্ৰী বাংলাদেশত আবদ্ধ হৈ আছে ।

বাংলাদেশত আবদ্ধ ভাৰতৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী ! বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ললে ডাঙৰ পদক্ষেপ

বাংলাদেশৰ পৰা উভতি আহিছে ভাৰতীয় ছাত্ৰ-ছাত্ৰী

Published: 

21 Jul 2024 06:48 AM

দিনক দিনে বাংলাদেশৰ পৰিস্থিতি এই ভয়াৱহ হৈ পৰিছে । দেশখনত জাৰি কৰা হৈছে কাৰ্ফিউ, বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা । এনে পৰিস্থিতি বিশ্ব অন্য প্ৰান্তৰ লগত দেশখনৰ জন সাধাৰণৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বুলিয়ে ক’ব লাগিব । বৰ্তমান বাংলাদেশৰ সংৰক্ষণ বিৰোধী ছাত্ৰ আন্দোলন এতিয়া গণ আন্দোলনলৈ পৰিণত হৈছে । সাধাৰণ লোকে এতিয়া এই ছাত্ৰ আন্দোলনটোত যোগ দিয়াৰো খবৰ প্ৰকাশ পাইছে ।

প্ৰকাশিত খবৰ অনুসৰি, এই ছাত্ৰ আন্দোলনটোত এতিয়ালৈকে ১১৫ জন লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে । এনে এক অনিশ্চয়তাৰ মাজৰ পৰা বাংলাদেশত পঢ়ি থকা বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰ সকল নিজ ঘৰলৈ উভতি আহিবলৈ বাধ্য হৈছে । ইতিমধ্যে বাংলাদেশৰ পৰা প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰী ভাৰতলৈ উভতি আহিছে। মনকৰিবলগীয়া যে, এতিয়াও ভাৰতৰ ৪ হাজাৰ ছাত্ৰ-ছাত্ৰী বাংলাদেশত আবদ্ধ হৈ আছে ।

লগতে পঢ়ক: বাংলাদেশত আৱদ্ধ হাজাৰ হাজাৰ কাশ্মীৰী ছাত্ৰ-ছাত্ৰী ! নিৰাপদে উদ্ধাৰ কৰিবলৈ বৈদেশিক মন্ত্ৰীক কাতৰ আহ্বান পৰিয়ালৰ

বাংলাদেশৰ এই অশান্তিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ‘আভ্যন্তৰীণ বিষয়’ বুলি অভিহিত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বাংলাদেশৰ পৰা স্থলপথেৰে দেশলৈ উভতি আহিছে ৭৭৮ গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰী। ঢাকা আৰু চট্টগং বিমানবন্দৰৰ পৰা প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰী ভাৰতলৈ উভতি আহিছিল। ১৩ গৰাকী নেপালী ছাত্ৰ-ছাত্ৰীকো ভাৰতত সাময়িকভাৱে ভাৰতত আশ্ৰয় দিয়া হৈছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে, “ঢাকাত ভাৰতীয় হাই কমিছন আৰু সহকাৰী হাই কমিছনৰ সৈতে যোগাযোগত আছে । বাংলাদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ৪০০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ পৰিছে। তেওঁলোকৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰখা হৈছে। সকলো সহায়ৰ ব্যৱস্থা কৰা হৈছে।” ইয়াৰ লগতে যিমান পাৰি ভ্ৰমণ পৰিহাৰ কৰি ঘৰতে থাকিবলৈ বাংলাদেশত থকা ভাৰতীয়সকলৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পৰামৰ্শ দিছে ।

লগতে পঢ়ক: অগ্নিগৰ্ভা বাংলাদেশ এৰি ভাৰতলৈ উভতিল ৩০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?