ভাৰতীয় ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি দেশ এৰাৰ চেষ্টা বাংলাদেশীৰ ! | Bangladeshi Man Caught in Lucknow Airport while trying to Flee to Thailand using Fake Indian Passport & Aadhaar Card Assam news - Assam Tv9

ভাৰতীয় ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি দেশ এৰাৰ চেষ্টা বাংলাদেশীৰ ! লক্ষ্ণৌ বিমানবন্দৰত গ্ৰেপ্তাৰ এজনক…

Published: 

11 Aug 2024 12:02 PM

প্ৰকাশিত খবৰ অনুসৰি, লক্ষ্ণৌ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় পলায়ন কৰা এই বাংলাদেশী লোকজনক । জানিব পৰা মতে, ব্যক্তিজনে লক্ষ্ণৌ বিমানবন্দৰৰ পৰা থাইলেণ্ডলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল । তেওঁৰ পৰা উদ্ধাৰ হৈছে এখন ভুৱা আধাৰ কাৰ্ড। জানিব পৰা মতে, লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং বিমানবন্দৰৰ পৰা এজন ব্যক্তিক আটক কৰে ইমিগ্ৰেশন বিষয়াই।

ভাৰতীয় ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি দেশ এৰাৰ চেষ্টা বাংলাদেশীৰ ! লক্ষ্ণৌ বিমানবন্দৰত গ্ৰেপ্তাৰ এজনক...

প্ৰতীকী ফটো

Follow Us On

এতিয়াও অস্থিৰ হৈ আছে বাংলাদেশ । অন্তৱৰ্তীকালীন চৰকাৰে দেশখনৰ দায়িত্ব লৈছে যদিও এতিয়া স্বাভাৱিক পৰিৱেশ ঘূৰি অহা নাই । এই অস্থিৰ পৰিস্থিতিত বহুতে বাংলাদেশ এৰি যাবলৈ চেষ্টা কৰিছে । এনে পৰিপ্ৰেক্ষিতত চুবুৰীয়া ভাৰতত বাংলাদেশীৰ অনুপ্ৰৱেশৰ সম্ভাৱনাক লৈ উদ্বেগ বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ মাজতে শেহতীয়াকৈ অস্থিৰ বাংলাদেশ পৰি পালয়ন কৰা এগৰাকী বাংলাদেশীক আটক কৰা হৈছে ভাৰতত ।

প্ৰকাশিত খবৰ অনুসৰি, লক্ষ্ণৌ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় পলায়ন কৰা এই বাংলাদেশী লোকজনক । জানিব পৰা মতে, ব্যক্তিজনে লক্ষ্ণৌ বিমানবন্দৰৰ পৰা থাইলেণ্ডলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল । তেওঁৰ পৰা উদ্ধাৰ হৈছে এখন ভুৱা আধাৰ কাৰ্ড। জানিব পৰা মতে, লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং বিমানবন্দৰৰ পৰা এজন ব্যক্তিক আটক কৰে ইমিগ্ৰেশন বিষয়াই।

প্ৰকাশিত খবৰ অনুসৰি, আশীষ ৰায় নামৰ এজন লোকে লক্ষ্ণৌৰ পৰা বেংকক অভিমুখী বিমানৰ বাবে ৰাওনা হৈছিল । সেই সময়তে তেওঁ আধাৰ কাৰ্ড পৰীক্ষা কৰা হয় । সেই ব্যক্তিজনৰ আধাৰ কাৰ্ড পৰীক্ষা কৰাৰ পাছতই সন্দেহ হৈছিল ইমিগ্ৰেচন বিষয়াগৰাকীৰ। ইয়াৰ পাছত ব্যক্তিজনক সোধা-পোছাৰ বাবে আঁতৰাই নিয়া হয় ।

ইমিগ্ৰেচনৰ বিষয়াসকলে কয় যে, লোকজনৰ কথা-বতৰাবোৰ আৰম্ভণিৰে পৰা অসামঞ্জস্যপূৰ্ণ আছিল। সেইবাবেই অধিক সন্দেহ কৰা গৈছিল। অভিযুক্তৰ আধাৰ কাৰ্ডত উল্লেখ কৰা ঘৰৰ ঠিকনা হ’ল হুগলী জিলাৰ চিংগুৰৰ ৰথতলাত। কিন্তু তথ্য পৰীক্ষা কৰিলে তেনে কোনো ঠিকনা নাই!

জেৰাৰ অন্তত ব্যক্তিজনে কয় যে, তেওঁৰ প্ৰকৃত নাম শিমুল বৰুৱা। তেওঁ এজন বাংলাদেশী নাগৰিক। তেওঁৰ ঘৰ চট্টগাঁৱৰ সাতকনিয়াত। বাংলাদেশৰ অশান্তিৰ পাছত নাম সলনি কৰি ভুৱা নথি-পত্ৰ আৰু ধন ব্যৱহাৰ কৰি ভাৰতত প্ৰৱেশ কৰে । ইয়াৰ লগতে তেওঁ পশ্চিম বংগৰ ঠিকনা থকা ভুৱা আধাৰ কাৰ্ড আৰু পাছপ’ৰ্ট ব্যৱহাৰ কৰি বেংকক যাবৰ বাবে লক্ষ্ণৌৰ বিমানবন্দৰত উপস্থিত হয় । ইফালে থাইলেণ্ড ভ্ৰমণৰ বাবে তেওঁৰ যি টুৰিষ্ট ভিছা আছিল সেয়াও ভুৱা বুলি জনা গৈছে । ধৃত লোকজনৰ পৰা বাংলাদেশৰ এখন পাছপ’ৰ্টও উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version