শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিজয় দাসলৈ নাম সলনি কৰিছিল অভিযুক্তই, ছৈফ আলী খানক আক্ৰমণ কৰা অভিযুক্ত বাংলাদেশী নাগৰিক: মুম্বাই আৰক্ষী

দেওবাৰে মুম্বাই আৰক্ষীয়ে জনোৱা মতে, বলিউডৰ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আঘাত কৰাৰ অপৰাধত এজন ৩০ বছৰীয়া বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। পাঁচ মাহ ধৰি মুম্বাইত ক্ষুদ্ৰ ক্ষুদ্ৰ কামত নিয়োজিত আছিল অভিযুক্ত গৰাকী ।

বিজয় দাসলৈ নাম সলনি কৰিছিল অভিযুক্তই,  ছৈফ আলী খানক আক্ৰমণ কৰা অভিযুক্ত বাংলাদেশী নাগৰিক: মুম্বাই আৰক্ষী
ছৈফ আলী খানক আক্ৰমণ কৰা অভিযুক্ত বাংলাদেশী নাগৰিকক
manas-borah
Manas Borah | Updated On: 19 Jan 2025 11:03 AM

ছৈফ আলী খানক ছুৰীৰে আঘাত কৰা ৩০ বছৰীয়া অভিযুক্ত আছিল এগৰাকী বাংলাদেশী নাগৰিক । এই কথা সদৰী কৰিছে মুম্বাই আৰক্ষীয়ে । দেওবাৰে মুম্বাই আৰক্ষীয়ে জনোৱা মতে, বলিউডৰ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আঘাত কৰাৰ অপৰাধত এজন ৩০ বছৰীয়া বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। পাঁচ মাহ ধৰি মুম্বাইত ক্ষুদ্ৰ ক্ষুদ্ৰ কামত নিয়োজিত আছিল অভিযুক্ত গৰাকী । এই গৰাকী অভিযুক্তই বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে মুম্বাই আৰক্ষীয়ে ।

আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সাংবাদিকৰ আগত কয় যে, প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে লোকজনে বলীউডৰ তাৰকা ছৈফ আলী খানৰ ঘৰত অজ্ঞাতে প্ৰৱেশ কৰিছিল । লগতে চুৰি কৰাৰ উদ্দেশ্যেৰে অভিযুক্তই বলিউডৰ তাৰকা গৰাকীৰ ঘৰত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে । তেওঁ কয় যে, থানে জিলাৰ সমীপৰ ঘোডবন্দৰ পথৰ হিৰণানন্দনী বাগিচাৰ পৰা আক্ৰমণকাৰীক আটক কৰা হৈছে।

বিষয়াগৰাকীয়ে কয় যে, অভিযুক্তই ভাৰতত প্ৰৱেশ কৰি নাম সলনি কৰি লৈছিল । অভিযুক্তৰ পূৰ্বৰ নাম আছিল শ্বৰীফুল ইছলাম শ্বেহজাদ মহম্মদ ৰোহিল্লা আমিন ফকিৰ । এই নাম সলনি কৰি অভিযুক্তই বিজয় দাস কৰি লৈছিল। বাংলাদেশৰ ঝালোকাটিৰ পৰা অহা অভিযুক্তই পাঁচ মাহতকৈ অধিক সময় ধৰি মুম্বাইত ক্ষুদ্ৰ ক্ষুদ্ৰ কাম কৰি বাস কৰি আহিছিল বুলি আৰক্ষীয়ে সূত্ৰটোৱে জানিবলৈ দিছে ।

ইতিমধ্যে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । অভিযুক্তই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ ব্যৱহাৰ কৰা নথি-পত্ৰ সংগ্ৰহৰ চেষ্টাও চলাইছে আৰক্ষীয়ে।

যোৱা বুধবাৰে মাজনিশা ছৈফ আলী খানৰ বাসগৃহত প্ৰৱেশ কৰি আক্ৰমণ কৰে অভিযুক্তই । ইয়াৰ পাছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছৈফ আলী খানক লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয়। ৫ ঘণ্টা ধৰি চলিছিল ছৈফ আলী খানৰ অস্ত্ৰোপচাৰ। চিকিৎসকে জনোৱা মতে, ছৈফ দ্ৰুতগতিত সুস্থ হৈ উঠিছে। তেওঁক আই চি ইউৰ পৰা জেনেৰেল বেডলৈ স্থানান্তৰ কৰা হৈছে।

Latest News