ভুৱা পৰিচয় পত্ৰৰে ভাৰতত টিঘিলঘিলাই ফুৰিছে বাংলাদেশীয়ে ! অনুপ্ৰৱেশকাৰীক সহায় কৰি আহিছে নেকি অবৈধ চক্ৰই ?

বাংলাদেশী অনুপ্ৰৱেশকাৰী বিষয়টোৱে দেশৰ লগতে উত্তৰ-পূব ভাৰতত বিশেষ চৰ্চা লাভ কৰাৰ সময়তে কলকাতাৰ পৰা এজন অবৈধ বাংলাদেশীক নাগৰিকক আটক কৰাৰ খবৰ লাভ কৰা গৈছে । এই বাংলাদেশী নাগৰিকজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ লগতে ভুৱা পৰিচয় পত্ৰ ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে ।

ভুৱা পৰিচয় পত্ৰৰে ভাৰতত টিঘিলঘিলাই ফুৰিছে বাংলাদেশীয়ে ! অনুপ্ৰৱেশকাৰীক সহায় কৰি আহিছে নেকি অবৈধ চক্ৰই ?

অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান

Updated On: 

28 Dec 2024 13:24 PM

বাংলাদেশী অনুপ্ৰৱেশকাৰীক ভুৱা প্ৰমাণ পত্ৰ যোগান ধৰাৰ ক্ষেত্ৰত ডাঙৰ দালাল চক্ৰ জড়িত আছে নেকি ? বাংলাদেশৰ নাগৰিকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি কেনেদৰে, ক’ৰ পৰা পায় ভুৱা পৰিচয় পত্ৰ ? এইদৰে অনুপ্ৰৱেশকাৰীক ভুৱা পৰিচয় পত্ৰ যোগানৰ জৰিয়তে দেশত আন ক’লা বেহা গঢ়লৈ উঠিছে নেকি ? অনুপ্ৰৱেশকাৰী বিষয়টোক লৈ সমগ্ৰ দেশত এইধৰণৰ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে ।

বাংলাদেশী অনুপ্ৰৱেশকাৰী বিষয়টোৱে দেশৰ লগতে উত্তৰ-পূব ভাৰতত বিশেষ চৰ্চা লাভ কৰাৰ সময়তে কলকাতাৰ পৰা এজন অবৈধ বাংলাদেশীক নাগৰিকক আটক কৰাৰ খবৰ লাভ কৰা গৈছে । এই বাংলাদেশী নাগৰিকজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ লগতে ভুৱা পৰিচয় পত্ৰ ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে । পিটিআইৰ প্ৰতিবেদন অনুসৰি, এই বাংলাদেশী নাগৰিকজন বাংলাদেশৰ নাৰাইল অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

সূত্ৰৰ প্ৰতিবেদন অনুসৰি, এই নাগৰিকজনক বৃহস্পতিবাৰে কলিন্স লেনৰ পৰা আটক কৰা হয়। জানিব পৰা মতে, এই সন্দেহযুক্ত বাংলাদেশী নাগৰিকজনে ২০২৩ চনৰ পৰা কলকাতাৰ খিদ্দেৰপুৰ অঞ্চলত ভাড়াঘৰত বাস কৰিছিল। এজন আৰক্ষী বিষয়াই জনোৱা মতে, এই বাংলাদেশী নাগৰিকজনে উত্তৰ ২৪ পৰগনা ঠিকনা আৰু পেন কাৰ্ড লিংক থকা এখন ভুৱা আধাৰ কাৰ্ড ক্ৰয় কৰিছিল।

একেদৰে শেহতীয়াকৈ পাৰ্ক ষ্ট্ৰীটৰ সমীপৰ মাৰ্কিছ ষ্ট্ৰীট অঞ্চলৰ পৰা আন এজন বাংলাদেশী নাগৰিকক ভুৱা নথি-পত্ৰ লৈ বছৰ বছৰ ধৰি কলকাতাত বাস কৰি অহা অপৰাধত আটক কৰাৰ খবৰ লাভ কৰা গৈছে । আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছ যে, এই ভুৱা নথি-পত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত এক ডাঙৰ অবৈধ চক্ৰ জড়িত আছে । ইতিমধ্যে আৰক্ষীয়ে চক্ৰটোৰ সন্ধান উলিয়াবলৈ তদন্ত আৰম্ভ কৰাৰ লগতে আটক কৰা নাগৰিক কেইজনকো জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

ইফালে যোৱা শুকুৰবাৰে নিশা মহাৰাষ্ট্ৰ এণ্টি টেৰৰিজম স্কোয়াডে অভিযান চলাই মহিলা সহ ১৩ গৰাকী বাংলাদেশী নাগৰিকক আটক কৰে । অবৈধভাৱে এই বাংলাদেশী নাগৰিক কেইজনে ভাৰতত প্ৰৱেশ কৰিছিল আৰু ভাৰতত প্ৰৱেশ কৰাৰ পাছতে তেওঁলোকে ভুৱা পৰিচয় পত্ৰ ব্যৱহাৰ কৰিছিল । সূত্ৰৰ অনুসৰি, যোৱা ২৪ ঘন্টাত নৱী মুম্বাই, থানে আৰু সোলাপুৰত চলোৱা বিশেষ অভিযানত সন্দেহযুক্ত বাংলাদেশী নাগৰিক কেইজনক আটক কৰা হৈছে । আটক কৰা লোক কেইজনৰ বিৰুদ্ধে বিদেশী আইন আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত তিনিটা গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে উল্লেখ কৰিছে যে,এই বাংলাদেশী নাগৰিকসকলে জাল নথি-পত্ৰ ব্যৱহাৰ কৰি আধাৰ কাৰ্ডৰ দৰে ভাৰতীয় নথি-পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল। একেদৰে শুকুৰবাৰে নিশা মহাৰাষ্ট্ৰৰ এ টি এছ আৰু আৰক্ষীৰ যৌথ দলে জালনা জিলাৰ পৰা তিনিজন বাংলাদেশী নাগৰিকক আটক কৰে। এই নাগৰিক কেইজনে এটা কোম্পানীত কাম কৰিছিল । সূত্ৰৰ অনুসৰি,প্ৰাথমিক তদন্তত দেখা যায় যে এই নাগৰিক কেইজনে ভাৰতত অবৈধভাৱে কাম কৰিবলৈ ত্ৰিপুৰাৰ ভুৱা পৰিচয় পত্ৰ ব্য়ৱহাৰ কৰিছিল। বিগত দুবছৰ ধৰি তেওঁলোক অবৈধভাৱে ভাৰতত বাস কৰি আহিছিল বুলি জানিব পৰা গৈছে ।

ইফালে, ভাৰতত বাংলাদেশৰ নাগৰিকৰ অবৈধ প্ৰৱেশৰ সৈতে জড়িত ১১ জনীয়া এটা দালাল চক্ৰক মঙলবাৰে আটক কৰিবলৈ সক্ষম হৈছিল দিল্লী আৰক্ষীয়ে । অভিযোগ উঠিছিল যে, এই চক্ৰটোৱে বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশত বিভিন্ন ধৰণে সহায় কৰি আহিছিল । জানিব পৰা মতে, আটক কৰা এই লোক কেইজনৰ ভিতৰত ৫ জন বাংলাদেশী নাগৰিক আছিল ।

অভিযুক্তই ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি বাংলাদেশী নাগৰিকক জংঘল পথ আৰু এক্সপ্ৰেছ ৰে’লৰ জৰিয়তে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিবলৈ সুবিধা প্ৰদান কৰিছিল । এই চক্ৰটোৱে অনুপ্ৰৱেশৰ বাবে ভুৱা আধাৰ, ভোটাৰ আইডি কাৰ্ড আৰু ভুৱা ৱেবছাইটৰ জৰিয়তে সৃষ্টি কৰা অন্যান্য নথি-পত্ৰ ব্যৱহাৰ কৰিছিল অভিযোগ উত্থাপন হৈছে  ।

লগতে পঢ়ক : বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশত সহায় কৰা ১১ দালালক আটক…

লগতে পঢ়ক : আৰ্থিক সংকটত বাংলাদেশ, প্ৰত্যেক দিনে বৃদ্ধি পাবলৈ ধৰিছে অনুপ্ৰৱেশ : হিমন্ত বিশ্ব শৰ্মা

শীতকালত ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! কৰক এই কাম...
বলীউডৰ আটাইতকৈ ধনী অভিনেতাগৰাকী কোন? কিমান সম্পত্তি আছে শ্বাহৰুখ খান, আল্লু অৰ্জুনৰ?
iPhone 16 Pro ত গ্ৰাহকে লাভ কৰিছে আকৰ্ষণীয় ৰেহাই, সবিশেষ জানক...
একেদিনাই অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা নীতিশ কুমাৰ ৰেড্ডীৰ দৰমহা কিমান জানেনে ?