5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এফালে সমৰ্থন, আনফালে বিজেপিক ৰাম টাঙোন নীতিশ কুমাৰ দলৰ

বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াটোও নতুন চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ’ব। ২০০৫ চনৰ পৰাই জেডিইউয়ে এই দাবী কৰি আহিছে। নীতিশ কুমাৰৰ দলে পুনৰবাৰ এই দাবী উত্থাপন কৰিছে।

এফালে সমৰ্থন, আনফালে বিজেপিক ৰাম টাঙোন নীতিশ কুমাৰ দলৰ
মোদী, নীতিশ কুমাৰ
barasha-sarma
Barasha Sarma | Updated On: 06 Jun 2024 16:16 PM

লোকসভা নিৰ্বাচন-২০২৪ৰ ফলাফল ঘোষণাৰ পিছতে সিদ্ধান্ত হৈছে যে পুনৰ কেন্দ্ৰত অধিষ্ঠিত হ’ব মোদী চৰকাৰ। ২০১৪ আৰু ২০১৯ চনৰ তুলনাত এইবাৰ লোকসভা নিৰ্বাচনত দুৰ্বল হৈ পৰা  বিজেপিয়ে নীতিশ কুমাৰৰ দল জেডিইউ আৰু টিডিপিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। এই দুটা দলৰ সমৰ্থন যদিও বিজেপিয়ে লাভ কৰিছে তথাপিও কিন্তু তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব। ইতিমধ্যে সমস্যা প্ৰায় বৃদ্ধি হৈছেয়ে মোদী চৰকাৰৰ।

বিশেষ ৰাজ্যৰ মৰ্যাদা, অগ্নিবীৰ যোজনাৰ আদিৰ দৰে বিষয়ত চৰকাৰৰ উত্তেজনা বৃদ্ধি কৰিছে জেডিইউয়ে। অগ্নিবীৰ আঁচনি সন্দৰ্ভত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰিছে জেডিইউৰ জ্যেষ্ঠ নেতা কেচি ত্যাগীয়ে। তেওঁ কয় যে, জনসাধাৰণে প্ৰকাশ কৰা মতানৈক্যৰ কথা বিবেচনা কৰা উচিত। লগতে তেওঁ কয় যে বিহাৰে বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰিব লাগে। আনহাতে অগ্নিবীৰ আঁচনিও মোদী চৰকাৰৰ বাবে এক ডাঙৰ সমস্যা হিচাপে চিহ্নিত হ’ব। কিয়নো নিৰ্বাচনী প্ৰচাৰৰ সময়ত ইণ্ডিয়া মিত্ৰজোঁটে কৈছিল যে তেওঁলোকৰ চৰকাৰ হল অগ্নিবীৰ আঁচনি বাতিল কৰিব। এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল কংগ্ৰেছ  নেতা ৰাহুল গান্ধীয়ে।

 

বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যদা

বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াটোও নতুন চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ’ব। ২০০৫ চনৰ পৰাই জেডিইউয়ে এই দাবী কৰি আহিছে। নীতিশ কুমাৰৰ দলে পুনৰবাৰ এই দাবী উত্থাপন কৰিছে। জেডিইউৰ সাংসদ আলোক কুমাৰে কয় যে এইটো আমাৰ প্ৰধান দাবী। নহ’লে বিহাৰৰ উন্নিত সম্ভৱ নহয়। অৱশ্যে এটা কথা উল্লেখ কৰিব লাগিব যে, চতুৰ্দশ বিত্ত আয়োগে ৰাজ্যসমূহৰ বাবে বিশেষ শ্ৰেণীৰ মৰ্যাদাৰ ধাৰণা আঁতৰাই পেলাইছিল।

বিহাৰে বিশেষ ৰাজ্যৰ মৰ্যাদাৰ দাবী নতুন নহয়। ২০০৫ চনত নীতিশ কুমাৰে প্ৰথমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সময়ত এই কথা উত্থাপন কৰিছিল। যোৱা বছৰৰ নৱেম্বৰ মাহতো তেওঁ এই দাবী উত্থাপন কৰিছিল। এতিয়ালৈকে ১১খন ৰাজ্যক বিশেষ মৰ্যাদা দিয়া হৈছে। ইয়াৰ ভিতৰত আছে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, হিমাচল প্ৰদেশ, তেলেংগানা আদি ।

আনহাতে, কেন্দ্ৰত বিজেপিৰ অংশীদাৰিত্ব সন্দৰ্ভতো জেডিইউৰ উত্তেজনা বৃদ্ধি কৰিব পাৰে। সূত্ৰ অনুসৰি জেডিইউয়ে ৩জন কেবিনেট মন্ত্ৰীৰ দাবী কৰিছে। ইয়াৰ ভিতৰত নাম আছে  লালন সিং , দিলেশ্বৰ কামত আৰু সুনীল কুমাৰ কুশৱাহা । গতিকে চৰকাৰ গঠন কিছু কঠিন হ’ব বিজেপিৰ বাবে। কিয়নো নীতিশ আৰু চন্দ্ৰবাবু নায়ডুয়ে বিজেপিৰ শেষ ভৰষা।

Latest News